Logo
image

ছাত্ৰ-ছাত্ৰী, অভিভাৱকক ‘ব্লেকমেইল’ প্ৰাইভেট স্কুলৰ

প্ৰভিজনেল এডমিছনৰ নামত ৰমৰমীয়া ব্যৱসায়

আমাৰ অসম, ২৭ মেঃ দ্বিতীয়বাৰলৈ গঠন হোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই তেওঁৰ চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব প্ৰদান কৰিলে ডাঃ ৰণোজ পেগুক৷ কিন্তু ৰণোজ পেগুৱে শিক্ষা বিভাগৰ দায়িত্ব লৈয়েই প্ৰথমেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক চৰকাৰে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলি অসহায়ভাৱে স্বীকাৰ কৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ খোদ শিক্ষামন্ত্ৰীৰ এই অসহায় ঘোষণাৰ পাছতেই ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে এতিয়া মুনাফা আদায়ত নামি পৰিছে৷ অভিভাৱকৰ ডিঙিত কেঁকোৰা চেপা দি ছাত্ৰ-ছাত্ৰীৰ পৰা ধন ঘটাৰ ফন্দি পাতিছে একাংশ বেচৰকাৰী শিক্ষানুষ্ঠানে৷ মূলতঃ একাদশ শ্ৰেণীত নামভৰ্তি কৰিবলগীয়া শিক্ষাৰ্থীৰ পৰা ধন ঘটাৰ কৌশল হাতত লৈছে এইসমূহ বেচৰকাৰী শিক্ষানুষ্ঠানে৷ উল্লেখ্য, ক’ভিডৰ বাবে ছেবাই বৰ্তমানেও মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো সিদ্ধান্ত লোৱা নাই৷ ইয়াৰ বিপৰীতে চিবিএছইয়ে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰি বিদ্যালয়সমূহক নৱম আৰু দশম শ্ৰেণীৰ আভ্যন্তৰীণ মূল্যাংকনৰ ভিত্তিত ফলাফল প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ সুযোগ লৈ ৰাজ্যৰ একাংশ বেচৰকাৰী বিদ্যালয়ে একাদশ শ্ৰেণীৰ বাবে প্ৰভিজনেল এডমিশ্যনৰ ব্যৱস্থা কৰিছে৷ অৰ্থাৎ নিজৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ উক্ত শিক্ষানুষ্ঠানখনত একাদশ শ্ৰেণীত অধ্যয়নৰ বাবে একোখনকৈ আসন সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে মালিক পক্ষই৷ শিক্ষানুষ্ঠান ভেদে প্ৰভিজনেল নামভৰ্তিৰ মাচুল ২০ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকাও নিৰ্ধাৰণ কৰা বুলি অভিযোগ উঠিছে৷ এক কথাত শিক্ষানুষ্ঠান কতৃৰ্পক্ষই অভিভাৱকক ব্লেকমেইল কৰি সন্তানৰ প্ৰভিজনেল নামভৰ্তিৰ বাবে বাধ্য কৰোৱা বুলিও অভিযোগ কৰিছে একাংশ অভিভাৱকে৷ আভ্যন্তৰীণ মূল্যায়নত ছাত্ৰ-ছাত্ৰীক নম্বৰ কমকৈ দিয়াৰ ভাবুকিৰে প্ৰভিজনেল নামভৰ্তিৰ বাবে এতিয়া হেঁচা প্ৰয়োগ কৰিছে৷ শিক্ষানুষ্ঠানসমূহে নিৰ্দেশ জাৰি কৰিছে যে প্ৰভিজনেল নামভৰ্তি কৰিলেহে চূড়ান্ত ফলাফলৰ পাছত সংশ্লিষ্ট শিক্ষাৰ্থীগৰাকীয়ে নিৰ্দিষ্ট শিক্ষানুষ্ঠানত একাদশ শ্ৰেণীত অধ্যয়ন কৰিব বিচাৰিলে অগ্ৰাধিকাৰ লাভ কৰিব৷ অৱশ্যে, সেই সময়ত নামভৰ্তিৰ বাবে নিৰ্ধাৰণ কৰি দিয়া নিৰ্ধাৰিত পাৰ্চেণ্টেজ অৰ্থাৎ যোগ্য নম্বৰ লাভ কৰিব লাগিব শিক্ষাৰ্থীজনে৷ প্ৰভিজনেল নামভৰ্তি কৰিলেও বিদ্যালয়সমূহে নিৰ্ধাৰণ কৰি দিয়া কাট অফ মাৰ্ক অনুসৰি নিৰ্দিষ্ট নম্বৰ লাভ নকৰিলে তেওঁ অধ্যয়নৰ সুযোগ লাভ নকৰিবও পাৰে৷ তেনেস্থলত প্ৰভিজনেল নামভৰ্তিৰ সময়ত জমা দিয়া মাচুল ঘূৰাই নাপাব শিক্ষাৰ্থীয়ে৷ তদুপৰি পৰৱৰ্তী সময়ত নিৰ্দিষ্ট বিদ্যালয়খনৰ বিপৰীতে আন বিদ্যালয়ত নামভৰ্তি কৰিলেও প্ৰভিজনেল নামভৰ্তিৰ মাচুল ঘূৰাই নাপাব বুলিও বিদ্যালয় কতৃৰ্পক্ষই নীতি-নিৰ্দেশনা জাৰি কৰাৰ তথ্য পোহৰলৈ আহিছে৷ একাদশ শ্ৰেণীৰ প্ৰভিজনেল নামভৰ্তিৰ নামত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ লুণ্ঠনৰ ফন্দিৰ ওপৰত শিক্ষা বিভাগে হাতোৰা লগাব পাৰিবনে নাই, সেয়া সময়তহে স্পষ্ট হ’ব৷