Logo
image

কঠোৰ মুখ্যমন্ত্ৰী, সূতাৰকান্দি কয়লা ছিণ্ডিকেটৰ ৪ মাফিয়া ধৃত

আমাৰ অসম, ২ জুনঃ বৰাকত অব্যাহত থকা কয়লা ছিণ্ডিকেটক লৈ মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ পাছতেই অসম আৰক্ষীও ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে৷ কৰিমগঞ্জ সূতাৰকান্দি আন্তঃৰাষ্ট্ৰীয় সীমান্তইদি বাংলাদেশলৈ ৰপ্তানি কৰাৰ চেষ্টা চলোৱা ৯ খনকৈ চোৰাং কয়লা ভৰ্তি ট্ৰাক দেওবাৰে নিশা জব্দ কৰিবলৈ সক্ষম হৈছিল কৰিমগঞ্জ আৰক্ষী৷ এই চোৰাং কাৰবাৰৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বিজেপি নেতা তথা কৰিমগঞ্জ আমদানি-ৰপ্তানি সন্থাৰ সভাপতি অমৰেশ ৰয়সহ ৭ জন ব্যৱসায়ীক আটক কৰিছিল৷ অৱশ্যে আৰক্ষীয়ে বিজেপি নেতা অমৰেশ ৰয়ৰ লগতে তাজ উদ্দীন আৰু বিশ্বজিৎ ৰয় নামৰ ব্যৱসায়ীকেইজনক এৰি দিয়ে যদিও কয়লা ছিণ্ডিকেটৰে জড়িত থকা অভিযোগত ব্যৱসায়ী ফকৰুল ইছলাম, আব্দুল হাফিজ চৌধুৰী, মুক্তাৰ হুছেইন চৌধুৰী আৰু চালক নীলু ৰয়ক গ্ৰেপ্তাৰ কৰি সোমবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে বৰাকৰ কয়লা ছিণ্ডিকেটৰ অন্যতম মূল মাফিয়া বীৰেন্দ্ৰ মালাকাৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷ লক্ষণীয়ভাৱে কয়লা ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত কেইবাজনো ব্যৱসায়ীক আটক কৰাৰ পাছতেই দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ সদৰ থানাত উপস্থিত হোৱা কাৰ্যই সমগ্ৰ বৰাকতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ছিণ্ডিকেটক লৈ সততে সৰব ভূমিকা পালন কৰা কংগ্ৰেছী বিধায়কজনে কয়লা ছিণ্ডিকেট সম্পৰ্কীয় গোচৰত সোধা পোছা কৰা বিজেপি নেতাক মুকলি কৰাৰ বাবে থানাত হাজিৰ হোৱা ঘটনাক সাধাৰণভাৱে লোৱা নাই জিলাবাসীয়ে৷ কেৱল থানাত হাজিৰ হোৱাই নহয়, কংগ্ৰেছী বিধায়কজনৰ লগতে কেইবাজনো এ আই ইউ ডি এফ নেতাইও এছ পি কাৰ্যালয়ত উপস্থিত হৈ ব্যৱসায়ী কেইজনক মুকলি কৰি দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে৷ বিধায়ক পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত কয়–আৰক্ষীয়ে ছিণ্ডিকেটত জড়িত ৰৌ বৰালিক এৰি দিছে৷ আৰক্ষীয়ে কি গোচৰত প্ৰতিষ্ঠিত ব্যৱসায়ীসকলক আটক কৰিছে জনপ্ৰতিনিধি হিচাপে জনাৰ অধিকাৰ আছে৷ এই সন্দৰ্ভত মই ডি আই জিৰ লগত কথা পতাত, তেওঁ ওপৰৰ পৰা হেঁচা আছে বুলি জানিবলৈ দিছে৷ অৰ্থাৎ ৰাজনৈতিক হেঁচাত এইবোৰ চলিছে নেকি? উল্লেখ্য, এই ঘটনাই বৰাকত কয়লা ছিণ্ডিকেট অব্যাহত থকাৰ সত্যতাকে পুনৰবাৰ প্ৰতীয়মান কৰিলে৷

আৰক্ষীৰ গাড়ীতে আত্মহত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত চোৰৰ

ড্ৰাগছ ক্ৰয়ৰ ববে একাংশ যুৱক জড়িত হৈ পৰিছে অপৰাধৰ সৈতে। মঙলবাৰে আৰক্ষীয়ে আটক কৰাৰ পিছত ড্ৰাগছ বিচাৰি হুলস্থূল লগায় এটা চোৰে৷ আনকি চোৰটোৱে নিজকে আঘাতৰো ব্যৰ্থ চেষ্টা চলায়৷ মঙলবাৰে পুৱা নগাঁও চহৰৰ মৰিকলঙত অৱস্থিত নগাঁও ৰেল ষ্টেচনত চুৰি সামগ্ৰীসহ এটা ৪জনীয়া চোৰৰ দল ৰৈ থকাৰ খবৰ পাই গাঁৱৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়ে৷ গাঁৱৰক্ষী বাহিনীয়ে আৰক্ষীৰ সহযোগত চোৰ কেইটাক আটক কৰাৰ চেষ্টা চলাই যদিও ইয়াৰে ৩টা চোৰে পলায়ন কৰে৷ কিন্তু গাঁৱৰক্ষী বাহিনীয়ে খেদি খেদি আটক কৰে মহম্মদ ৱাক্কিল ভূঁঞা নামৰ চোৰটোক৷ আৰক্ষীয়ে ৱাক্কিলৰ পৰা  নামঘৰৰ পৰা চুৰি হোৱা বহু সামগ্ৰীৰ লগতে কেমেৰা, লেপটপ, সোণৰ অলংকাৰ, ইনভাৰটাৰ, বেটেৰী, ২খন ডেগাৰ আৰু বহু সামগ্ৰী উদ্ধাৰ কৰে৷ কিন্তু আৰক্ষীয়ে ধৃত ৱাক্কিলক আৰক্ষীৰ গাড়ীত উঠোৱাৰ পিছতে ড্ৰাগছ বিচাৰি চোৰটোৱে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ ৱাক্কিলে আনকি এখন কেচিৰে নিজৰ ডিঙিত আঘাত কৰি আত্মহত্যাৰো চেষ্টা কৰে৷ ইয়াৰ পিছতে মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাই ৱাক্কিলৰ হাতৰ পৰা কেচিখন কাঢ়ি লৈ ৱাক্কিলৰ প্ৰাণৰক্ষা কৰে৷  ৱাক্কিলৰ অপ্ৰকৃতস্থ ব্যৱহাৰৰ পৰা আৰক্ষী নিশ্চিত হয় যে ৱাক্কিল এটা ড্ৰাগছ আসক্ত আৰু কেৱল ড্ৰাগছৰ বাবেই চুৰি-ডকাইতি আদি অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছিল৷ বৰ্তমান আৰক্ষীয়ে ৱাক্কিলৰ সৈতে থকা আন ৩টা চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ ড্ৰাগছৰ বাবেই যে বৰ্তমান যুৱপ্ৰজন্ম বহু অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছে সেয়া আজিৰ ঘটনাই প্ৰমাণ কৰিছে৷