Logo
image

ডিএছপি যতীন দাসৰ আঁৰত কোন

আমাৰ অসম, ২ জুনঃ এশ গৰু মাৰিলে বাঘৰো মৰণ৷ স্মাগ্‌লিং তথা অবৈধ ব্যৱসায়ী চক্ৰৰে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগতে ধুবুৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ডি এছ পি যতীন চন্দ্ৰ দাসক চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে গুৱাহাটীস্থ বিশেষ ন্যায়াধীশৰ আদালতে৷ ধুবুৰীৰ সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাসৰ লগতে তেওঁৰ সহযোগী কালেক্টিং এজেণ্ট ৰফিকুল প্ৰামণিককো বিশেষ ন্যায়াধীশৰ আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, মোবাইলৰ এটা অডিঅ’ ৰেকৰ্ডিঙৰ ভিত্তিত ডি এছ পি যতীন চন্দ্ৰ দাস আৰু ৰফিকুল প্ৰামাণিকক গ্ৰেপ্তাৰ কৰে৷ যিটো অডিঅ’ত চোৰাং তথা অবৈধ সামগ্ৰী কঢ়িওৱা ট্ৰাক সৰবৰাহ কৰাৰ সুবিধা কৰি দিয়াৰ বাবদ ডি এছ পি যতীন চন্দ্ৰ দাসে ধন দাবী কৰিছিল৷ আনকি উক্ত ধন দালাল তথা কালেক্টিং এজেণ্ট ৰফিকুল প্ৰামাণিক জমা দিবলৈও কোৱা হৈছিল৷ অসম আৰক্ষীৰ কাহিলিপাৰাস্থিত বিশেষ শাখাই গোপন সূত্ৰৰ পৰা লাভ কৰা এই অডিঅ’ ৰেকৰ্ডিঙটো ধুবুৰী আৰক্ষীলৈ প্ৰেৰণ কৰাৰ পাছতেই ধুবুৰীৰ সদৰ থানাৰ উপ-পৰিদৰ্শক চাণক্য দাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত দেওবাৰে নিশা আৰক্ষীয়ে দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে৷ আনকি আৰক্ষীয়ে ডি এছ পি দাসৰ ভাৰাঘৰৰ পৰা ৫৭ হাজাৰ টকা আৰু দালাল ৰফিকুল প্ৰামাণিকৰ ঘৰৰ পৰা ৪.২১ লাখ টকা জব্দ কৰিবলৈও সক্ষম হয়৷ আৰক্ষী সূত্ৰটোৱে প্ৰকাশ কৰা মতে যতীন দাসে ধুবুৰীৰ সীমান্তত শিল, বালি, পশুধন, কয়লাৰ পৰা আৰম্ভ কৰি ড্ৰাগছলৈ প্ৰতিটো ছিণ্ডিকেট চক্ৰৰ পৰা নিয়মীয়াকৈ কমিচন সংগ্ৰহ কৰি আছিল৷ শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহ কৰা ট্ৰাকৰ পথ সুচল কৰাৰ নামতো ডি এছ পি যতীন দাসে কমিচন সংগ্ৰহ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰই দাবী কৰা মতে আৰক্ষী পৰিদৰ্শকৰ পৰা উপ-আৰক্ষী অধীক্ষকলৈ পদোন্নতি লাভ কৰা যতীন চন্দ্ৰ দাসে বছৰ বছৰ ধৰি ধুবুৰী জিলাতে খোপনি পুতি ছিণ্ডিকেট চলাই আহিছিল৷ জিলাখনলৈ নতুনকৈ বদলি হৈ অহা প্ৰতিজন শীৰ্ষ আৰক্ষী বিষয়াক মেনেজ কৰাৰো দায়িত্বত আছিল ডি এছ পি দাস৷ আনকি ডি জি পি কাৰ্যালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ আৰ্শীবাদত আন জিলালৈ বদলি হোৱাত ডি এছ পি দাসক ৰক্ষণাবেক্ষণ দি অহা