Logo
image

নিঃস্বতৰ হ’ল অসমীয়া সাহিত্য

◾কথাশিল্পী ড॰ লক্ষ্মীনন্দন বৰাৰ জীৱনাৱসান

◾আন এক মহীৰূহৰ পতন

◾মৃত্যুৰে যুঁজত পৰাজিত ক’ভিড আক্ৰান্ত ড॰ বৰা

আমাৰ অসম, ৪ জুনঃ প্ৰথিতযশা সাহিত্যিক সাংবাদকি, অধ্যাপক, পদ্মশ্ৰী ড॰ লক্ষ্মীনন্দন বৰাৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে৷ ‘পাতাল ভৈৰৱী’, ‘কায়কল্প’ৰ দৰে উপন্যাসৰ স্ৰষ্টা ড॰ লক্ষ্মীনন্দন বৰাৰ পোষ্ট ক’ভিডজনিত সমস্যাৰ বাবে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত বৃহস্পতিবাৰে দিনৰ ১১ বজাত মৃত্যু হয়৷ ক’ভিডত আক্ৰান্ত হোৱা বাবে প্ৰথিতযশা সাহিত্যিকজনক ২০ মে’ত গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ তিনিদিন পূৰ্বে তেওঁ ক’ভিডমুক্ত হৈছিল৷ তেওঁৰ স্বাস্থ্যৰ জটিলতাৰ বাবে ক’ভিডৰ ৰিপ’ৰ্ট নিগেটিভ হোৱাৰ পাছতো হাস্পতালত ৰখা হৈছিল৷ বুধবাৰে দুপৰীয়াৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে৷ মধুমেহ ৰোগত ভুগি থকা ড॰ বৰাৰ অৱশেষত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে৷ উল্লেখ্য, কেইটামান দিনৰ ব্যৱধানত অসমীয়া সাহিত্যৰ দ্বিতীয়গৰাকী মহীৰূহৰ মৃত্যু হ’ল৷ প্ৰথিতযশা কথাশিল্পী হোমেন বৰগোহাঞিৰ মৃত্যু হৈছিল ১২ মে’ত৷ ক’ভিডোত্তৰ জটিলতাৰ বাবেই তেওঁৰ মৃত্যু হৈছিল৷ অনুৰূপ কাৰণত মৃত্যু হ’ল আন এগৰাকী প্ৰথিতযশা কথাশিল্পী লক্ষ্মীনন্দন বৰাৰ৷ কেইদিনমানৰ ব্যৱধানত দুজনকৈ যুগস্ৰষ্টা সাহিত্যিকক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে অসমৰ জনতা, বিদ্বৎ সমাজ৷ ১৯৩২ চনৰ পহিলা মাৰ্চত নগাঁও জিলাৰ হাতীচোং কুজীডাহত জন্মগ্ৰহণ কৰা ড॰ বৰাৰ পিতৃ আছিল প্ৰয়াত পৃথুৰাম বৰা আৰু মাতৃ প্ৰয়াত ফুলেশ্বৰী বৰা৷ ১৯৪৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ আই এছ চি শ্ৰেণীত ভৰ্তি হয়৷ ১৯৫০ চনত তেওঁ কটন কলেজৰপৰা আই, এছচি পাছ কৰে আৰু কটন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰে৷ ১৯৫২ চনত তেওঁ কটন কলেজৰপৰা পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পাছতেই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবৰ বাবে কলিকতাৰ প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰে৷ ১৯৫৪ চনত তেওঁ প্ৰেছিডেন্সী কলেজৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ লক্ষ্মীনন্দন বৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৫৫ চনত প্ৰবক্তা হিচাপে শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত যোগদান কৰে৷ তাত তেওঁ প্ৰবক্তা হিচাপে দুমাহ শিক্ষকতা কৰাৰ পাছত যোৰহাট জে.বি. কলেজ আৰু নগাঁও কলেজত কিছুদিনৰ বাবে শিক্ষকতা কৰে৷ লক্ষ্মীনন্দন বৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল অন্ধ্ৰ বিশ্ববিদ্যালয়ৰপৰা ১৯৭৭ চনত৷ ‘The Water Balance and Drought Climatology of Assam and Vincity’ বিষয়ত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ ১৯৫৬ চনতে তেওঁ কটন কলেজত এবছৰ শিক্ষকতা কৰে আৰু ধুবুৰীৰ বি.