Logo
image

‘বিকাশ’ক বিচাৰি বিৰোধীৰো হুলস্থূল

আমাৰ অসম, ৫ জুনঃ অসমবাসীৰ বাবে ‘বিকাশ’ এতিয়া সপোনস্বৰূপ৷ ‘বিকাশ’ক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ৰাজ্যবাসী৷ উল্লেখ্য, নিটি আয়োগৰ বহনক্ষম উন্নয়ন সূচাংকত কেৰালাই শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ বিপৰীতে আটাইতকৈ বেয়া প্ৰদৰ্শনকাৰী ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিহাৰ, ঝাৰখণ্ড আৰু অসম৷ বৃহস্পতিবাৰে নিটি আয়োগৰ বহনক্ষম উন্নয়ন সূচাংকৰ ২০২০-২১ বৰ্ষৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই অসমৰ বেয়া প্ৰদৰ্শনক লৈ সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ৷ বিশেষকৈ বিগত পাঁচ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰাৰ বিপৰীতে নিটি আয়োগৰ প্ৰতিবেদনত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি এখনহে প্ৰকাশ পাইছে৷ ৰাজ্যৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰ, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ অন্যান্য নেতাসকলে অসমৰ উন্নয়নক লৈ বিধানসভাৰ বিগত নিৰ্বাচনৰ প্ৰতিখন সভাতে ব্যাপক প্ৰচাৰ চলাইছিল৷ স্বৰাজোত্তৰ কালত বিজেপিৰ পাঁচ বছৰীয়া কাৰ্যকালত অসমত সৰ্বাধিক উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাইছিল প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসনাধিষ্ঠিত দলটোৰ অধিকাংশ নেতা-মন্ত্ৰীয়ে৷ কিন্তু ইয়াৰ পাছত বৃহস্পতিবাৰে প্ৰকাশ পোৱা নিটি আয়োগৰ বাৰ্ষিক প্ৰতিবেদনত অসমৰ নাম আটাইতকৈ বেয়া প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে অন্তৰ্ভুক্ত হোৱাত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে বিৰোধী দলসমূহে৷ এতিয়া বিৰোধীৰ প্ৰশ্ন– বিজেপি দল আৰু চৰকাৰৰ ‘বিকাশ’ ক’ত গ’ল?

