অসমত চাৰিগুণলৈ বৃদ্ধি আক্ৰান্তৰ মৃত্যুৰ হাৰ
আমাৰ অসম, ২৯ মেঃ দেশত এতিয়া মহামাৰী ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে৷ দেশত ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ অলপো নিয়ন্ত্ৰণলৈ অহা নাই৷ দৈনিক ৩,৫০০ৰ পৰা ৪,০০০ ৰোগীৰ মৃত্যু হৈ আহিছে ক’ভিডত৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত এপ্ৰিল আৰু চলিত মে’ মাহক ‘দেশবাসীৰ দুৰ্যোগৰ সময়’ বুলি অভিহিত কৰা হৈছে৷ কিয়নো এই দুটা মাহত দেশত সৰ্বাধিক ক’ভিড ৰোগীয়ে প্ৰাণত্যাগ কৰিছে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি মাত্ৰ এমাহতে ভাৰতত ৰ লাখ ৰোগীৰ ক’ভিডত মৃত্যু হৈছে৷ দেশৰ আন আন ৰাজ্যৰ সমান্তৰালভাৱে অসমতো ক’ভিড পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে৷ অসমত প্ৰায় ৬০ দিন অৰ্থাৎ দুমাহত ২ হাজাৰ ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে৷ পহিলা এপ্ৰিলৰ পৰা আজিৰ দিনটোলৈ অসমত ২,০৫২জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ সম্প্ৰতি অসমত ক’ভিডত মৃত্যুৰ হাৰ ১.০৮ শতাংশ৷ ইয়াৰ বিপৰীতে ক’ভিডৰ প্ৰথম ঢৌত ৰাজ্যত মৃত্যুৰ হাৰ আছিল ০.৫১ শতাংশ৷ দ্বিতীয় ঢৌত মৃত্যুৰ হাৰ দুগুণলৈ বৃদ্ধি পাইছে৷ উদ্বেগজনক বিষয়টো হৈছে চলিত মাহত ৰাজ্যত ক’ভিডত মৃত্যুৰ হাৰ ৪ গুণলৈ বৃদ্ধি পাইছে৷ পহিলা মে’ত ২৩জন ৰোগীৰ মৃত্যু হৈছিল যদিও এতিয়া দৈনিক মৃত্যু হোৱা ৰোগীৰ সংখ্যাই ৯২ৰ ঘৰ স্পৰ্শ কৰিছে৷ অৰ্থাৎ মৃত্যুৰ হাৰ ৪০০ শতাংশ বা ৪ গুণলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ স্বাস্থ্য বিভাগৰ প্ৰতিবেদন মতে, শেহতীয়াকৈ মৃত্যু হোৱা ৩৬৬জন ৰোগীৰ ভিতৰত ১৮২জন ৰোগীয়েই হাস্পতালত ভৰ্তি হোৱাৰ মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে প্ৰাণ ত্যাগ কৰিছে৷ তদুপৰি ১৩১জন ৰোগীৰ হাস্পতালত ভৰ্তি হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত মৃত্যু হৈছে৷ অৰ্থাৎ হাস্পতালত ভৰ্তি হৈ দুদিনৰ ভিতৰতে সৰ্বাধিক ৰোগীৰ মৃত্যু হৈছে৷ ইপিনে, বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৫,৪৩৬জন লোক৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৫৯৫জন, কাছাৰত ৪৩১জন, ডিব্ৰুগড়ত ৪১৮জন, তিনিচুকীয়াত ৩৮৬জন আৰু নগাঁৱত ৩৮৬জন লোক আক্ৰান্ত হৈছে৷ শুকুৰবাৰে ৰাজ্যত ক’ভিড পজিটিভৰ হাৰ ৪.৪২ শতাংশ৷ আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ গুৱাহাটীত ৯জন, কাছাৰত ৭জন, কৰিমগঞ্জত ৬জন, ডিব্ৰুগড়ত ৫জন, গোলাঘাটত ৫জন, যোৰহাটত ৫জন আৰু তিনিচুকীয়াত ৫জন ক’ভিড ৰোগীৰ শুকুৰবাৰে মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ ইপিনে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা শুকুৰবাৰে ক’ভিডত আক্ৰান্ত হোৱাত জিএমচিএইচত ভৰ্তি হৈছে৷