এন কলেজত যোগদান কৰে৷ ইয়াৰ পাছত লক্ষ্মীনন্দন বৰাই ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত যোগদান কৰে৷ অসম কৃষি মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাত ১৯৬৯ চনত তেওঁ তাত অধ্যাপকৰূপে নিযুক্তি লাভ কৰে৷ ১৯৯২ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান আৰু মৌচমবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে শিক্ষকতা চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে৷ লক্ষ্মীনন্দন বৰাই ভাৰতৰ বাহিৰৰ প্ৰতিষ্ঠানতো কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ অলপ দিন জাৰ্মানীৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰ হিচাপে আছিল আৰু ইন্দো-জাৰ্মান গৱেষণা প্ৰকল্প আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষৰূপেও দায়িত্বত আছিল৷ তেওঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সঞ্চালক হিচাপে ২০০৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷ লক্ষ্মীনন্দন বৰাই সাহিত্য ক্ষেত্ৰৰ সৈতে বিংশ শতিকাৰ ষাঠীৰ দশকৰপৰাই জড়িত হোৱা দেখা যায়৷ ‘ৰামধেনু’ আলোচনীৰ পাততে তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল৷ ১৯৫৪ চনত লক্ষ্মীনন্দন বৰাৰ প্ৰথম গল্প ‘ভাওনা’ প্ৰকাশ হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ একাধাৰে সাহিত্য চৰ্চা কৰি আছিল৷ গল্প, উপন্যাস, নাটক, ভ্ৰমণ কাহিনী, জীৱনী, বিজ্ঞান বিষয়ক লেখা আৰু অনুবাদৰ ক্ষেত্ৰত তেওঁ অৱদান আগবঢ়াই আহিছে৷ লক্ষ্মীনন্দন বৰাই কেইবাখনো কাকত-আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল৷ ১৯৯২ চনতে সাপ্তাহিক কাকত ‘ৰংপুৰ’ৰ সম্পাদক হিচাপে তেওঁ তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৪ চনত ‘অভিমত’ নামৰ সাপ্তাহিক কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৯ চনৰপৰা তেওঁ সাহিত্য আলোচনী ‘গৰীয়সী’’ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ মৃত্যুৰ আগলৈকে সাহিত্যিক গৰাকীয়ে আলোচনী-কাকতত গল্প, প্ৰবন্ধ লিখি গৈছিল৷ 

লক্ষ্মীনন্দন বৰাৰ গ্ৰন্থসমূহ হৈছে ক্ৰমে– গল্পঃ দৃষ্টিৰূপা [১৯৫৮], সেই সুৰে উতলা [১৯৬০], কাঁচিয়লীৰ কুঁৱলী [১৯৬১], গোপন গধূলি [১৯৬১], গৌৰী ৰূপক [১৯৬১], মন মাটি মেঘ [১৯৬২], অচিন কইনা [১৯৬৩], এই ৰূপ এই ছন্দ [১৯৬৩], দহন দুলড়ী [১৯৬৫], কঠিন মায়া [১৯৬৬], দেৱতাৰ ব্যাধি [১৯৬৬], আৱেশ ইন্দ্ৰজাল [১৯৬৭], মাজত তৃষাৰে নৈ [১৯৬৭], ব্যতিক্ৰম [১৯৭৬], নিষিদ্ধ চেতনা [১৯৭৬], সেহি অনুৰাগে [১৯৮০], এৰাবাৰীৰ লেছেৰী [১৯৮৩], দুস্তৰ কাৰাগাৰ [২০০২], প্ৰেয়সী [১৯৯৩], মন বিৰিখৰ জোখ [২০০১], মুক্ত পুৰুষ [২০০২],  মন মাটি পিৰীতি [১৯৬২], লক্ষ্মীনন্দন বৰাৰ গল্প সমগ্ৰ [প্ৰথম খণ্ড] [২০০৪], আলাসত খৰিকাজাই [২০০৬], লক্ষ্মীনন্দন বৰাৰ চাৰিটা দশকৰ গল্প সমগ্ৰ [২০০৭], বাসন্তী বাসনা [২০১৭]৷ আনহাতে, উপন্যাস ঃ নিশাৰ পূৰৱী [১৯৬২], গঙা চিলনীৰ পাখি [১৯৬৩], ছাঁ জুইৰ পোহৰত [১৯৬৬], শিখাৰ সুৰভি [১৯৬৮], মেঘালী দুপৰ [১৯৬৮], বলুকাত বিজুলী [১৯৬৯], মাটিত মেঘৰ ছাঁ [১৯৭০], উত্তৰ পুৰুষ [১৯৭০], বিশেষ এৰাতি [১৯৭৯], পতন [১৯৭৯], আকৌ শৰাইঘাট [১৯৮০], ৰাধিকাপুৰ আৰু মালক্ষ্মী নিকেতন [১৯৮২], ঘাতক-পলাতক [১৯৮৫], পাতাল ভৈৰৱী [১৯৮৬], প্ৰতিৰোধ [১৯৮৭], বিপন্ন বিস্ময় [১৯৮৮], কাল ডিঙৰাৰে পাল [১৯৮৮], গণেশগুৰি [১৯৮৮], নায়ক-অধিনায়ক [১৯৯২], হিয়াত তিৰেবিৰায় [১৯৯৩], যাকেৰি নাহিকে উপাম [১৯৯৩], মৎস্যকন্যা [১৯৯৫], সেহি গুণনিধি [১৯৯৭], মেঘত মাদল বাজে [১৯৯৯], কায়কল্প [২০০২], চতুৰংগ [২০০৩], তেজস্বিনী [২০০৩], গতি মতি ভকতি [২০০৫], ‘সেহি সব্যসাচী’ [২০১৪]৷ তদুপৰি ভ্ৰমণঃ পশ্চিমৰ পম খেদি [১৯৯১], জোৰালগা জাৰ্মেনীত [১৯৯৩], সীমাৰ পৰিধি ভেদি [১৯৯৭]৷ নাটকঃ সিপুৰীৰ আঁচনি [১৯৬১], একাংক যুগল [১৯৭২]৷ জীৱনীঃ স্বামী বিবেকানন্দ [১৯৯৭], শঙ্কৰদেৱঃ এটি মহাজীৱন [১৯৯৯], মহাপুৰুষ মাধৱদেৱ [১৯৯৯]৷ আত্মজীৱনীঃ কাল বলুকাত খোজ [২০১০]৷ বিজ্ঞানঃ গাঁৱৰে সৰগ ৰচোঁ [১৯৬০], মই ধনীৰামৰ ধান [১৯৬০], জনম ৰহস্য আৰু পৰিয়াল আঁচনি [১৯৬৮], মই ধনীৰামৰ খেতি [১৯৯০], পৰিৱেশ বিজ্ঞানৰ সাৰথি [১৯৯৫], পৰিৱেশ বিজ্ঞান আৰু আইন [২০০৪], অফুৰন্ত যৌৱনৰ সঁচাৰকাঠী [২০১৬]৷ অনুবাদঃ মেঘনাথ সাহা [১৯৮৯], শামুকৰ পেটত মুকুতা [১৯৯০]৷ অন্যান্যঃ সভাপতিৰ দিনলিপি [২০০২]৷

লক্ষ্মীনন্দন বৰাই লাভ কৰা উল্লেখযোগ্য সন্মানসমূহ হৈছে ক্ৰমে– ১৯৬০ চনত ‘গাঁৱৰে সৰগ ৰচোঁ’ গ্ৰন্থৰ বাবে ৰাষ্ট্ৰীয় ‘নিউ লিটাৰেটছ বঁটা লাভ৷ ১৯৮৮ চনত ‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ৷ ১৯৯৬ চনত ‘যাকেৰী নাহিকে উপাম’ উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ৷ ২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ৷ ২০০৮ চনত ‘কায়কল্প’ উপন্যাসৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান লাভ৷ ২০১৫ চনত ‘পদ্মশ্ৰী বঁটা’ লাভ৷ 

মৃত্যুৰ সময়ত বয়স তেওঁৰ বয়স আছিল ৮৮ বছৰ৷ মৃত্যুৰ সময়ত পত্নী মাধুৰী বৰা, পুত্ৰ স্বৰূপ নন্দন বৰা, ত্ৰিদীপ নন্দন বৰা, কন্যা সেউজী বৰাৰ লগতে বহু আত্মীয়-স্বজন তথা অসংখ্য গুণমুগ্ধক এৰি যায়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমন্ত্ৰী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এক্সেল কেয়াৰ হাস্পতালত উপস্থিত হৈ কয়– ড॰ লক্ষ্মীনন্দন বৰাই অসমেই নহয়, ভাৰতীয় সাহিত্য জগতৰ সৈতেও জড়িত আছিল৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷ ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷’ হাস্পতালৰ পৰা সাহিত্যিকজনৰ গুৱাহাটীৰ গণেশগুৰিৰ ৰাজাবাৰীৰ বাসভৱনলৈ নশ্বৰ দেহ অনা হয়৷ তাত সাহিত্যিকজনৰ গুণমুগ্ধসকলে