অনলাইন খানা অৰ্ডাৰ কৰোতে সাৱধান!
আমাৰ অসম, ২৯ মেঃ আপুনি বাৰু অনলাইন খোৱা বস্তু অৰ্ডাৰ কৰে নেকি? ফেচবুক তথা অন্য ডিজিটেল মাধ্যমত সুস্বাদু ব্যঞ্জনৰ বিজ্ঞাপন দেখি আপুনি খানা অৰ্ডাৰ কৰাৰ ক্ষেত্ৰত আগ্ৰহী নেকি? তেন্তে সাৱধান আপুনি তেনে ব্যঞ্জন অৰ্ডাৰ কৰাৰ আগত ১০০বাৰ ভাবক। তেনে কৰিলে সৰ্বস্বান্ত হ'ব পাৰে আপুনি। গুৱাহাটী মহানগৰীতে সংঘটিত হৈছে তেনে ঘটনা। খানা অৰ্ডাৰ কৰাৰ পাছতেই দুষ্টচক্ৰই বেংকৰ একাউণ্টৰ পৰা সৰকালে ধন।
বৰ্তমান সমগ্ৰ বিশ্বতে কৰ'নাৰ সন্ত্ৰাস। এনে সময়তে অসমকে ধৰি বহু ঠাই আংশিক লকডাউন তথা সান্ধ্য আইন জাৰি। তেনেস্থলত অনলাইন ব্যৱসায়, ই-কমাৰ্চৰ ক্ষেত্ৰখনৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে। কিন্তু অনলাইন ব্যৱসায়, ই-কমাৰ্চৰ ক্ষেত্ৰখনতো বৰ্তমান ঠক প্ৰৱঞ্চকেৰে ভৰি পৰিছে। বহুসংখ্যক লোকে বৰ্তমান পৰিস্থিতিত বিভিন্ন ধৰণৰ অনলাইন মাধ্যমৰ আশ্ৰয় গ্ৰহণ কৰিছে। ফেচবুককে ধৰি বিভিন্ন অনলাইন মাধ্যমত ভুৱা পেজ খুলি প্ৰৱঞ্চনাৰ জাল ৰচিছে বহু দুষ্ট চক্ৰই। মাখন ভোগ ৰেষ্টুৰেণ্ট নামৰ এটা ফেচবুক পেজ(Makhan Bhog Restaurant)ৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল ৰচিছে এটা দুষ্ট চক্ৰই। প্ৰথমে উক্ত পেজটোত উল্লেখিত ফোন নম্বৰ(8389872473)ত যোগাযোগ কৰিবলৈ দিয়া হয়। সিপাৰৰ পৰা হিন্দীভাষাত কথা কোৱা আৰম্ভ কৰে। ফোনত কথা হোৱাৰ পাছতেই আপোনালৈ এটা লিংক(ORDER BOOKING FORM)পঠাই দিয়া হয়। প্ৰথমে উক্ত লিংকটোত আপোনাৰ সম্পূৰ্ণ ঠিকনা দিবলগীয়া হয়। পৰৱৰ্তী পৰ্যায়ত অৰ্ডাৰটোৰ বিল আদায়ৰ বাবে উক্ত লিংকটোতে আপোনাৰ এটিএম কাৰ্ডৰ নম্বৰ দিবলগীয়া হয়। কিন্তু অটিপিৰ বাবে আপুনি অপেক্ষা কৰিব লগা হয়। কোনোধৰণৰ অটিপি নহাত ফোনত কথা পাতি থাকোতেই সিপাৰৰ পৰা আপোনাক অন্য এটা লিংক(Automatically forward SMS) দিয়া হয়। আৰু সেইলিংকটো ক্লিক কৰি অট'মেটিক ফৰৰ্ৱাড এছএমএছ নামৰ এটা এপ ডাউনলোড কৰিবলৈ কোৱা হয়। যেতিয়াই উক্ত এপটো আপোনাৰ ফোনত ইনষ্টল কৰা হয়, বেংকৰ পৰা আহিব লগীয়া অটিপিৰ এছএমএছ আপোনা আপুনি প্ৰৱঞ্চকৰ ওচৰলৈ গুচি যায়। লগে লগে বেংক একাউণ্টৰ পৰা ধন নাইকিয়া হ'বলৈ আৰম্ভ কৰে। যেতিয়ালৈকে আপুনি ইনষ্টল কৰা এপটো আনইনষ্টল নকৰে তেতিয়ালৈকে একাউণ্টৰ পৰা ধন হৰলুকি হৈ থাকে। তাৰ পাছতো চক্ৰটোৱে ধন সৰকাবলৈ চেষ্টা অব্যাহত ৰাখে।
এতিয়া এনেধৰণৰ একাংশ ঠগ-প্ৰৱঞ্চকেৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী। এই পাকচক্ৰত পৰি ইতিমধ্যে বহুতো লোক সৰ্বস্বান্ত হৈছে। গতিকে অনলাইন অৰ্ডাৰ দিয়া আগত ভালদৰে পৰীক্ষা কৰি লওক আপুনি। নহ'লে আপুনিও পৰিব পাৰে এই জালত। আৰক্ষীৰো এই বিষয়ত সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা আছে।