নিটি আয়োগৰ প্ৰতিবেদনত উন্মোচিত বিজেপিৰ ‘সৰ্বশ্ৰেষ্ঠ অসম’ৰ বাস্তৱ ছবিঃ ৰাইজৰ দল

অন কেমেৰাৰ সন্মুখত ঠিকাদাৰক ধমক দিলেই অসমৰ উন্নয়ন হোৱা নুবুজায়৷ এইদৰে কয় ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই৷ গুৱাহাটীৰ মঠঘৰীয়াৰ ৰাইজৰ দলৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদ মেলত ভাগ লৈ ভাস্কো ডি শইকীয়াই কয় যে ৩ জুনত প্ৰকাশ হ’ল নিটি আয়োগৰ বহনক্ষম উন্নয়নৰ প্ৰতিবেদন৷ এই প্ৰতিবেদনত তলৰফালৰ পৰা ৩ নম্বৰ স্থানত আছে বিজেপি চৰকাৰৰ ‘বিকশিত অসম’৷ নিটি আয়োগৰ বহনক্ষম উন্নয়নৰ প্ৰতিবেদন হ’লদেশ তথা ৰাজ্যসমূহৰ প্ৰকৃত উন্নয়নৰ মাপকাঠি৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে উন্নয়নৰ এই মাপকাঠিত প্ৰকাশ পাইছে অসমৰ উন্নয়নৰ বিধবস্ত ছবিখন৷ আজি এক সংবাদমেলত  ৰাইজৰ দলে ৰাজ্যখনৰ উন্নয়নত চূড়ান্ত বিফল হোৱা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়- অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰোৱাৰ সপোন দেখুৱাই দিছপুৰৰ দৰবাৰ দখল কৰা বিজেপি চৰকাৰখনে অসমক সৰ্বনিম্ন স্থানলৈ লৈ গৈছে৷ ৩ জুনত প্ৰকাশিত নিটি আয়োগৰ বহনক্ষম উন্নয়নৰ প্ৰতিবেদনত প্ৰকাশ পাইছে অসমৰ স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ৷ বহনক্ষম উন্নয়নৰ এক প্ৰধান সূচাংক হ’ল প্ৰসূতিৰ মৃত্যুৰ হাৰ৷ দুৰ্ভাগ্যজনকভাৱে প্ৰসূতিৰ মৃত্যুৰ হাৰত অসম দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম স্থানত আছে৷ অৰ্থাৎ অসমতেই প্ৰসূতিৰ মৃত্যুৰ হাৰ সকলোতকৈ বেছি৷ অসমত প্ৰতি ৰ লাখ প্ৰসূতিৰ বিপৰীতে ২১৫ গৰাকীৰ মৃত্যু হয়৷ ইয়াৰ বিপৰীতে কেৰালাত এই হাৰ কেৱল ৪৩৷ কেৱল এয়াই নহয়, ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ক্ষেত্ৰতো অসম দ্বিতীয় স্থানত আছে৷ অসমত প্ৰতি ১ হাজাৰৰ বিপৰীতে ৪৭ গৰাকী ৫ বছৰৰ তলৰ শিশুৰ মৃত্যু হয়৷ অসমতকৈ এই হাৰ কেৱল মধ্যপ্ৰদেশত বেছি৷ অন্যহাতে প্ৰতি ১০ হাজাৰৰ বিপৰীতে অসমত চিকিৎসক-নাৰ্ছৰ সংখ্যা কেৱল ২৩ গৰাকী৷ কিন্তু কেৰালাত এই হাৰ ১১৫ গৰাকী৷ এয়াই হৈছে তথাকথিত ‘দক্ষ’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত হোৱা অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ৷ শিক্ষাখণ্ডতো অসমৰ স্থান পুতৌজনক৷ উচ্ছ মাধ্যমিকত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমৰ স্থান দ্বিতীয়৷ অৰ্থাৎ আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা অসমত দ্বিতীয় সৰ্বোচ্ছ৷ অসমত প্ৰতি ১০০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে ৩১.৪৭ গৰাকীয়ে আধাতে নৱম আৰু দশম শ্ৰেণীত বিদ্যালয় এৰে৷ অসমতকৈ কেৱল অৰুণাচল[৩৫.৯৮ শতাংশ]ত এই সংখ্যা বেছি৷ অন্যহাতে হিমাচলত এই হাৰ কেৱল ৭.৮১ শতাংশ৷ উচ্ছ মাধ্যমিকত প্ৰশিক্ষিত শিক্ষকৰ সংখ্যা অসমত সৰ্বনিম্ন৷ অসমত প্ৰশিক্ষিত শিক্ষকৰ হাৰ কেৱল ২৯.২৯ শতাংশ৷ এইক্ষেত্ৰত প্ৰথমস্থানত থকা কেৰালাত এই হাৰ ৯৪.৫০ শতাংশ৷ নিটি আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বিজেপি চৰকাৰৰ ‘সুৰক্ষিত অসম’ত কোনোপধ্যেই সুৰক্ষিত নহয় মহিলা৷ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধত দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমৰ স্থান প্ৰথম৷ অৰ্থাৎ মহিলাৰ বিৰুদ্ধে আটাইতকৈ বেছি অপৰাধ সংঘটিত হয় অসমত৷ অসমত প্ৰতি ১ লাখ মহিলাৰ বিপৰীতে অপৰাধৰ হাৰ ১৭৮৷ মহিলাৰ বিৰুদ্ধে আটাইতকৈ কম অপৰাধ সংঘটিত হোৱা ৰাজ্যখন হ’ল নাগালেণ্ড[প্ৰতি ১ লাখ মহিলাৰ বিপৰীতে অপৰাধৰ হাৰ ৪]৷ কেৱল মহিলাৰ বিৰুদ্ধে অপৰাধতে নহয়, ঘৰুৱা হিংসাৰ ক্ষেত্ৰতো দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমৰ স্থান প্ৰথম৷ অসমত প্ৰতি ৰ লাখৰ বিপৰীতে ঘৰুৱা হিংসাৰ হাৰ ৭১৷ বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্বনিম্ন৷ অসমত কেৱল ২৫.৭০ শতাংশহে লাভ কৰে বিশুদ্ধ খোৱাপানী৷ অৰ্থাৎ ৭৪.৩০ শতাংশ লোকেই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হয়৷ এইক্ষেত্ৰত প্ৰথম স্থানত থকা গুজৰাটে ৯৭.৫৭ শতাংশ ক যোগান ধৰে বিশুদ্ধ খোৱাপানী৷ নিটি আয়োগৰ বহনক্ষম উন্নয়নৰ প্ৰতিবেদনৰ এই গুৰুত্বপূৰ্ণ তথা প্ৰধান ৬টাকৈ সূচাংকত অসমৰ প্ৰদৰ্শন দেশৰ ভিতৰতে সৰ্বনিম্ন হোৱাই নহয়, অন্য সূচাংকসমূহতো অসমৰ প্ৰদৰ্শন অতি পুতৌজনক৷ সেয়েহে বহনক্ষম উন্নয়নৰ সামগ্ৰিক প্ৰদৰ্শনত অসম তলৰফালৰ পৰা ৩ নম্বৰ স্থানত আছে৷ ৰাষ্ট্ৰীয় নিবনুৱা হাৰ ৬.২ শতাংশ আৰু ইযাৰ বিপৰীতে অসমৰ নিবনুৱাৰ হাৰ ৭.১ শতাংশ৷ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ ৰাষ্ট্ৰীয় হাৰ ২১.৯২ শতাংশ৷ কিন্তু ইয়াৰ বিপৰীতে অসমত এই হাৰ ৩১.৯৮ শতাংশ৷

