Logo
image

অসমত থকা হিন্দু বাংলাদেশীলৈ নাগৰিকত্ব

◾লং টাৰ্ম ভিছা লৈ থকাসকলক কেন্দ্ৰৰ সুযোগ

◾মাৰ্চতে দিয়া নিৰ্দেশ গাপ দি ৰাখিছিল দিছপুৰে

আমাৰ অসম, ৩ জুনঃ লং টাৰ্ম ভিছা লৈ অসমত থকা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে গোপনে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ নিৰ্দেশনা জাৰি কৰিছে৷ যোৱা ২ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ সচিব প্ৰতাপ সিং ৰাৱটে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক দিয়া এক নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰৰ ৰাজনৈতিক বিভাগৰ উপ সচিবে এক জাননী জাৰি কৰি জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষক সকলক লং টাৰ্ম ভিছালৈ অসমত বসবাস কৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু মূলৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চি আৰু খ্ৰীষ্টান লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে৷ নাগৰিকত্ব আইন ১৯৫৫ ৰ ৫ আৰু ৬ নম্বৰ ধাৰা অনুসৰি সংশ্লিষ্ট লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ৱেবছাইটত তথ্য আপলোড কৰিবলৈ নিৰ্দেশ দিছে৷ লক্ষণীয় ৰাজ্যত নিৰ্বাচনী অধিসূচনা বলবৎ থকাৰ সময়তে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ এই গোপন নিৰ্দেশ জাৰি কৰিছিল৷ ১৯ মাৰ্চত গৃহ বিভাগৰ উপ সচিবে ডিচি, এছ পিলৈ লিখা No PLB 292/2015/245 পত্ৰখন শেহতীয়াকৈ পোহৰলৈ আহিছে৷ লক্ষণীয় ৰাজ্যত শাসনলৈ অহা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ১৯ মে’ৰ জাননীখন নাকচ কৰা নাই৷ এনে প্ৰেক্ষাপটতত ৰাজ্যত লংটাৰ্ম ভিছালৈ অহা বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কাম পূৰ্ণাদ্যমে চলি থকা বুলি ক’ব পাৰি৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বাংলাদেশীক টালি-টোপোলাসহ খেদি পঠোৱাৰ হুংকাৰ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এতিয়া এটাৰ পাছত এটাকৈ বাংলাদেশী প্ৰীতিৰ নমুনা পোহৰলৈ আহিছে৷ শেহতীয়াকৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অ-মুছলমান নাগৰিকক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে গৃহ মন্ত্ৰণালয়ে জাননী জাৰি কৰাৰ সময়তে মোদী চৰকাৰৰ কাৰ্যকালত হাজাৰ হাজাৰ অবৈধ বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ তথ্য উন্মোচন হৈছে৷ আনকি ২০১৯ চনত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ ৩৯২ জন লোকক ভাৰত চৰকাৰে নাগৰিকত্ব প্ৰদানৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ গৃহ মন্ত্ৰণালয়ৰ প্ৰতিবেদনত বিদেশীক নাগৰিকত্বৰ এই পৰিসংখ্যা প্ৰকাশ পাইছে৷ মোদী চৰকাৰৰ কাৰ্যকালত তিনিওখন চুবুৰীয়া ৰাজ্যৰ সৰ্বমুঠ ১৮,৭৩৭ জন বিদেশীয়ে নাগৰিকত্ব লাভ কৰিছে৷ লক্ষণীয়ভাৱে ‘কা’ গৃহীত হোৱাৰ পাছত ৬জন বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিছে৷ আনহাতে অবৈধ বাংলাদেশীক খেদি পঠোৱাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত মুঠ ১৫ হাজাৰ বাংলাদেশী লোকক ভাৰতত নাগৰিকত্ব দিয়া হৈছে৷ কেন্দ্ৰত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছতেই ২০১৫ চনত ১৪,৮৮০ জন, ২০১৬ চনত ৩৯ জন, ২০১৭ চনত ৪৯ জন, ২০১৮ চনত ১৯ জন, ২০১৯ চনত ২৫ জন আৰু ২০২০ চনত ৬ জন বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিছে৷ আনহাতে গৃহ মন্ত্ৰণালয়ৰ তথ্যত প্ৰকাশ পোৱা মতে কেন্দ্ৰৰ পৰা লং টাৰ্ম ভিছা লৈ অসমত আশ্ৰয় লৈছে ১৮৭ জন বাংলাদেশী নাগৰিকে৷ ২০১১ চনৰ পৰা ২০১৯ চনৰ ৮ জানুৱাৰীৰ ভিতৰত এইসকল বাংলাদেশী নাগৰিকক অসমত আশ্ৰয় লোৱাৰ বাবে ভাৰত চৰকাৰে লং টাৰ্ম ভিছাৰ অনুমোদন দিয়া বুলি গৃহ মন্ত্ৰণালয়ৰ তথ্যত প্ৰকাশ পাইছে৷