Logo
image

জীৱনৰ ‘দাম’ বাঢ়িল

ব্যক্তিগত হাস্পতালৰ গগনচুম্বী নিৰিখত চৰকাৰৰ ছীল-মোহৰ

আমাৰ অসম, ৫ জুনঃ অতিমাৰী ক’ভিডে প্ৰাণ কাঢ়ি নিয়াৰ আশংকাত দিন কটোৱা ৰাজ্যবাসীৰ জীৱনৰ ‘দাম’ বৃদ্ধি কৰি অসম চৰকাৰে বেচৰকাৰী হাস্পতালৰ ক’ভিড চিকিৎসাৰ ব্যয় বৃদ্ধি কৰি আকাশলংঘী কৰিছে৷ বিগত এবছৰ ধৰি আৰু শেহতীয়াকৈ যোৱা এপ্ৰিলৰ পৰা ৰাজ্যৰ বেচৰকাৰী হাস্পতাল বা নাৰ্ছিংহোমে ক’ভিড ৰোগীৰ পৰা ডকাইতৰ দৰে মাছুল লোৱা বুলি প্ৰত্যেকদিনেই অভিযোগ উত্থাপন হৈ আহিছিল৷ আই চি ইউ খালী নথকাৰ অজুহাত দেখুৱাই মুমূৰ্ষ ৰোগীৰ পৰিয়ালৰ পৰা আই চি ইউৰ ভাৰা আৰু চিকিৎসালয়ৰ মাছুলৰ বাবদ অসমৰ, ঘাইকৈ গুৱাহাটীৰ নাৰ্ছিংহোমে অস্বাভাৱিক হাৰত টকা লোৱাৰ অভিযোগ বহুসংখ্যক ৰোগীৰ পৰিয়ালে বিভিন্ন মাধ্যমৰ জৰিয়তে মুকলিভাৱে উত্থাপন কৰিছিল৷ এনে অভিযোগ-প্ৰতিঅভিযোগেৰে দীৰ্ঘদিন ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰ উত্তাল হৈ থকাৰ পাছত শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে বেচৰকাৰী হাস্পতালৰ ক’ভিড চিকিৎসাৰ যি হাৰ নিৰ্ধাৰণ কৰিলে, সেয়া ইমানদিনে ৰোগীৰ পৰিয়ালে অভিযোগ কৰি থকাৰ দৰেই আকাশলংঘী হ’ল৷ অৰ্থাৎ ইমানদিনে নাৰ্ছিংহোমে বলপূৰ্বকভাৱে ৰোগীৰ পৰিয়ালৰ পৰা ডকা-হকা দি ক’ভিড চিকিৎসাৰ বাবদ অস্বাভাৱিক হাৰত ধন লৈ আছিল৷ কিন্তু আজি অসমৰ স্বাস্থ্য বিভাগে মাছুলৰ যি তালিকা চূড়ান্ত কৰি দিলে এতিয়াৰ পৰা নাৰ্ছিংহোমে মুকলিকৈ বৃহৎ হাৰত ক’ভিড ৰোগীৰ পৰা ধন সৰকোৱাৰ সুবিধা পালে৷ অসম চৰকাৰে এই চৰকাৰী নিৰিখ ধাৰ্য কৰি বেচৰকাৰী হাস্পতালক ক’ভিড ৰোগীৰ পৰা অস্বাভাৱিক হাৰত ধন ল’বলৈ ছীল-মোহৰ মাৰি দিলে৷ ফলত এতিয়াৰ পৰা অসমৰ বেচৰকাৰী হাস্পতালে হাঁহি হাঁহি ক’ভিড ৰোগীৰ পৰিয়ালৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহ কৰিব পাৰিব৷ আচলতে ৰাজ্য চৰকাৰেই অসমৰ ৰাইজৰ জীৱনৰ ‘দাম’ এনেদৰে বঢ়াই দিলে৷ এই ক্ষেত্ৰত অসম চৰকাৰে উচ্ছতম ন্যায়ালয়ৰ ২০২০ চনৰ ১৯ ডিচেম্বৰৰ ৰায় উলংঘা কৰাৰ অভিযোগ উঠিছে আৰু কেৰালাৰ দৰে ৰাজ্যৰ তুলনাত অত্যধিক উচ্ছ হাৰত বেচৰকাৰী হাস্পতালক ক’ভিড ৰোগীৰ পৰা ধন লুটিবলৈ সুযোগ সৃষ্টি কৰি দিয়া পৰিলক্ষিত হৈছে৷