হৈছিল৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰায় ১০ দিন পূৰ্বে জিলাখনৰ তদানিন্তন আৰক্ষী অধীক্ষক তথা ‘দক্ষ’ আই পি এছ বিষয়া হিচাপে পৰিচিত আনন্দ মিশ্ৰক নগাঁওলৈ বদলি কৰাৰ পাছতে জিলাখনৰ উপ-আৰক্ষী অধীক্ষকজনক ছিণ্ডিকেটেৰ জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব লগা ঘটনাত তেওঁৰ দুষ্কাৰ্যৰ সৈতে আন কোন শীৰ্ষ বিষয়া জড়িত আছে নেকি? লক্ষণীয়ভাৱে এছ পি মিশ্ৰৰ বদলিত ধুবুৰীৰ একাংশ লোকে চকুলো নিগৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ কিন্তু এছ পি মিশ্ৰৰ দৰে ‘দক্ষ’ আৰক্ষী বিষয়াৰ কাৰ্যকালত ডি এছ পি যতীন দাসৰ দৰে বিষয়াই কেনেকৈ ছিণ্ডিকেট মাফিয়াৰে বা চোৰাং ব্যৱসায়ীৰে সম্পৰ্ক ৰক্ষা কৰি আহিছিল, সেয়া এতিয়া সকলোৰে বাবে নুবুজা সাঁথৰ হৈ পৰিছে৷ স্বাভাৱিকতে তদানীন্তন ধুবুৰী এছ পি আনন্দ মিশ্ৰও সন্দেহৰ আৱৰ্তত সোমাই পৰিছে৷ কিয়নো এছ পি মিশ্ৰই আৰক্ষীৰ কলংক স্বৰূপ যতীন দাসৰ দুষ্কাৰ্যৰ বিষয়ে জ্ঞাত হোৱাৰ পাছতো ৰহস্যজনক কাৰণত ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ নে ‘দক্ষ’ এছ পিৰ চকুত ধূলি দি যতীন দাসে অপৰাধী চক্ৰৰে সম্পৰ্ক ৰক্ষা কৰি আহিছিল, সেই লৈ আৰক্ষীৰ ভিতৰচ’ৰাতো চৰ্চাৰ বিষয় হৈ পৰিছে৷ অৱশ্যে ডি জি পি ভাস্কৰজ্যোতি মহন্তই ডি এছ পি যতীন দাসৰ দুষ্কাৰ্যত সহযোগ কৰা আন আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে?  নে দাসক গ্ৰেপ্তাৰতে তদন্ত সামৰিব সেয়া সময়েহে ক’ব৷ অৱশ্যে ডিজিপি মহন্তই সংবাদ মাধ্যমৰ আগত কয়–‘চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে৷ এই ক’লা সাম্ৰাজ্যৰ সৈতে আৰক্ষীৰ কোনো লোক জড়িত আছে নেকি লক্ষ্য কৰি অহা হৈছে৷ এই ক্ষেত্ৰত লাভ কৰা তথ্য প্ৰমাণৰ ভিত্তিতে এজন ডি এছ পিক গ্ৰেপ্তাৰ কৰা হৈছে৷ এই গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰিব পাৰি নেকি সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হৈছে৷ আনহাতে নতুন চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযানৰ সন্দৰ্ভত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়–সৰ্বানন্দ সোণোৱাল চৰকাৰ নেতৃত্বাধীন পূৰ্বৰ বিজেপি চৰকাৰৰ অনিয়ম ধৰা পেলাইছে হিমন্ত বিশ্ব শৰ্মাৰ নতুন বিজেপি চৰকাৰে৷ চেলিব্ৰেটী এছ পি আনন্দ মিশ্ৰৰ সততাৰ নাটক উন্মোচিত কৰিছে ধুবুৰীৰ নতুন এছ পিয়ে৷ যদিহে আৰক্ষীৰ মুৰব্বীসকলৰ ছিণ্ডিকেটেৰে সম্পৰ্ক আছে তেনেহ’লে বৰ্তমানৰ সকলো আৰক্ষী অধীক্ষকৰ সম্পত্তিৰ ওপৰত চৰকাৰে তদন্ত কৰক৷