শেষ শ্ৰদ্ধা জনায়৷ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ দীপাংক কুমাৰ নাথ, উপসভাপতি বিপুল ৰাভা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে সন্থাৰ পতাকা আৰু পুষ্পাঞ্জলিৰে ড॰ বৰাক শেষ শ্ৰদ্ধা জনায়৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কামৰূপ মেট্ৰ’ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আদি প্ৰশাসনৰ লোক বাসগৃহত উপস্থিত থাকে৷ উল্লেখ্য, তেওঁৰ নশ্বৰ দেহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ড॰ বৰাৰ নশ্বৰ দেহ নিয়াৰ কথা আছিল যদিও পাছত ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰিয়ালৰ সিদ্ধান্তমৰ্মে তথা অসম সাহিত্য সভাৰ কাৰ্যালয়, আছাম ট্ৰিবিউনৰ কাৰ্যালয়লৈ নিয়া হয়৷ আছাম ট্ৰিবিউনৰ কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৰেণ্য সাহিত্যিকজনক শেষশ্ৰদ্ধা জনায়৷ তাত যশস্বী সাহিত্যিকজনক শেষ শ্ৰদ্ধা জনোৱাৰ পাছত নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়৷ উল্লেখ্য, চলিত বছৰৰ ১২ মে’ত অসমৰ সাহিত্য জগতৰ আন এক মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যু হৈছিল৷ দুজনকৈ বৰেণ্য সাহিত্যিকক হেৰুৱাই নিঠৰুৱা হৈ পৰিছে অসমৰ সাহিত্য জগত, অসমবাসী ৰাইজ৷ জ্যেষ্ঠ সকলৰ লগতে নৱপ্ৰজন্মৰ মাজতো সমানেই জনপ্ৰিয় প্ৰথিতযশা সাহিত্যিক, সাংবাদিক দুজনৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰক পদক্ষেপ ল’বলৈ আহ্বান জনাইছে বিভিন্ন দল-সংগঠন, সাহিত্যিক, লেখকে৷

ড॰ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত শোকস্তব্ধ অসম

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক, অধ্যাপক ড॰ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ড॰ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক শোকবাৰ্তাত কয়– ‘অসমে সাহিত্য জগতৰ এক উজ্জ্বল জ্যোতিষ্ক হেৰুৱালে৷ বহু সুখপাঠ্য, ছুটি গল্প ৰচনা কৰি এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপেও আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰখন প্ৰয়াত বৰাই সমৃদ্ধ কৰি গৈছে৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ আনহাতে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আসাম ট্ৰিবিউন বিল্ডিঙত উপস্থিত হৈ বৰেণ্য কথাশিল্পী ড॰ লক্ষ্মীনন্দন বৰাৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা জনায়৷ আনহাতে, পঞ্চায়ত আৰু গ্ৰমোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ড॰ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ সেইদৰে বিশিষ্ট মুক্তিযোদ্ধা সমাজ সেৱক তিলক মোহন দস্তিদাৰ স্মৃতিৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি অতুল দত্ত, শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৱাহাটী [ম] জিলা শাখাৰ সভাপতি হিৰেন্দ্ৰ কুমাৰ ডেকা, সম্পাদক উৎপল কুমাৰ কলিতা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ হৈ সভাপতি ৰণজিৎ বৰঠাকুৰ, সম্পাদক প্ৰধান লক্ষ্যজ্যোতি শইকীয়া, অসম লেখিকা সংস্থাৰ সভাপতি মঞ্জুলা শৰ্মা ভট্টাচাৰ্য, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামী, প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী, প্ৰাগজ্যোতি কমিউনিকেশ্বনৰ অধ্যক্ষ তথা ড॰ ভূপেন হাজৰিকা ফাউণ্ডেশ্বনৰ সচিব দীপাংক হাজৰিকা, প্ৰাণী বিজ্ঞান সমিতি অসমৰ সভাপতি প্ৰিয়ব্ৰত লহকৰ, সাধাৰণ সম্পাদক অধ্যাপক ড॰ যোগেন চন্দ্ৰ কলিতা, পাণ্ডু বিহু সন্মিলনী, মালিগাঁৱৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বৰুৱা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গতি অসম, ‘বাৰ্তাপখিলী’ৰ কাৰ্যবাহী সম্পাদক গোপাল জালান, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, কৱীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকাই গভীৰ শোক প্ৰকাশ কৰে৷ সেইদৰে জ্যোতিৰূপাৰ সভাপতি প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু সাধাৰণ সম্পাদক নৰেন হাজৰিকা, কাহিলিপাৰা জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি অসীম চন্দ্ৰ ভূঞা, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি ধীৰেণ শৰ্মা আৰু সচিব প্ৰধান কমল কলিতা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, কোক্‌ৰাঝাৰ শাখা সাহিত্য সভা, কোক্‌ৰাঝাৰ প্ৰেছ ক্লাব, কোক্‌ৰাঝাৰ পূব জনজাতি বিধানসভা সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক লৰেন্স ইছলাৰী, কোক্‌ৰাঝাৰ পশ্চিম জনজাতি বিধানসভা সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, এবছুৰ সভাপতি দীপেন বড়ো, সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত, ভাৰপ্ৰাপ্ত সম্পাদকপ্ৰধান শ্যামন্ত দাস, নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভা, জাগীৰোড শাখা সাহিত্য সভা, টিহু সাহিত্য সভা, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি, টিহু মহকুমা সাংবাদিক সন্থা, টিহু আঞ্চলিক ছাত্ৰ সন্থা, টিহু আঞ্চলিক ছাত্ৰ সন্থা, টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদ, ইলোৰা বিজ্ঞান মঞ্চ টিহু শাখা, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, কলগাছিয়া প্ৰেছ ইউনিয়ন, সাংসদ আব্দুল খালেক, বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ, জনীয়াৰ বিধায়ক ড॰ হাফিজ ৰফিকুল ইছলাম, দক্ষিণ কামৰূপৰ সাংবাদিক সংগঠন ই পি ফ’ৰাম ছাউথ কামৰূপ, কামৰূপ জিলা সাংবাদিক পৰিষদ, দক্ষিণ কামৰূপ প্ৰেছ ক্লাব, আপকু কামৰূপ জিলা সমিতি আদিয়ে শোক প্ৰকাশ কৰে৷ লগতে ওদালগুৰি জিলা সাহিত্য সভা, টংলা সাহিত্য সভা, ভেৰগাঁও প্ৰেছ ক্লাব, গোৱালপাৰা জিলা সাহিত্য সভা, ভেৰগাঁও প্ৰেছ ক্লাব, গোৱালপাৰা জিলা সাহিত্য সভা, বঙাইগাঁও