অসমৰ স্বাস্থ্য বিভাগে শুকুৰবাৰে চৰকাৰীভাৱে বেচৰকাৰী হাস্পতালক ক’ভিড ৰোগীৰ পৰা লুটিবলৈ চূড়ান্ত কৰি দিয়া চিকিৎসাৰ নিৰিখ হ’ল–

[১] ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ জেনেৰেল ৱাৰ্ডৰ ভাৰাঃ ৫,০০০ টকা

[২] জেনেৰেল হাস্পতালৰ জেনেৰেল ৱাৰ্ডৰ ভাৰাঃ ৪,০০০ টকা৷ 

[৩] ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কেবিনৰ ভাৰাঃ ৬,৫০০ টকা৷

[৪] জেনেৰেল হাস্পতালৰ কেবিনৰ ভাৰাঃ ৫,০০০ টকা৷

[৫] ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আই চি ইউৰ ভাৰাঃ ১০,০০০ টকা৷

[৬] জেনেৰেল হাস্পতালৰ আই চি ইউৰ ভাৰাঃ ৯,০০০ টকা৷

[৭] ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ ভেণ্টিলেটৰসহ আই চি ইউৰ ভাৰাঃ ১৫,০০০ টকা৷

[৮] জেনেৰেল হাস্পতালৰ ভেণ্টিলেটৰসহ আই চি ইউৰ ভাৰাঃ ১২,০০০ টকা৷

ৰাজ্য চৰকাৰে শুকুৰবাৰে বেচৰকাৰী হাস্পতালৰ থিৰাং কৰা এই নিৰিখ এদিনৰ মাচুল৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, বেচৰকাৰী হাস্পতালৰ বিৰুদ্ধে ৰোগী আৰু ৰোগীৰ অভিভাৱকে বিগত দুমাহত অত্যধিক হাৰত ধন লোৱাৰ যি অভিযোগ তুলি আহিছিল চৰকাৰে চূড়ান্ত কৰা নিৰিখ কম-বেছি পৰিমাণে প্ৰায় একেই৷ এদিনৰ এই নিৰিখৰ ভিতৰত বিছনাৰ ভাৰা, ডাক্তৰ-নাৰ্ছৰ মাছুল, সৰু-সুৰা পৰীক্ষা, খাদ্য, পিপিই কিট, মাস্ক ইত্যাদিৰ মাছুল অন্তৰ্ভুক্ত হৈ থাকিলেও ক’ভিড ৰোগীৰ ক্ষেত্ৰত অধিক খৰচ যিবোৰ পৰীক্ষাত হয়, যেনে ব্যয়বহুল চিটি চেষ্ট, এইচ আৰ চিটি চেষ্ট, ডি আই ডাইমাৰ ইত্যাদিৰ মূল্য পৃথকভাৱে ভৰিব লাগিব৷ তদুপৰি ব্যয়বহুল ঔষধ যেনে ৰেমডেছিভিৰ, টচিলিজুমুবাব ইত্যাদি নিজে কিনিব লাগিব আৰু ক’-মৰ্বিডিটি অৰ্থাৎ অন্যান্য অসুখৰ চিকিৎসা একেজন ক’ভিড ৰোগীৰ ক্ষেত্ৰত উক্ত মাছুলৰ ভিতৰত অন্তৰ্ভুক্ত নহ’ব৷

