Logo
image

এফালে ক’ভিড আনফালে বজাৰত জুই, ৰাইজৰ প্ৰাণ ওষ্ঠাগত

◾বিজেপিৰ আমোলত সামগ্ৰীৰ দাম বাঢ়িল ১০০%, সান্ধ্য আইনৰ মাজতে বৃদ্ধি ২০%
◾প্ৰশাসনৰ মূল্য তালিকা ওলমিহে থাকে দোকানত
আমাৰ অসম, ৩১ মেঃ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পোৱাত জনসাধাৰণৰ জীৱন দুৰ্বিসহ হৈ পৰিছে৷ বিষয়টো অত্যন্ত উদ্বেগজনক৷ যি সময়ত ক’ভিড অতিমাৰীৰ দ্ৰুত সংক্ৰমণে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে আৰু চৰকাৰৰ ভুল ক’ভিড প্ৰতিৰোধী নীতিৰ ফলত ইতিমধ্যে দুগৰাকী বিধায়কসহ বহু সংখ্যক লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহু লোক আক্ৰান্ত হৈ আছে; আৰু আনহাতে অতি সম্প্ৰতি ক’ভিড অতিমাৰী সৰু নগৰ-চহৰ তথা গ্ৰামাঞ্চল আৰু চাহ বাগিছা এলেকাসমূহলৈ সংক্ৰমিত হবলৈ লৈছে, তেনে সময়ত অসমৰ ৰাইজে এক অতি উদ্বিগ্নতাৰ মাজেৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে৷ ক’ভিড নিয়ন্ত্ৰণৰ প্ৰয়োজনত চৰকাৰে আৰোপ কৰা প্ৰতিবন্দকতাসমূহ ৰাইজে বিনা বাক্য ব্যয়ে মানি লৈছে৷ দোকান-বজাৰ বন্ধ তথা সান্ধ্য আইন বলৱৎ হৈ থকাৰ ফলত লাখ লাখ লোক কৰ্মহীন হৈ পৰিছে, ব্যৱসায়-বাণিজ্য স্তব্ধ হৈ পৰিছে৷ ৰাজ্যৰ অৰ্থনীতিৰ চকৰি আচম্বিতে স্তিমিত হৈ পৰিছে৷ এই পৰিৱেশে জনসাধাৰণক অপূৰণীয় ক্ষতিৰ মুখলৈ ঠেলি দিছে যদিও ৰাইজে চৰকাৰী প্ৰতিবন্দকতা মানি চলি চৰকাৰক সহযোগিতা আগবঢ়াই আহিছে৷ 
বৰ্তমানৰ এনে জটিল পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ অনিয়ন্ত্ৰিত উৰ্ধমুখী গতি জনসাধাৰণৰ মূৰৰ ওপৰত অসহনীয় বোজা সদৃশ হৈ পৰিছে৷ এই সংকটময় সময়ত চৰকাৰৰ উচিত আছিল জনসাধাৰণৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই ৰাইজক সকাহ দিয়া৷ কিন্তু এফালে ক’ভিড নিয়ন্ত্ৰণ কৰিব নোৱাৰি চৰকাৰে জনসাধাৰণক সংকটৰ মুখলৈ ঠেলি দিছে আৰু আনহাতে দ্ৰব্য মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে মৌন সমৰ্থন আগবঢ়াই  জনসাধাৰণৰ সংকট অধিক গাঢ় হোৱাত ইন্ধন যোগাইছে৷ ২০১৬ চনত বিজেপি দল যেতিয়া ক্ষমতালৈ আহিছিল, তেতিয়া দ্ৰব্য মূল্য নিয়ন্ত্ৰণ তেওঁলোকৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল৷ দলৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰা হৈছিল৷ বিজেপিৰ পূৰ্বৰ চৰকাৰে দ্ৰব্য মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বিৰুদ্ধে বিজেপিৰ নেতা-কৰ্মীসকলে অভিনৱ ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু ২০১৬ৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দ্ৰব্য মূল্যৰ উৰ্ধমুখী গতি নিয়ন্ত্ৰণ হোৱা নাই; তাৰ বিপৰীতে দ্ৰব্য মূল্য