প্ৰেছ ক্লাব, হোজাই জিলা সাহিত্য সভা, হোজাই জিলা কৰ্মচাৰী পৰিষদ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সমিতি, অসম সাহিত্য সভাৰ মুখপাত্ৰ ড॰ সঞ্জীৱ কুমাৰ শৰ্মা, অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ, অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ ৰয়, শিৱনগৰ স্বৰগম সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক মাইনা বেজবৰুৱা, বৃহত্তৰ গুৱাহাটী মহিলা সাংস্কৃতিক সংস্থাৰ ড॰ শিখা বেজবৰুৱা গোস্বামী, জনসেৱাৰ সভাপতি কুমুদ শৰ্মা, সম্পাদক নুৰুল হক আহমেদ, সদৌ অসম নবীন লেখক-লেখিকা শিল্পী সমিতিৰ সভাপতি ড॰ গণেশ পেগু, সম্পাদক মুকুট দাসে গভীৰ শোক প্ৰকাশ কৰে৷ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰুৱা, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু মুকুট ডেকা, ৰাষ্ট˜ীয়তাবাদী কংগ্ৰেছ দল অসম ৰাজ্যিক সমিতিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী, মন্ত্ৰী অতুল বৰা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সত্ৰাধিকাৰ ঈশ্বৰকান্ত দেৱমহন্ত,  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, নটসূৰ্য সোঁৱৰণী সমিতি অসমৰ [নটসূৰ্য] সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মাই শোক প্ৰকাশ কৰে৷

নগাঁৱৰ সোণাইপাৰত বিষাদৰ ছাঁ

প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অসমীয়া সাহিত্যৰ মহীৰূহ গৰাকীৰ জন্মস্থান সোণাই নৈৰ পাৰ আৰু নগাঁও জিলাত৷ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত হাতীচোং মৌজাৰ কুজীদাঁহত জন্ম গ্ৰহণ কৰা লক্ষ্মীনন্দন বৰাই সাহিত্য কৃতি, জ্ঞান- প্ৰতিভা, জীৱন কৰ্মৰে জাতীয় জীৱন চহকী কৰাৰ লগতে জন্মস্থানক গৌৰৱাম্বিত কৰি থৈ গৈছে৷ হাতীচোং মৌজাৰ মাজেৰে যোৱা সোণাই নৈৰ পাৰত শৈশৱত খেলি ধূলি ডাঙৰ হোৱা লক্ষ্মীনন্দন বৰা জ্ঞান - শিক্ষা আৰু সাহিত্য প্ৰতিভাৰে এদিন উজ্জ্বলি উঠিছিল৷ নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুজীদাঁহ গাঁৱত ১৯৩২ চনত লক্ষ্মীনন্দন বৰাৰ জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম ফেটুৰাম বৰা আৰু মাতৃৰ নাম ফুলেশ্বৰী বৰা৷ লক্ষ্মীনন্দন বৰাই বেবেজীয়াৰ পণ্ডিত কণকচন্দ্ৰ শৰ্মা হাইস্কুলত মাধ্যমিক শিক্ষা আৰম্ভ কৰিছিল যদিও পাছলৈ নগাঁও চৰকাৰী উচ্ছতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্তি কৰে৷ ১৯৪৮ চনত সেই বিদ্যালয়ৰ পৰা ষ্টাৰ মাৰ্কসহ সংস্কৃতত সৰ্বোচচ নম্বৰ লাভ কৰি মেটিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়৷ তেওঁ দশম শ্ৰেণীত পঢ়ি থাকোঁতেই বিদ্যালয়ৰ আলোচনী ‘উদয়’ত ‘তোমাত মোহমুক্তি ৰূপে ‘ নামেৰে এটা সুন্দৰ কবিতা লিখি নিজৰ সাহিত্য প্ৰতিভা প্ৰকাশ কৰিছিল৷ পাছত কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে৷ ১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ যশস্বী সাহিত্যিক গৰাকীয়ে ১৯৫৭ -৫৮ চনত কিছুদিনৰ বাবে নগাঁও কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল৷ চাকৰি সূত্ৰে আৰু পৰৱৰ্তী সময়ত বাহিৰত থাকিলেও নগাঁৱৰ সমাজ জীৱনৰ লগত তেওঁৰ অঙ্গাগী সম্পৰ্ক আছিল৷ নগাঁৱৰ যি কোনো অনুষ্ঠানতে নিমন্ত্ৰণ পালে উপস্থিত হৈছিল জনপ্ৰিয় সাহিত্যিক গৰাকী৷ সাহিত্যিক গৰাকীৰ সৰলতাই তেওঁৰ প্ৰতি সকলোকে আকৰ্ষিত কৰিছিল৷ ‘ গঙা চিলনীৰ পাখি’ নামৰ উপন্যাসৰ জৰিয়তে অসমীয়া উপন্যাস সাহিত্যত ইতিহাস সৃষ্টি কৰা লক্ষ্মীনন্দন বৰাৰ সাহিত্যত প্ৰাণ পাই উঠিছিল হাতীচোং অঞ্চলৰ গাঁও-ভূঁই, নৈ-বিল, পথাৰ - সমাৰ আদি৷ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি তেওঁ নগাঁও জিলাক তেওঁ গৰিমামণ্ডিত কৰিছিল৷ অসমৰ জাতীয় জীৱনৰ বন্দীত ব্যক্তি গৰাকীৰ বিয়োগত ৰিঙা হৈ পৰিল সোণাই আৰু কলং - কপিলীৰ পাৰ৷ ড॰ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনী, সাংস্কৃতিক গোষ্ঠী ‘কল্লোল, ‘নগাঁও গ্ৰন্থমেলা, কিশলয়, নগাঁও জিলা ছাত্ৰ সন্থা, নগাঁও জিলা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে৷ লক্ষ্মীনন্দন বৰাৰ পৰলোকপ্ৰাপ্তিত নগাঁও কলেজৰ পৰিয়াল বৰ্গই গভীৰ শোক প্ৰকাশ কৰিছে৷ নগাঁও কলেজৰ অধ্যক্ষ ড॰ শৰৎ বৰকটকীযে কয়, পাতাল ভৈৰবী, গঙ্গা চিলনীৰ পাখি আদি কালজয়ী উপন্যাসৰ স্ৰষ্টা এই সাহিত্যক গৰাকী নিজৰ ৰচনা ৰাজিৰ মাজেৰে অসমীয়া সাহিত্যত স্মৰণীয় হৈ থাকিব৷ নগাঁৱৰ এ ডি পি কলেজৰ অধ্যক্ষ ড॰ সুৰজিৎ ভাগৱতীয়ে সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, ড॰ লক্ষ্মীনন্দন বৰা তেওঁৰ অমূল্য সৃষ্টি ৰাজিৰে চিৰ যুগমীয়া হৈ থাকিব৷ বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতীয়ে প্ৰসিদ্ধ সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, অতি মৰ্মাহত হৈছোঁ৷ ঠিক যেন অভিভাৱক হীন এক অনুভূতি৷ আমাৰ গাঁও অঞ্চল, সামগ্ৰিক ভাবে হাতীচোং, কুজিদাঁহ, সোণাই...অসমীয়া সাহিত্যত যুগমীয়া কৰি গ’ল এইজন লক্ষ্মীনন্দন বৰাই, এই সখা দামোদৰে৷ নগাঁও চৰকাৰী উচ্ছতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে কয়, অসমীয়া সাহিত্যৰ উজ্জ্বল ভোটাতৰা লক্ষ্মীনন্দন বৰাৰ মৃত্যুত আমি এজন অভিভাৱকক হেৰুৱালো৷ তেখেতৰ মৃত্যুৰ খবৰে আমাৰ বিদ্যালয় পৰিয়ালৰ প্ৰতিজন সদস্যক শোকাতুৰ কৰিছে৷ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখুৱাই লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোকপ্ৰকাশ কৰি কয়, সৰস্বতী সন্মান প্ৰাপক প্ৰথিতযশা সাহিত্যিক গৰাকী অসমীয়া জাতীয় জীৱনৰ নমস্য পুৰুষ আছিল৷ তেখেতৰ অমূল্য সাহিত্যকৰ্মই বৃহত্তৰ অসমীয়া জাতিক গৌৰৱাণ্বিত কৰিছিল৷ অসম সাহিত্য সভাৰ কৰ্মীসকলৰ কাৰণেও তেখেত প্ৰেৰণা আছিল৷ তেখেতৰ মৃত্যু অসমীয়া ভাষা-সাহিত্য-সমাজ জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি৷ অসম সাহিত্য সভাৰ বাবেও এক বৃহৎ ক্ষতি৷