Logo
image

প্ৰাইভেট হাস্পতালত লুণ্ঠন, স্বাস্থ্য বিভাগত বিক্ষোভ

আমাৰ অসম, ২৮ মেঃ কৰ’না মহামাৰীৰ দুৰ্যোগৰ সময়তে সাধাৰণ ৰোগীৰ অসহায় অৱস্থাৰ সুযোগ লৈ ক’ভিড চিকিৎসাৰ নামত লুণ্ঠনৰাজ চলাইছে ৰাজ্যৰ ব্যক্তিগতখণ্ডৰ হাস্পতালে৷ ক’ভিড ৰোগীৰ চিকিৎসাত চৰকাৰী হাস্পতালৰ সমান্তৰালভাৱে বেচৰকাৰী হাস্পতালৰো অৱদান নুই কৰিব নোৱাৰি৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন স্বাস্থ্য বিভাগৰ সোপাঢিলা নীতিৰ বাবেই ৰাজ্যৰ অধিকাংশ বেচৰকাৰী হাস্পতালে ক’ভিড ৰোগীৰ ডিঙিত কেঁকোৰা চেপা দিবলৈও কুণ্ঠাৰোধ কৰা নাই৷ ৰাজ্যৰ চৰকাৰী হাস্পতালত ক’ভিড ৰোগীৰ বাবে বিছনা-আই চি ইউৰ অভাৱ তথা চৰকাৰী হাস্পতালৰ একাংশ চিকিৎসকৰ অৱহেলাৰ বাবেই জীয়াই থকাৰ তাড়নাত দুখীয়া-দৰিদ্ৰ ক’ভিড ৰোগীয়েও এতিয়া নাৰ্ছিং হোমত ভৰ্তি হ’বলৈ তাত-বাতি কঢ়া দেখা গৈছে৷ কিন্তু ৰোগীৰ বৰ্তমানৰ অসহায় অৱস্থাৰ সুযোগ লৈ একাংশ নাৰ্ছিং হোমে চিকিৎসা ব্যয়ৰ নামত বৃহৎ অংকৰ ধন দাবী তথা আদায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইণ্ডিয়ান মেডিকলে কাউন্সিলৰ পৰা আৰম্ভ কৰি খোদ বিজেপি বিধায়কেও নাৰ্ছিং হোমে  ক’ভিড চিকিৎসাৰ নামত লুণ্ঠনৰ অভিযোগ তুলি চৰকাৰক বেচৰকাৰী হাস্পতালসমূহক নাকী লগোৱাৰ বাবে দাবী উত্থাপন কৰা দেখা গৈছে৷  কিন্তু ৰাজ্যৰ স্বাস্থ্য বিভাগে নাৰ্ছিংহোমত ক’ভিড চিকিৎসাৰ মাচুলৰ সন্দৰ্ভত কোনো নীতি-নিৰ্দেশনা জাৰি নকৰাৰ পৰিণতিত নাৰ্ছিংহোমসমূহে নিজৰ ইচ্ছামতে চিকিৎসা ব্যয় আদায় কৰি আহিছে৷ যাৰ বাবে উপসৰ্গবিহীন আৰু অন্য কোনো ৰোগ নথকা এজন সাধাৰণ ৰোগীয়ে নাৰ্ছিংহোমত ক’ভিড চিকিৎসাৰ বাবদ নূন্যতম ২ লাখ টকাৰ পৰা ৫ লাখ টকালৈকে বিল ভৰিব লগা হৈছে৷ তদুপৰি একাংশ বেচৰকাৰী হাস্পতালৰ ক’ভিড ৰোগীৰ চিকিৎসাৰ সৰ্বোচ্ছ ব্যয় ২০-২৫ লাখ টকা পৰ্যন্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছে৷ যাৰ পৰিণতিত ৰোগী তথা ৰোগীৰ আত্মীয়ই ঘৰৰ সা-সম্পত্তি বিক্ৰী আৰু বন্ধকত থৈ  হাস্পতালৰ বিল পৰিশোধ কৰিব লগা হৈছে৷  অভিযোগ অনুসৰি একাংশ নাৰ্ছিংহোমে ভুৱা বিল প্ৰস্তুত কৰিও ৰোগীৰ পৰা ধন আদায় কৰিছে৷ বিশেষকৈ ৰোগীৰ চিকিৎসাৰ নামত পি পি ই কিট আৰু খাদ্যৰ বাবদ নাৰ্ছিংহোমে বৃহৎ অংকৰ ধন আদায় কৰিছে৷ যোৰহাটৰ বৰুৱা ছাৰ্জিকেল চেণ্টাৰ নামৰ বেচৰকাৰী হাস্পতালখনে এজন ক’ভিড ৰোগীৰ নামত দৈনিক পি পি ই কিটৰ বাবদ ১৫০০-২০০০ টকা আৰু দৈনিক খাদ্যৰ নামত ১০০০-১৫০০ টকা পৰ্যন্ত আদায় কৰিছে৷ আনহাতে গুৱাহাটীৰ একাংশ নাৰ্ছিংহোমে এজন ৰোগীৰ ব্ৰেকফাষ্টৰ বাবদ ১২০০ টকা, দুপৰীয়া আহাৰৰ বাবদ ৩৬০০ টকা আৰু  নৈশ আহাৰৰ বাবদ ৪৫০০ টকা সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে নাৰ্ছিংহোমত এজন চিকিৎসক, নাৰ্ছ বা স্বাস্থ্যকৰ্মীয়ে এবাৰত এটা পি পি ই কিট পিন্ধি সকলো ৰোগীকে স্বাস্থ্য পৰীক্ষা কৰে যদিও নাৰ্ছিংহোম কতৃৰ্পক্ষই প্ৰতিজন ৰোগীৰ পৰাই পি পি ই কিটৰ বাবদ পৃথকে পৃথকে ধন সংগ্ৰহ কৰি লুণ্ঠন চলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী ৰোগীয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে বাওঁপন্থী ৰাজনৈতিক দল চি পি আই [এম]-এ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰি বেচৰকাৰী হাস্পতালৰ মাচুল নিৰ্ধাৰণ কৰিবলৈ দাবী জনাইছিল৷ আনকি মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈও নাৰ্ছিংহোমে অত্যধিক বিল আদায় কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু ইয়াৰ পাছতো মুখ্যমন্ত্ৰী তথা স্বাস্থ্যবিভাগে কোনো গুৰুত্ব আৰোপ নকৰাত বুধ আৰু বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জিলাই জিলাই যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰা দেখা যায়৷ যুৱ ছাত্ৰ পৰিষদে তেজপুৰ, নগাঁও, বঙাইগাঁও, যোৰহাট আৰু ডিব্ৰুগড়ত নাৰ্ছিংহোমৰ লুণ্ঠনৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