নিম্নগামী বিকাশঃ অসম জাতীয় পৰিষদ

নিটি আয়োগে কালি প্ৰকাশ কৰা ‘বহণক্ষম বিকাশৰ লক্ষ্য’ সূচাংক তালিকাত অসমৰ স্থান তলৰ পৰা তিনি নম্বৰ হোৱাটো বৰ উদ্বেগজনক৷ কিয়নো এইটো সূচাংকই এখন দেশ বা ৰাজ্যৰ অৰ্থনৈতিক স্বাস্থ্যৰ আচল ছবিখন দাঙি ধৰে৷ নিটি আয়োগৰ তথ্যত অসমৰ এই শোচনীয় ছবি পোহৰলৈ অহাৰ লগে লগে এইটো প্ৰমাণ হৈ গ’ল যে বিজেপি নেতৃত্বাধীন চৰকাৰে অসমখনক বিগত পাঁচ বছৰত অৰ্থৈতিক উন্নয়নৰ দিশত এটা খোজো আগবঢ়াই লৈ যাব পৰা নাই, বৰং পিছহে পেলাইছে৷ –এই অভিযোগ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ৷ বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰহমানে কয়– নিটি আয়োগৰ তথ্যই প্ৰমাণ কৰি দিলে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আখ্যায়িত কৰাটো এটা মিথ্যাচাৰ আৰু এটা ৰাজনৈতিক তোষামোদহে আছিল, কাৰণ এইগৰাকী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতেই অসমৰ অৰ্থৈতিক অৱস্থা নিম্নতম স্থানলৈ অৱনমিত হ’বলৈ পালে৷ আনহাতে, অৰ্থৰ্নৈতিক উন্নয়নৰ সূচাংকত অসমৰ শোচনীয় প্ৰদৰ্শনৰ দায়িত্বৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও সাৰি যাব নোৱাৰে৷ কাৰণ তেৱেঁই বিগত পাঁচ বছৰত অসমৰ বিত্তমন্ত্ৰী আছিল আৰু ৰাজ্যৰ অৰ্থনৈতিক ভেটি দিনক দিনে টনকিয়াল হৈ গৈ আছে বুলি তেওঁ কৈ আহিছিল৷ তেওঁ নিজে অসমখনক ভাৰতৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ এখনলৈ উন্নীত কৰাৰ শ্লোগান যোৱা প্ৰায় ডেৰ দশক ধৰি দি আহিছে৷ অথচ তেওঁ ৰাজ্যৰ বিত্ত মন্ত্ৰী হৈ থকা কালছোৱাতে অসমৰ এই অৱস্থা হ’ল৷  গতিকে আমি ভাৱো যে যেতিয়ালৈকে বিজেপি দলে তেওঁলোকৰ কৰ্পোৰেটমুখী আৰু বিভাজনমুখী নীতি পৰিত্যাগ নকৰিব, তেতিয়ালৈকে তেওঁলোকে দেশ বা ৰাজ্যৰ অৰ্থৈতিক উন্নয়ন সাধন কৰিব নোৱাৰে৷