Logo
image

অসমত ক’ভিডত প্ৰথমটি শিশুৰ মৃত্যু

আমাৰ অসম, ৩ জুনঃ ৰাজ্যত ক’ভিডৰ সংহাৰ অব্যাহত আছে৷ ক’ভিড ৰোগীৰ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত থকাত চিকিৎসকসকলক চিন্তিত কৰি তুলিছে৷ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ আপ্ৰাণ চেষ্টাৰ পাছতো মৃত্যুৰ হাৰ নিয়ন্ত্ৰণলৈ অহা নাই৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ৬১জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ অসম মেডিকেল কলেজ হাস্পতালত এটি ৩৭ দিনীয়া নৱজাতকৰ বুধবাৰে ক’ভিডে প্ৰাণ কাঢ়ি নিয়ে৷ অসমত ক’ভিডত শিশুৰ মৃত্যুৰ এইটোৱেই প্ৰথম ঘটনা৷ বুধবাৰে কাৰ্বি আংলঙত সৰ্বাধিক প্তজন ক’ভিড ৰোগীৰ মৃত্যু হয়৷ তদুপৰি কাছাৰ, ডিব্ৰুগড়, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু তিনিচুকীয়াত ৪জনকৈ ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ আনহাতে, বুধবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৪,১৭৮জন লোক৷ গুৱাহাটীত সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও তিনিচুকীয়া জিলাত পৰিস্থিতি অধিক অৱনতি ঘটিছে৷ জিলাখনত ক’ভিড ৰোগীৰ বাবে হাস্পতালত বিছনা প্ৰায় শূন্য হৈ পৰিছে৷ বুধবাৰে তিনিচুকীয়াত ৪১৫জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ ইয়াৰ বিপৰীতে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা হৈছে ৩৮৩জন৷ বিগত তিনিদিনে গুৱাহাটীতকৈ অধিকসংখ্যক লোক কৰ’নাত আক্ৰান্ত হৈছে উজনি অসমৰ তিনিচুকীয়া জিলাখনত৷ তদুপৰি বিগত ২৪ ঘণ্টাত ডিব্ৰুগড়ত ৩১৩জন, নগাঁৱত ২৯৪জন, গোৱালপাৰাত ২০৮জন, কামৰূপ গ্ৰাম্যত ৩৬৫জন, শোণিতপুৰত ২২৫জন আৰু কাছাৰত ২৭৩জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যত বুধবাৰে পজিটিভিটীৰ হাৰ হৈছে ৪.০৬ শতাংশ৷ আনহাতে, বুধবাৰৰ দিনটোত ৰাজ্যত ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫১,০৬১জন৷