প্ৰসংগতঃ উল্লেখযোগ্য, ক’ভিডৰ প্ৰথম ঢৌৰ পাছতে উচ্ছতম ন্যায়ালয়ে ক’ভিড চিকিৎসা সম্পৰ্কীয় এটা গোচৰ স্বতঃপ্ৰণোদিতভাৱে লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যে, উভয় চৰকাৰে ক’ভিড ৰোগীৰ চিকিৎসা বেচৰকাৰী হাস্পতালত ন্যূনতম হাৰত কৰাতো নিশ্চিত কৰিব লাগিব৷ ন্যায়াধীশ অশোক ভূষণ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে কৈছিল যে চৰকাৰে এয়া ‘ক’ভিডৰ বিৰুদ্ধে বিশ্বযুদ্ধ’ বুলি ধৰি লৈ সকলো আক্ৰান্তৰে বেচৰকাৰী হাস্পতালত হ’লেও চিকিৎসা সুনিশ্চিত আৰু সাধাৰণ লোকৰ বহনক্ষম ব্যয়ত হোৱা নিশ্চিত কৰিব লাগিব৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বেচৰকাৰী হাস্পতালৰ ক’ভিড ৰোগীৰ মাছুল নিম্নহাৰত থিৰাং [কেপিং] কৰিব লাগিব৷ পিছে অসম চৰকাৰে শুকুৰবাৰে যি মাছুল বেচৰকাৰী হাস্পতালৰ ক’ভিড চিকিৎসাৰ বাবে থিৰাং কৰিছে সেয়া উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশৰ দৰে কোনোমতেই ন্যূনতম ‘কেপিং’ নহ’ল; বৰং মুকলিভাৱে লুটিবৰ বাবে অনুমতি প্ৰদানহে হ’ল৷

উল্লেখ্য, উচ্ছতম ন্যায়ালয়ৰ এই নিৰ্দেশ আখৰে আখৰে পালন কৰি কেৰালা চৰকাৰে ৰাজ্যৰ ক’ভিড ৰোগীৰ বাবে বেচৰকাৰী হাস্পতালৰ চিকিৎসা সহজলভ্য আৰু মাছুল ন্যূনতম কৰি দিছে৷ কেৰালাৰ ‘নেচনেল এক্ৰিডিটেচন বৰ্ড ফৰ হস্পিটেল এণ্ড হেল্‌থকেয়াৰ প্ৰভাইডাৰ্ছ’ [এন এ বি এইছ]ৰ অন্তৰ্ভুক্ত নোহোৱা বেচৰকাৰী চিকিৎসালয়ৰ ক্ষেত্ৰত আক্ষৰিক অৰ্থতে নূ্যনতম মূল্য থিৰাং কৰি দিছে চৰকাৰে৷

সেই অনুসৰি কেৰালাত–

[১] জেনেৰেল ৱাৰ্ডঃ ২,৬৪৫ টকা৷

[২] শ্বেয়াৰ কেবিনঃ ৩,৭৯৫ টকা৷

[৩] আই চি ইউঃ ৭,৮০০ টকা৷

[৪] আই চি ইউ তথা ভেণ্টিলেটৰঃ ১৩,৮০০ টকা৷

এন এ বি এইছ হাস্পতালৰ ক্ষেত্ৰত–

[১] জেনেৰেল ৱাৰ্ডঃ ২,৯১০ টকা৷

[২] শ্বেয়াৰ কেবিনঃ ৪,১৭৫ টকা৷

[৩] আই চি ইউঃ ৮,৫৮০ টকা৷

[৪] আই চি ইউ তথা ভেণ্টিলেটৰঃ ১৫,১৮০ টকা৷

তাৎপৰ্যপূৰ্ণ এয়াই যে, অসমৰ যোৰহাট, তেজপুৰ, নগাঁও ইত্যাদি বিভিন্ন চহৰত থকা বেচৰকাৰী হাস্পতাল বা নাৰ্ছিংহোমত ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত দৈনিক ব্যয় শুকুৰবাৰে অসম চৰকাৰে থিৰাং কৰি দিয়া ব্যয়তকৈ বহু কম৷ সেই দিশৰ পৰা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গুৱাহাটীৰ বাহিৰে ৰাজ্যৰ আন আন চহৰৰ হাস্পতালসমূহক বৃহৎ হাৰত ক’ভিড ৰোগীৰ পৰা ধন সৰকাবলৈ বাট উলিয়াই দিয়াৰ লগতে ক’ভিডত আক্ৰান্ত মধ্যবিত্ত, নিম্ন মধ্যবিত্তক মাধমাৰ দিয়াৰ অভিযোগ উঠিছে৷ উল্লেখ্য, গুৱাহাটীৰ কেইখনমান আগশাৰীৰ আৰু অভিজাত নাৰ্ছিংহোমক বিশেষ সুবিধা প্ৰদান কৰাৰ বাবেই ৰাজ্য চৰকাৰে এনেদৰে ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত বৃহৎ হাৰত নিৰিখ ধাৰ্য কৰি দিয়া বুলি ধাৰণা কৰা হৈছে৷