Logo
image

নাটক শেষ! কাগজ কল FOR SALE

আমাৰ অসম, ২ জুনঃ অৱশেষত হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিকৰণৰ চৰকাৰী অন্তহীন নাটকৰ যৱনিকা পৰিল৷ দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত পানীৰ দৰত বিক্ৰীৰ বাবে দুয়োটা কাগজ কলৰ সন্মুখত ‘ফৰ চেল’ বেনাৰ লাগিল৷ অৱশ্যে এই ‘ফৰ চেল’ত ভাগ ল’ব পাৰিব অসম চৰকাৰেও৷ বল এতিয়া অসম চৰকাৰৰ কৰ্টত৷ যি কি নহওক আজিৰ ফৰ চেলৰ জাননী প্ৰকাশ পোৱাৰ পাছতে এটা কথা নিশ্চিত হ’ল যে অসমৰ জাতীয় আৱেগ জড়িত দুটাকৈ কাগজ কলক কেন্দ্ৰীয় চৰকাৰে পুনৰুজ্জীৱিতকৰণ নকৰে৷ উল্লেখ্য এমাহ পূৰ্বে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কাগজ কল পুনৰুজ্জীৱিকৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া প্ৰতিশ্ৰুতি জীয়া ফাকিত পৰিণত হ’ল৷ ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণৰ অনুমতি সাপেক্ষে আজি লিকিউডেটৰ [নিলামী প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিষয়া] কুলদ্বীপ বাৰ্মাই দুয়োটা কাগজ কলৰ সৈতে হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্বন বিক্ৰী কৰাৰ বাবে আজি জাননী প্ৰকাশ কৰিছে৷ ইয়াৰ বাবে ১১৩৯ কোটি টকা ভিত্তি মূল্য ঘোষণা কৰাৰ লগতে ৫৫ কোটি টকা আমানতৰ ধন জমা দিব লাগিব৷ নিলাম প্ৰক্ৰিয়াত নূন্যতম ডাক বৃদ্ধিৰ পৰিমাণ হ’ব ১ কোটি টকা৷ নিলাম হ’ব জাগীৰোড আৰু পাচগ্ৰামত থকা হিন্দুস্থান কাগজ নিগমৰ কাগজ কলৰ সকলো সা-সম্পত্তি তথা নিগমৰ সা-সম্পত্তি একেলগে বিক্ৰী কৰিব৷ বিজেপিয়ে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যজিও মূৰকত আজি বিক্ৰীৰ জাননীহে প্ৰকাশ পায়৷ এই জাননীত কাগজ কল দুটাৰ ই অকচনৰ অন্তিম দিন ৩০ জুনৰ সন্ধিয়া ৬ বজা পৰ্যন্ত ধাৰ্য কৰা হৈছে৷ লক্ষণীয় যে কাগজ কলৰ বিক্ৰীৰ বিষয়টো প্ৰথমে ৰাষ্ট্ৰীয় আইন ন্যায়াধীকৰণত বিচাৰাধীন হৈ আছিল৷ পৰৱৰ্তী পৰ্যায়ত বিষয়টো ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণ পালেগৈ৷ ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধীকৰণে কাগজ কল দুটাৰ বিষয়া-কৰ্মচাৰীসকলৰ বকেয়া তথা সকলো ধৰণৰ দিবলগীয়া ধন আদায় দি বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ লগতে উদ্যোগটো বৰ্তমানৰ অৱস্থাতে কাৰ্যক্ষম কৰি চলাব লাগিব বুলি চৰ্ত আৰোপ কৰিছিল৷ দুয়োটা কাগজ কলত ১২০০ অধিক বিষয়া-কৰ্মচাৰী কৰ্মৰত হৈ আছে৷ কাগজ কল দুটা বন্ধ হৈ পৰাৰ ফলত এই লোকসকলৰ লগতে কাগজকল দুটাৰ ওপৰত নিৰ্ভৰশীল উত্তৰ-পূৰ্বাঞ্চলত লাখ লাখ বাঁহ খেতিয়ক তথা সংলগ্ন উদ্যোগৰ অৱস্থা শোচনীয় হৈ পৰিছিল৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৯ চনত এনচিএলটিৰ উৰ্ধতন কতৃৰ্পক্ষ হিচাপে নেচনেল কোম্পানী ল এপিলেটট্ৰিবিউনেলে [এনচিএলএটি] নিৰ্দেশ প্ৰদান কৰাৰ পাছতো কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত লিকিউডেটৰ [নিলামী প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিষয়া] কুলদ্বীপ বাৰ্মাই চলিত বছৰৰ এপ্ৰিল মাহত পুনৰ এনচিএলটিৰ ওচৰত নিলামী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে আবেদন জনাইছিল৷ উৰ্ধতন কত্তৃৰ্পক্ষ হিচাপে এনচিএলএটিয়ে প্ৰদান কৰা নিৰ্দেশনা পুনৰ্বিবেচনা কৰাৰ কোনো অৱকাশ নথকা হেতু এনচিএলটিয়ে লিকিউডেটৰ বাৰ্মাৰ আবেদন খাৰিজ কৰিছিল৷ উল্লেখ্য যে, যোৱা ২৬ এপ্ৰিলত গ্ৰহণ কৰা উক্ত আবেদনৰ অন্তিমখন শুনানীৰ ৰায়দান ন্যায়াধিকৰণে ৰাজহুৱা কৰিছিল৷ এই ৰায়দানত স্পষ্ট কৰি দিছিল যে চৰকাৰে ইচ্ছা কৰিলেই হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ নগাঁও আৰু কাছাৰ কাগজ কল নিলাম কৰিব নোৱাৰিব৷  ২০১৯ চনৰ ২মেত এনচিএলটিয়ে হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ সম্পত্তি নিলাম কৰাৰ বাবে ৰায়দান কৰি আনুষ্ঠানিকভাৱে অনুমোদন প্ৰদান কৰিছিল৷ পিছে উক্ত চনৰ ২৯ মেত পাছত কাগজ কল দুটাৰ শ্ৰমিক সংগঠনবোৰৰ আবেদনৰ ভিত্তিত এনচিএলএটিয়ে এনচিএলটিৰ এই নিৰ্দেশনা খাৰিজ কৰি দি কাগজ কল দুটা কাৰ্যক্ষম কৰি নিলাম কিম্বা বিক্ৰী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল৷ এইক্ষেত্ৰত এনচিএলএটিয়ে কেন্দ্ৰীয় চৰকাৰক বিশেষ পুঁজি আৱণ্টন কৰাৰো নিৰ্দেশ প্ৰদান কৰিছিল৷ কিন্তু ২০১৯ চনৰ ২৯ মেত এই নিৰ্দেশ প্ৰদান কৰাৰ দুই বছৰ পাছতো কেন্দ্ৰ কিম্বা ৰাজ্য চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে৷ মন কৰিবলগীয়া যে, যোৱা বছৰ অৰ্থাৎ ২০২০ চনৰ ১০ ছেপ্টেম্বৰত অসম চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি এনচিএলটিত শপতনামা দাখিল কৰি এমাহৰ সময় বিচাৰিছিল৷ পিছে অসম চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰা হেতু এনচিএলটিত লিকিউডিটৰ কুলদ্বীপ বাৰ্মাই দাখিল কৰা আবেদনখনৰ শুনানী বাৰম্বাৰ পিছুৱাই গৈছিল৷ অৱশেষত এনচিএলটিয়ে কাগজ কল দুটা নিলাম কৰাৰ পৰা বিৰত থাকিবলৈ বাৰ্মাক আনুষ্ঠানিক নিৰ্দেশ প্ৰদান কৰাৰ পাছত কাগজ কল দুটাৰ কৰ্মচাৰীসকল উৎফুল্লিত হৈ পৰিছিল৷ কিন্তু আজি হঠাৎ কাগজ কল দুটাৰ বিক্ৰীৰ জাননী প্ৰকাশ পোৱাত স্তম্ভিত হৈ পৰিছে কাগজ কল দুটাৰ কৰ্মচাৰী ইউনিয়ন৷ এই সন্দৰ্ভত কাগজ কল দুটা শ্ৰমিকনেতা মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে এনেদৰে কয়–‘এতিয়া অসম চৰকাৰেই আমাৰ শেষ ভৰষা৷ ৰাজ্য চৰকাৰে এতিয়াও ইচ্ছা কৰিলে কাগজ কল দুটাৰ ই অকচনৰ প্ৰক্ৰিয়াত ভাগ লৈ নিজৰ সম্পত্তি বুলি ক্ৰয় কৰিব পাৰে৷ অসম চৰকাৰে ক্ৰয় কৰিলে হয়তো এক হাজাৰ কোটি টকা ৰাজকোষৰ পৰা ব্যয় হ’ব৷ কিন্তু ৫ হাজাৰ টকাৰ মূল্যৰ সম্পত্তি কোনো পুঁজিপতিৰ হাতত পানীৰ দৰত তুলি দিলে দুয়োটা কাগজ কল শেষ হৈ যাব৷ যোগীঘোপাত অশোক কাগজৰ দৰেই অৱস্থা হ’বগৈ ৬০০ মেট্টিকটনৰ এই কাগজ কল দুটাৰ৷ যদিহে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নেপা কাগজ কল পুনজ্জীৱিকৰ কৰিব পাৰে৷ পিনৰাই বিজয়নৰ নেতৃত্বাধীন কেৰালা চৰকাৰে এইচ পি চিৰ কাগজ কল পুনৰজ্জীৱিতকৰণ কৰিব পাৰে তেন্তে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কিয় নগাঁও আৰু কাগজৰ কাগজ কল দুটা নিজৰ হাতত ৰাখিব নোৱাৰে৷ এয়া সময়ৰ আহ্বান, সোণোৱাল চৰকাৰে কৰিব নোৱাৰা কাম, ড॰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰি দেখুওৱাক৷’