যোৰহাটত যুৱ-ছাত্ৰ পৰিষদৰ বিক্ষোভ

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবদ লাখ লাখ টকা আদায় কৰি অহা কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ জিলা স্বাস্থ্য যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ক’ভিডৰ নীতি-নিয়ম মানি পৰিষদৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড লৈ “ব্যক্তিগত চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসা ব্যয় হ্ৰাস কৰক, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে চৰকাৰী নিৰ্দশনা বলৱৎ কৰক, ব্যক্তিগত নাৰ্চিং হোমক  চৰকাৰী নিয়ন্ত্ৰণাধীন কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ এক এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তই কয় যে ক’ভিড মহামাৰীৰ এই জটিল সন্ধিক্ষণত সমগ্ৰ ৰাজ্যখনৰ লগতে যোৰহাট জিলাতো  ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ক’ভিড ৰোগ চিকিৎসাৰ বাবদ ৰোগীৰ পৰা লাখ লাখ টকা আদায় কৰি আহিছে৷ তাৰ উদাহৰণ হিচাপে যোৰহাট নগৰত অৱস্থিত ‘বৰুৱা চাৰ্জিকেল চেণ্টাৰ’ নামৰ ব্যক্তিগত চিকিৎসালয়খনে ক’ভিড ৰোগ চিকিৎসাৰ বাবদ ৰোগীৰ পৰা ৯-১০ দিনৰ চিকিৎসা মাচুল হিচাপে আদায় কৰি অহা লাখ লাখ টকা৷ উল্লেখ্য, উক্ত চিকিৎসালয়খনত যোৱা ১৫মে’ত ভৰ্তি হৈ ২৪ মে’ত ৰিলিজ লোৱা এজন ক’ভিড ৰোগীৰ বিল হয় ২,৯২,৮১০ টকা আৰু  অনুৰোধ কৰাৰ শেষত মুঠ ২,৭০,০০০ টকা ৰোগী জনৰ পৰা নাৰ্ছিংহোম খনে আদায় কৰি লয়৷ এই ৯-১০ দিনৰ ভিতৰত  ইমান বৃহৎ পৰিমাণৰ ক’ভিড চিকিৎসাৰ  বাবদ ধন ৰোগীৰ পৰা কি যুক্তিত চিকিৎসালয় খনে আদায় কৰি ল’বলৈ সক্ষম হ’ল বুলি নেতাদ্বয়ে প্ৰশ্ন তুলি কয় যে নিশ্চয় বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ বাবে চৰকাৰী কোনোধৰণৰ নীতি-নিৰ্দেশনা নথকাৰ বাবেই এইয়া সম্ভৱ হ’ল৷ অন্যহাতে ক’ভিড ৰোগ পৰীক্ষাৰ বাবদ ব্যক্তিগত পৰীক্ষাগাৰত অত্যাধিক মাচুল আদায় কৰি আহিছে বুলিও পৰিষদৰ নেতাদ্বয়ে অভিযোগ কৰে৷ সেয়েহে আজি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা উপস্থিত থকা ধৰ্ণাস্থলীৰ পৰা মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ ছয় দফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