ক্ৰমশঃ বাঢ়িয়ে আছে৷ ২০১৬ চনৰ মে’ মাহত গুৱাহাটীৰ ফাঁচী বজাৰত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীমূহৰ পাইকাৰী মূল্যৰ সৈতে চলিত মাহৰ মূল্যৰ তুলনামূলক এখন তালিকা সংলগ্ন কৰি দিয়া হৈছে- য’ত স্পষ্টভাৱে প্ৰতিফলিত হৈছে যে ২০১৬ চনৰ তুলনাত পাইকাৰী বজাৰত নিত্য প্ৰয়োজনীয় খাদ্য দ্ৰব্যৰ মূল্য প্ৰায় এশ শতাংশ, অৰ্থাৎ দুগুণ বৃদ্ধি হৈছে৷ খুচুৰা বজাৰৰ মূল্য সূচীৰ ক্ষেত্ৰতো একে পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ উল্লেখ্য, পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্তুৰ মূল্য ২০-৩০ শতাংশ অধিক হয়৷   
আনহাতে শেহতীয়া ক’ভিড পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যৰ খুচুৰা বজাৰত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মুল্য বৃদ্ধি হৈছে প্ৰায় ২০ শতাংশ৷ অসমত ক’ভিড অতিমাৰীৰ দ্বিতীয় লহৰ আৰম্ভ হোৱাৰ পূৰ্বে অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত গুৱাহাটীৰ সুচুৰা বজাৰত বিক্ৰি হোৱা কেইপদমান নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য আৰু বৰ্তমানে [২৮ মে’] উক্ত সামগ্ৰীসমূহৰ মূল্য কিমান হৈছে গৈ, তাৰো এখন সংলগ্ন কৰি দিয়া হৈছে৷ উক্ত মূল্য সূচীৰ তুলনামূলক অধ্যয়নত দেখা যায় যে যোৱা এপ্ৰিলৰ প্ৰথম সপ্তাহৰ তুলনাত চলিত মে’ মাহৰ শেষ সপ্তাহলৈ অৰ্থাৎ সান্ধ্য আইনৰ মাজতে উক্ত সামগ্ৰীসমূহৰ মূল্য যি প্ৰায় ২০ শতাংশ বৃদ্ধি হৈছে সেয়া অতি অস্বাভাৱিক আৰু উদ্বেগজনক৷ কিন্তু আশ্চৰ্যজনকভাৱে ৰাজ্য চৰকাৰে পূৰ্বৰ পাঁচ বছৰ যেনেকৈ দ্ৰব্য মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ একো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই, এইবাৰো ক’ভিতকালীন সংকটৰ সুযোগ গ্ৰহণ কৰি ব্যৱসায়ীসকলে মূল্যৰ অস্বাভাৱিক বৃদ্ধি কৰা বিষয়টোত চকু মুদা কুলিৰ ভাও জুৰিছে৷ চৰকাৰৰ এই ভূমিকা অতিশয় ৰহস্যজনক তথা প্ৰশ্ন উদ্ৰেককাৰী৷ অসমৰ নতুন ৰাজ্য চৰকাৰ তথা নৱ নিযুক্ত খাদ্য আৰু অসামৰিক যোগানমন্ত্ৰীলৈ অসম জাতীয় পৰিষদৰ প্ৰশ্ন: বিগত পাঁচ বছৰত ৰাজ্যত খাদ্য সামগ্ৰীৰ দাম দুগুণ [১০০] বৃদ্ধি হ’ল৷ সেই অনুপাতে জনসাধাৰণৰ উপভোক্তাসকলৰ আয়/উপাৰ্জন দুগুণ বৃদ্ধি হৈছেনে? যদি হোৱা নাই, তেনেহ’লে ৰাইজে মূল্য বৃদ্ধিৰ এই বোজা বহন কৰিব কেনেকৈ? 
পূৰ্বৰ পাঁচ বছৰ বাদ দিলেও যোৱা মাত্ৰ এটা মাহত, ক’ভিড-সংকট অব্যাহত থকাৰ মাজতে, যি সময়ত ব্যৱসায়-বাণিজ্য স্তব্ধ হৈ গৈছে, লক্ষ লক্ষ লোক নিবনুৱা হৈ পৰিছে, এনে অৱস্থাত ৰাইজক সাহায্য আদি আগবঢ়োৱাৰ সলনি চৰকাৰে দ্ৰব্য মূল্য বৃদ্ধিত মৌন সমৰ্থন আগবঢ়োৱাৰ আঁৰৰ ৰহস্য কি? 
