Logo
image

বাৰ্লিনত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আদিললৈ

আমাৰ অসম, ০২ অক্টোবৰঃ প্ৰখ্যাত অভিনেতা তথা অসম সন্তান আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান৷ বাৰ্লিনত চলি থকা ইণ্ডো-জাৰ্মান ফিল্ম উইকত প্ৰদৰ্শন কৰা ‘পৰীক্ষা’ ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে তেওঁলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে৷ বুধবাৰে নিশা অভিনেজনে টুইটাৰযোগে সদৰী কৰে এই কথা৷ তেওঁ বাৰ্তাটোত কয়– ‘বৃহস্পতিবাৰৰ নিশা বাৰ্লিনৰ ইণ্ডো-জাৰ্মান ফিল্ম উইকত প্ৰদৰ্শন কৰা ‘পৰীক্ষা’ ছবিৰ ‘বুচ্ছি পাছোৱান’ নামৰ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি মই শিহৰিত হৈছোঁ৷ এই স্বীকৃতিৰ বাবে উদ্যোক্তাসকললৈ ধন্যবাদ৷ মই এই বঁটা প্ৰকাশ ঝা আৰু ছবিখনৰ সৈতে জড়িত আটাইৰে সৈতে ভগাই লৈছোঁ৷’