ৰাজ্যত শেষ হৈ আহিছে ১৮-৪৫ বছৰীয়াৰ ভেক্চিন
আমাৰ অসম, ২ জুনঃ ৰাজ্যত ক’ভিড সংক্ৰমণ অব্যাহত থকাৰ মাজতে ১৮ ঊধবৰ্ৰ ব্যক্তিৰ বাবে ভেকচিনৰ নাটনিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ মঙলবাৰৰ দিনটোত ৰাজ্যত ১৮ বছৰ ঊধবৰ্ৰ ব্যক্তিৰ বাবে মাত্ৰ ১৫ হাজাৰ ড’জ ভেকচিন মজুত আছিল যদিও এই ভেকচিন শেষ হ’লে বুধবাৰৰ পৰা ১৮ ঊধবৰ্ৰ ব্যক্তিৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া বন্ধ হৈ পৰা সম্ভাৱনা আছে৷ স্বাস্থ্য বিভাগৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি ৰাজ্য চৰকাৰে ভেকচিন বিচাৰি ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেক কতৃৰ্পক্ষৰে বাৰম্বাৰ যোগাযোগ কৰিছে যদিও দুই-এদিনলৈ অসমলৈ ভেকচিন প্ৰেৰণৰ কোনো সম্ভাৱনা নাই বুলিও ব্যক্ত কৰিছে৷ উল্লেখ্য, চলিত সপ্তাহতে অসমলৈ ১৮ ঊধবৰ্ৰ ব্যক্তিৰ বাবে ভেকচিন প্ৰেৰণ কৰিব যদিও জুন মাহতো ভেকচিনৰ নাটনিৰ সমস্যা অব্যাহত থকাৰ আশংকা কৰা হৈছে৷ মে’ত স্বাস্থ্য বিভাগে ১৮ ঊধবৰ্ৰ ব্যক্তিৰ বাবে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন ভেকচিনৰ ৫.৭১ লাখ ড’জ প্ৰায় ১৭ কোটি টকাৰে ক্ৰয় কৰিছিল৷ আনহাতে চলিত জুন মাহতো উৎপাদনকাৰী প্ৰতিষ্ঠান দুটাৰ পৰা সম পৰিমাণৰ ভেকচিন ক্ৰয় কৰাৰ বাবে অসম চৰকাৰে প্ৰায় ১৭ কোটি টকা ইতিমধ্যে প্ৰেৰণ কৰিছে৷ অৱশ্যে জুনৰ শেষলৈ উৎপাদন বৃদ্ধি পালে অতিৰিক্ত কিছু ভেকচিন প্ৰেৰণৰ সম্ভাৱনা আছে৷ স্বাভাৱিকতেই জুন মাহতো ১৮ ঊধবৰ্ৰ ব্যক্তিৰ ভেকচিনৰ নাটনি অব্যাহত থাকিব৷ ৪৫ ঊধবৰ্ৰ ব্যক্তিৰ বাবেও ৰাজ্যত মজুত আছে মাত্ৰ ২.৫০ লাখ ড’জ ভেকচিন৷ ইপিনে ৰাজ্যৰ ১০ খন নাৰ্ছিং হোমত এতিয়াৰে পৰা ক’ভিশ্বিল্ড ভেকচিন উপলব্ধ হ’ব৷ ইচ্ছুক ব্যক্তিয়ে ধন ব্যয় কৰি ভেকচিন ল’ব পাৰিব৷ চৰকাৰীভাৱে বিনামূলীয়াকৈ ভেকচিন যোগান ধৰা হৈছে যদিও নাৰ্ছিং হোমে দুগুণ লাভ লৈ ৰাইজক ভেকচিন প্ৰদান কৰিব৷ ইতিমধ্যে ডিব্ৰুগড়ৰৰ আদিত্য, গুৱাহাটীৰ আৰ্য, আয়ুৰসুন্দ্ৰা, ডাউন টাউন, এক্সেল কেয়াৰ, জি এন আৰ চি, হায়াট, হেল্থ চিটী, আল্টাকেয়াৰ ডায়’গনেষ্টিক, অৰেকল ডায়’গনেষ্টিকে ৩৪,৫০০ ড’জ ক’ভিশ্বিল্ড ভেকচিন ক্ৰয় কৰিছে৷