Logo
image

হাইপ্ৰ’ফাইল এজেণ্টৰ আত্মগোপন

আমাৰ অসম, ৩ জুনঃ বৰাকৰ কয়লা ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত আছে৷ কৰিমগঞ্জৰ সূতাৰকান্দি বন্দৰেৰে বাংলাদেশলৈ অসমৰ পৰা চোৰাং কয়লাৰ সৰবৰাহৰ বেহাৰে জড়িত পুঠি-খলিহনা জালত পৰিছে যদিও এতিয়াও ৰৌ-বৰালি বাছি থকা বুলি চৰ্চা চলিছে৷ এই ছিণ্ডিকেটত জড়িত ৪জনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ছিণ্ডিকেটত জড়িত হাইপ্ৰ’ফাইল এজেণ্টৰ আত্মগোপনৰ তথ্য পোহৰলৈ আহিছে৷ দেওবাৰে সূতাৰকান্দি সীমান্তইদি ভাৰতৰ পৰা বাংলাদেশলৈ কয়লা সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰিছিল ৯খন কয়লাভৰ্তি ট্ৰাক৷ ইয়াৰ পাছতেই কয়লা ব্যবসায়ী তথা আমদানি-ৰপ্তানি সংস্থাৰ সভাপতি অমৰেশ ৰয়সহ ৮জনক সদৰ আৰক্ষীয়ে আটক কৰি ২৩ ঘণ্টাজুৰি জেৰা কৰাৰ অন্তত অমৰেশ ৰয়সহ আন দুজনক এৰি দিছিল৷ আনহাতে জে’ললৈ প্ৰেৰণ কৰা হৈছিল আব্দুল হাফিজ চৌধুৰী, মুক্তাৰ চৌধুৰী, ফকৰুল ইছলাম আৰু ট্ৰাকৰ চালক নিলু ৰয়ক৷ এই তদন্ততে আৰক্ষীৰ হাতত আহি পৰিছিল ছিণ্ডিকেটৰে জড়িত গৌতম ঝা নামৰ এজন হাইপ্ৰ’ফাইল ব্যক্তিৰ নাম৷ মঙলবাৰে সন্ধিয়াৰ ভাগত সদৰ আৰক্ষী থানাৰ বিষয়া ভোলাৰাম তেৰাঙৰ নেতৃত্বত চহৰ সংলগ্ন সৰিষা এলেকাত থকা বাচ্ছু ৰয় নামৰ এজন লোকৰ মালিকানাধীন ভাৰাঘৰত গৌতম ঝাক বিচাৰি অভিযান চলায় আৰক্ষীয়ে৷ অৱশ্যে আৰক্ষীৰ আগমনৰ গোপন খবৰ লাভ কৰাত অভিযানৰ পূৰ্বেই গৌতম ঝাই বাচ্ছু  ৰয়ৰ ভাৰাঘৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়৷ অৱশ্যে কয়লা ছিণ্ডিকেটৰ সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে এতিয়াও মৌনতা অৱলম্বন কৰিছে৷ এতিয়া প্ৰশ্ন হৈছে,  কোন এইজন গৌতম ঝা? কি কাৰণে গৌতম ঝা নামৰ ব্যক্তিজন বাচ্ছু ৰয়ৰ ঘৰত ভাৰাতীয়া হিচাপে কৰিমগঞ্জত বাহৰ পাতিছিল? আৰক্ষীৰ সূত্ৰই গৌতম ঝা সন্দৰ্ভত বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে৷ গৌতম ঝা মূলত গুৱাহাটীৰ বাসিন্দা৷ গৌতম ঝা নামৰ ব্যক্তিজনে ছিণ্ডিকেটৰ পৰা সংগ্ৰহ কৰা ধন গুৱাহাটীলৈ প্ৰেৰণৰ দায়িত্বত আছিল৷ আৰু তেওঁৰ মাহিলি দৰমহা আছিল ডেৰ লাখ টকা৷ প্ৰতিমাহে দুই-তিনিদিন বাচ্ছু  ৰয়ৰ ভাৰাঘৰত থাকি এই কাম চলাই গেছিল গৌতম ঝাই৷ আনহাতে আৰক্ষীয়ে বিচাৰি ফুৰা কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত কাঠ ব্যৱসায়ী বীৰেন্দ্ৰ মালাকাৰসহ আন একাংশই সঘনাই অহা যোৱা কৰিছিল এই ভাৰঘৰলৈ৷ অৱশ্যে সংবাদ মাধ্যমৰ কৰ্মী হিচাপে নিজকে পৰিচয় দি বৰাকত ছিণ্ডিকেট চলোৱা গৌতম ঝাইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’বনে নাই সেয়া সময়েহে ক’ব৷ গৌতম ঝা আৰক্ষীৰ জালত পৰিলেই আন বহু হাইপ্ৰ’ফাইল ব্যক্তিৰ মুখা খোল খোৱাৰ সম্ভাৱনা প্ৰকট৷