Logo
image

ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ

◾ৰাজ্য চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা প্ৰকাশ।

◾এঘণ্টা পিছুৱাই দিয়া হৈছে সান্ধ্য আইনৰ সময়।

◾পূৰ্বৰ ১২ বজাৰ পৰিৱৰ্তে দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব সান্ধ্য আইন।

◾১৫ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়ত।

◾৬ জুনৰ পুৱা ৫ বজাৰ পৰা ১৬ জুনৰ পুৱা ৫ বজালৈ সমগ্ৰ ৰাজ্যজুৰি কাৰ্যকৰী হ'ব এই নতুন নীতি-নিৰ্দেশনা।

◾পূৰ্বৰ ১১ বজাৰ পৰিৱৰ্তে দিনৰ ১২ বজাত বন্ধ কৰিব লাগিব সকলো দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান।

◾ৰেষ্টুৰণ্ট,হোটেল, ধাবা আদি গ্ৰাহকৰ বাবে ১২ বজালৈকে খুলা ৰাখিব পাৰিব।

◾দুপৰীয়া ১ বজাৰ পৰা কেৱল হোম ডেলিভাৰী কৰিব পাৰিব।  

◾চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় ১৫ জুনলৈকে বন্ধ থাকিব।

◾অত্যাৱশ্যকীয় সেৱা আৰু এই সেৱাৰ লগত জড়িত লোকৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়মেই প্ৰযোজ্য হ'ব।