Logo
image

কোন হ’ব প্ৰদেশ বিজেপিৰ নতুন সভাপতি

আমাৰ অসম, ২ জুনঃ কোন হ’ব প্ৰদেশ বিজেপিৰ নতুন সভাপতি– ৰাজ্যৰ ৰাজনীতিত এতিয়া এইটো এটা বহুচৰ্চিত বিষয়৷ প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস হিমন্তবিশ্ব শৰ্মা মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱাৰে পৰাই এই বিষয়টো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ কিয়নো, বিজেপিৰ নিয়ম মতে এজন মানুহ দুটা গুৰুত্বপূৰ্ণ পদত থাকিব নোৱাৰে৷ প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে সদৰী কৰিছে যে তেওঁ মন্ত্ৰী হোৱাৰ পাছতে তেওঁক প্ৰদেশ বিজেপিৰ সভাপতি পদৰ পৰা অব্যাহতি দিবৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক তেওঁ অনুৰোধ জনাইছিল যদিও নড্ডাই ভাৰতীয় জনতা পাৰ্টীৰ সংবিধানৰ দিহা মতেই তেওঁক পুনৰ ছমাহলৈ কাৰ্যনিৰ্বাহ কৰাৰ অনুমতি দিয়ে৷ এই ছমাহৰ ভিতৰতে প্ৰদেশ বিজেপিৰ নতুন সভাপতি বাছনি কৰা হ’ব বুলিও নড্ডাই ৰঞ্জিত দাসক জানিবলৈ দিয়ে৷ অৱশ্যে ছমাহৰ পূৰ্বেও নতুন সভাপতি নিযুক্তি দিব পাৰে৷ সেইসূত্ৰেই বাজপেয়ী ভৱন আৰু কেশৱ ধামত ইতিমধ্যে শিবিৰকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে৷ কেইবাজনো নেতা প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্ব ল’বলৈ আগ্ৰহী৷ আন কেইবাজনো নেতাক আকৌ সতীৰ্থই হেঁচা দিছে– সভাপতিৰ দায়িত্ব ল’বৰ বাবে৷ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰদেশ বিজেপিৰ সভাপতি হ’ব বুলি আৰম্ভণিতে ধাৰণা কৰা হৈছিল যদিও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে সেই সম্ভাৱনা নস্যাৎ কৰিছে আৰু সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ সম্ভাৱনা সদৰী কৰিছে৷ ইপিনে, প্ৰদেশ বিজেপিৰ দুই প্ৰাক্তন সভাপতি তথা দুই প্ৰাক্তন সাংসদ ৰমেন ডেকা আৰু ৰাজেন গোহাঁইৰ নাম নতুন সভাপতিৰ বাবে উচ্ছাৰিত হৈছে যদিও ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতে এই দুজনৰ এজনো সভাপতি হোৱাৰ সম্ভাৱনা নাই৷ ৰমেন ডেকাৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো বিশেষ অভিযোগ নাই যদিও তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ সৈতে ৰমেন ডেকাৰ বিশেষ সম্পৰ্ক নাই৷ কাজেই তেওঁক সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা খীণ৷ ইপিনে, বিগত সময়ছোৱাত বহুবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ৰাজেন গোহাঁইক সভাপতি হিচাপে মানি ল’বলৈ আগ্ৰহী নহয় দলৰ বহুসংখ্যক নেতা৷ একেটা কাৰণতে ডিব্ৰুগড়ৰ বহুবল্কী বিধায়ক প্ৰশান্ত ফুকন প্ৰদেশ বিজেপিৰ সভাপতি হোৱাৰ সম্ভাৱনা খীণ বুলি পৰ্যবেক্ষক মহলে ধাৰণা কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক প্ৰদেশ বিজেপিৰ সভাপতি হ’বৰ বাবে একাংশ নেতাই হেঁচা দিছিল যদিও ইয়াৰ বাবে এধানমানো আগ্ৰহী নহয় তেলী৷ চাহ জনগোষ্ঠীৰ আন এজন নেতা কামাখ্যা তাছাও প্ৰদেশ বিজেপিৰ সভাপতি হ’বলৈ আগ্ৰহী নহয়৷ সাংসদ দিলীপ শইকীয়া প্ৰদেশ বিজেপিৰ সভাপতি হোৱাৰ সম্ভাৱনা বিভিন্ন মহলে সদৰী কৰিছিল যদিও বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ গুৰুদায়িত্ব বহন কৰি থকা দিলীপ শইকীয়াক কেৱল অসমত দলৰ কাম কৰোৱাৰ বিপৰীতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ দায়িত্বহে অৰ্পণ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ সেইসূত্ৰে তেওঁ প্ৰদেশ বিজেপিৰ সভাপতি হোৱাৰ সম্ভাৱনা কম৷ বিধানসভাৰ সদ্যপ্ৰাক্তন অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীক একাংশই প্ৰদেশ বিজেপিৰ সভাপতিৰ বাবে উপযুক্ত বুলি গণ্য কৰে যদিও বিজেপিৰ নিয়ম মতে দলত দহ বছৰ সম্পূৰ্ণ নহ’লে সভাপতিৰ দৰে গুৰুদায়িত্ব ল’ব নোৱাৰে৷ কেৱল সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰতে ইয়াৰ ব্যতিক্ৰম ঘটিছিল৷ সোণোৱালক সভাপতি পাতিবৰ বাবে বিজেপিৰ সংবিধানৰ নিয়ম সলনি কৰা হৈছিল– যিটো হিতেন্দ্ৰনাথ গোস্বামীৰ ক্ষেত্ৰত কৰা হ’ব বুলি কোনেও ধাৰণা কৰা নাই৷ প্ৰদেশ বিজেপিৰ সভাপতিৰ বাবে এতিয়ালৈকে নিজাববীয়াকৈ বা পৰোক্ষভাৱে উচ্ছাৰিত হৈছে প্ৰায় এক ডজন নেতাৰ নাম৷ সেইসকলৰ ভিতৰত তিনিজনে প্ৰদেশ বিজেপিৰ সভাপতিৰ বাবে বহুখিনি কছৰৎ কৰিছে৷ তেওঁলোক হৈছে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু দলৰ আগশাৰীৰ নেতা ড॰ প্ৰদীপ ঠাকুৰীয়া৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সোণোৱাল চৰকাৰৰ আমোলত মন্ত্ৰী হৈ থকাৰ সময়তে ৰাজধানী চৌহদস্থিত ৰঞ্জিত দত্তৰ চৰকাৰী কাৰ্যালয়তে এজন উচ্ছপদস্থ বিষয়া উৎকোচ ল’বলৈ গৈ হাতে-লোটে ধৰা পৰিছিল৷ এই ঘটনা সন্দৰ্ভত ৰঞ্জিত দত্তৰ বিৰুদ্ধেও উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ৷ ধৃত বিষয়াজনৰ ভাষ্য মতে, মন্ত্ৰীৰ নিৰ্দেশতহে তেওঁ ধন সংগ্ৰহ কৰিছিল৷ এই ঘটনাই ৰঞ্জিত দত্তৰ ভাবমূৰ্তি ম্লান কৰাৰ উপৰি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঞ্জিত দত্তৰ দপ্তৰ সলনি কৰিছিল৷ জনমানসত এই ঘটনাই সাংঘাতিক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ সেইবাবেই ৰঞ্জিত দত্তক সভাপতিৰূপে হাইকমাণ্ডে নিযুক্তি দিয়াৰ সম্ভাৱনা খীণ বুলি পৰ্যবেক্ষক মহলে ধাৰণা কৰিছে৷ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰএছএছ আৰু বিজেপিৰ পুৰণা কৰ্মী৷ সংগঠক হিচাপেও ভৱেশ কলিতাৰ নাম আছে৷ কিন্তু সোণোৱালৰ আমোলত মন্ত্ৰী হিচাপে ভৱেশ কলিতাই বিশেষ দক্ষতা প্ৰদৰ্শন কৰিব নোৱৰাৰ বাবেই হিমন্তবিশ্ব শৰ্মাৰ কেবিনেটত অন্তৰ্ভুক্ত নহ’ল ৰঙিয়াৰ বিধায়কজন৷ আনফালে, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহমন্ত্ৰীৰূপে ভৱেশ কলিতাৰ কাম-কাজ পছন্দ নকৰাৰ বাবেই পৰৱৰ্তী সময়ত ভৱেশ কলিতাৰ হাতৰ পৰা ৰাজহ বিভাগটো আঁতৰাই দিছিল৷ ইপিনে জলসিঞ্চন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰতো কেলেংকাৰিৰ অভিযোগ উঠিছিল৷ মন্ত্ৰী হিচাপে ব্যৰ্থতা প্ৰদৰ্শন কৰা ভৱেশ কলিতাক প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্ব দিবৰ বাবে একাংশ নেতাই হেঁচা দিছে যদিও পৰ্যবেক্ষক মহলৰ ধাৰণা– হাইকমাণ্ডে কলিতাক সভাপতিৰ দায়িত্ব দিয়াৰ সলনি দলৰ আন কামত ব্যৱহাৰ কৰিব৷ প্ৰদেশ বিজেপিৰ সভাপতিৰ আন এগৰাকী দাবীদাৰ হৈছে দলৰ জ্যেষ্ঠ নেতা ড॰ প্ৰদীপ ঠাকুৰীয়া৷ তেওঁ এতিয়ালৈকে বিধায়ক বা সাংসদ হোৱা নাই যদিও সাংগঠনিক ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা আৰু দক্ষতা দলৰ সকলোৱে স্বীকাৰ কৰে৷ প্ৰায় ৩০ বছৰ ধৰি বিজেপিৰ সৈতে জড়িত ড॰ ঠাকুৰীয়াই বিজেপি যুৱমৰ্চাৰ ৰাজ্যিক উপসভাপতি, সাধাৰণ সম্পাদক, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ, সাধাৰণ সম্পাদক আৰু উপসভাপতিৰ দায়িত্ব বহন কৰাৰ উপৰি বিগত নিৰ্বাচনত দলৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ প্ৰমুখ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ মহাবিদ্যালয়ৰ অধ্যাপকৰ চাকৰি বাদ দি বিজেপিত যোগ দিয়া প্ৰদীপ ঠাকুৰীয়াৰ কোনো নিজাববীয়া ‘লবী’ নাই৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিজেপিৰ সাংসদবৰ্গ, বিধায়কবৰ্গ, প্ৰদেশ বিজেপিৰ নেতৃবৰ্গ আৰু জিলা বিজেপিৰ নেতা-নেত্ৰীসকলৰ সৈতেও ব্যক্তিগত সম্পৰ্ক আছে ড॰ ঠাকুৰীয়াৰ৷ বিজেপিৰ সভাপতিৰ বাবে নাম উচ্ছাৰিত নেতাসকলৰ অধিকাংশৰে সাংগঠনিক দক্ষতা আছে যদিও যিমান দূৰলৈকে পাৰি বিধায়ক বা সাংসদক দলৰ গুৰুদায়িত্ব অৰ্পণ নকৰাৰ কৌশল অৱলম্বন কৰিছে বিজেপিয়ে৷ কাৰণ ৰাজ্যিক সভাপতিগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কথা চিন্তা কৰিব লাগে, সংগঠনৰ কাম কৰিব লাগে৷ ৰঞ্জিত দাস যদি প্ৰদেশ বিজেপিৰ সভাপতি নহ’লহেঁতেন, তেন্তে দলে সৰভোগ সমষ্টিটো হেৰুৱাব লগা নহ’লহেঁতেন৷ সাতে সোতৰই মিলি প্ৰদেশ বিজেপিৰ সভাপতিৰ দৌৰত এতিয়ালৈকে ড॰ প্ৰদীপ ঠাকুৰীয়া আগবাঢ়ি আছে যদিও এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল’ব দলৰ হাইকমাণ্ডে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অনুমোদন লাগিব৷ আৰএছএছৰ অনুমোদনো অপৰিহাৰ্য৷ প্ৰদেশ বিজেপিৰ বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসৰো ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি৷ সি যি কি নহওক, দুৰ্গাপূজাৰ আগে-পাছে বিজেপিৰ হাইকমাণ্ডে অসম প্ৰদেশ বিজেপিৰ নতুন সভাপতি যে নিযুক্তি দিব সেয়া নিশ্চিত৷