ইয়াৰ পূৰ্বে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোঁজনাৰ অধীনত কৃষকৰ উপাৰ্জন দুগুণ কৰিব বুলি ঘোষণা কৰিছিল৷ পাঁচ বছৰৰ মূৰত কৃষকৰ উপাৰ্জন দুগুণ বাঢ়িলেনে? যদি বঢ়া নাই, তেনেহ’লে কাৰ বাঢ়িলে? একাংশ মন্ত্ৰী-বিধায়ক-ঠিকাদাৰ-ব্যৱসায়ী বা আদানি-আম্বানীৰ দৰে উদ্যোগপতিৰ উপাৰ্জন কেইবাগুণ বৃদ্ধি হোৱাটোয়ে দেশৰাজ্যৰ উন্নতি হোৱা বুজায় নেকি? 
বিজেপি চৰকাৰে ইতিপূৰ্বে আলু-পিঁয়াজ-চাউল-দাইল-মিঠাতেল আদি খাদ্য সামগ্ৰীক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা আতৰাই দিছে৷ বিজেপিৰ নেতা-কৰ্মীসকলে কি খাই জীয়াই থাকে আমি নাজানো; কিন্তু অসমৰ দৰে ৰাজ্যৰ সাধাৰণ ৰাইজে জীয়াই থাকিবলৈ ভাত-ৰুটি-আলু-তেল-পিঁয়াজ আদিহে খায় আৰু অসমৰ ৰাইজৰ দৃষ্টিত এইবোৰহে অত্যাৱশ্যকীয় সামগ্ৰী৷ তেনেহ’লে আলু-পিঁয়াজ-চাউল-দাইল-মিঠাতেল আদি খাদ্য সামগ্ৰীক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা আতৰাই দিয়া হৈছে কাৰ স্বাৰ্থত? 
বিগত এটা মাহত যে প্ৰায় ২০ শতাংশ মূল্য বৃদ্ধি হ’ল, এই কথাটো চৰকাৰে জানে নাজানে? যদি জানে, তেনেহ’লে সেয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা নাই কিয়? নে এয়া কিবা গোপন বুজাবুজিৰ ভিত্তিত কৰা হৈছে৷ আৰু যদি সেয়াই হৈছে, তেনেহ’লে অতিৰিক্তভাৱে আৰ্হিত এই ধনখিনি কাৰ জেপলৈ গৈছে? ইয়াৰ সৈতে ছিণ্ডিকেট চক্ৰ জড়িত আছে নেকি? এফালে ক’ভিডৰ সন্ত্ৰাস, আনফালে বজাৰত জুই৷ চৰকাৰ আৰু প্ৰশাসনৰ অস্তিত্ব শূন্যপ্ৰায়৷ প্ৰশাসনে সময়ে সময়ে সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি দিয়ে যদিও প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্য তালিকা দোকানত ওলোমাই থোৱাৰ বাহিৰে ব্যৱসায়ীয়ে সেই কথালৈ বিশেষ গুৰুত্ব নিদিয়ে৷ ফলত সাধাৰণ জনতাৰ অৱস্থা কাহিল হৈ পৰিছে৷ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত উপৰিউক্ত সমস্ত তথ্য ৰাজহুৱা কৰিছে অসম জাতীয় পৰিষদে৷ দেওবাৰে পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত দলটোৰ উপ-সভাপতি দুলু আহমেদ, যুটীয়া সম্পাদক চন্দ্ৰ প্ৰকাশ শৰ্মা খান্দেলৱাল আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে এই সমস্ত তথ্য ৰাজহুৱা কৰি চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ বাবে দাবী জনায়৷ পৰিষদৰ নেতাত্ৰয়ে বিভিন্ন ধৰণৰ সামগ্ৰীৰ দামৰ তুলনামূলক তালিকাও সাংবাদিকৰ হাতত তুলি দিয়ে৷