Logo
image

অসমত নতুন ঔষেধেৰে চলিছে ক’ভিড চিকিৎসা

২-ডিজি, কক্‌টেইল, বাৰিচিটিনিবৰ জৰিয়তে মৃত্যুৰ হাৰ কমোৱাৰ চেষ্টা

আমাৰ অসম, ৩১ মেঃ ৰাজ্যত ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে স্বাস্থ্য বিভাগে চেষ্টাৰ ত্ৰুটি কৰা নাই৷ শেহতীয়াকৈ ৰাজ্যত অবিশ্বাস্য হাৰত ক’ভিড ৰোগীৰ মৃত্যু হোৱা দেখা গৈছে৷ প্ৰতিদিনাই ৮০-৯০ জনকৈ ক’ভিড ৰোগীৰে প্ৰাণ ত্যাগ কৰিছে৷ ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰোগীৰ দেহত নতুন নতুন ঔষধৰ পৰীক্ষা- নিৰীক্ষা আৰম্ভ কৰিছে৷ ৰেমডেচিভিৰ, টছলিজোমাব আৰু প্লাজমা থেৰাপিৰ পাছত এইবাৰ ক’ভিড ৰোগীক তিনিটা নতুন ঔষধৰে চিকিৎসা আৰম্ভ কৰিছে ৰাজ্যত৷ নতুন ঔষধৰ চিকিৎসাই ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ আশা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে জি এম চি এইচত ক’ভিড ৰোগীক এণ্টিবডী কক্‌টেল, ২-ডি জি এণ্টি ক’ভিড ঔষধ আৰু বাৰিচিটিনিব ঔষধৰ পৰীক্ষা-নিৰীক্ষা চলিছে৷ এণ্টিবডি কক্‌টেল ঔষধ প্ৰয়োগৰ ফলত ক’ভিড আক্ৰান্ত বিধায়ক প্ৰদীপ হাজৰিকা আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাৰ পত্নীৰ স্বাস্থ্য ক্ৰমাৎ সুস্থ হৈ উঠা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে৷ দেওবাৰে ডি আৰ ডি অ’-এ প্ৰস্তুত কৰা ২-ডি জি এণ্টি ক’ভিড ঔষধ অসমলৈ আহিব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে উক্ত ঔষধৰ দ্বাৰা ১৩জন ৰোগীক প্ৰয়োগ কৰা হ’ব বুলিও প্ৰকাশ কৰিছে৷ ইতিমধ্যে ২-ডি জি এণ্টি ঔষধেৰে চিকিৎসাৰ বাবে ক’ভিড ৰোগীৰ তালিকা সাজু কৰা বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে৷ ইপিনে ক’ভিড ৰোগীৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময় হ্ৰাস কৰা অৰ্থাৎ শীঘ্ৰে সুস্থ কৰি তোলাৰ বাবে বাৰিচিটিনিব নামৰ আন এবিধ ঔষধ প্ৰয়োগ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি তথা ইয়াৰ লগত জড়িত আনুষংগিক বিষয়সমূহৰ বুজ লৈ এই তথ্য সদৰী কৰে৷ সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদত ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰি থকা ৩০০খন বিচনাযুক্ত হাস্পতাল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২০০খন আই চি ইউ বিচনাযুক্ত ইউনিটৰ বাবে প্ৰয়োজনীয় চিকিৎসকৰ বিষয়টো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি অন্যান্য জ্যেষ্ঠ চিকিৎসকৰ সৈতে আলোচনা কৰিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ জুন মাহত অসমে ৭ লাখ ক’ভিড ভেকচিনৰ পালি লাভ কৰিব বুলি উল্লেখ কৰি এই পালি লাভ কৰাৰ পাছত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ত্বৰান্বিত হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ১৫ আগষ্টৰ ভিতৰত ৰাজ্যখনৰ এক বৃহৎসংখ্যক লোকক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে সক্ষম হ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে আশা প্ৰকাশ কৰে যে ৭ জুনৰ ভিতৰত ৰাজ্যখনৰ ক’ভিড সংক্ৰমণ তথা ক’ভিডৰ ফলশ্ৰুতিত মৃত্যু হোৱা ৰোগীৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস পাব৷