পৰীক্ষা পতাটো এতিয়া শিক্ষামন্ত্ৰীৰ অগ্নিপৰীক্ষা
আমাৰ অসম, ৬ জুনঃ অসমত মেট্ৰিক-উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব নে? এই লৈ এতিয়াও জল্পনা-কল্পনা অব্যাহত আছে৷ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰাক্ষা বাতিল কৰাত ছেবা আৰু শিক্ষা সংসদে মেট্ৰিক-উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰে এই সন্দৰ্ভত সকলোৰে অধীৰ অপেক্ষাত ৰৈ আছে৷ সম্প্ৰতি ক’ভিড সংক্ৰমণ অব্যাহত থকাত মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষা ছেবা আৰু শিক্ষা সংসদে কেতিয়া আৰু কি পদ্ধতিৰে পাতিব তাক লৈয়ো গভীৰ উৎকণ্ঠাত দিন কটাইছে লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে৷ বহু শিক্ষক তথা সংগঠন আৰু সচেতন লোকে মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সপক্ষে মত ব্যক্ত কৰিছে যদিও একাংশ শিক্ষাৰ্থী তথা অভিভাৱকে আকৌ পৰীক্ষা বাতিল কৰাৰো দাবী উত্থাপন কৰিছে৷ স্বাভাৱিকতেই মেট্ৰিক-উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষা পতাক লৈ খোদ চৰকাৰৰ বাবেই, বিশেষকৈ শিক্ষামন্ত্ৰীৰ বাবে অন্য এক অগ্নিপৰীক্ষা হিচাপে চিহ্নিত হৈ পৰিছে৷ কিয়নো পৰীক্ষা পাতিবলৈ গৈ ক’ভিড সংক্ৰমণ বৃদ্ধি পালে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ দায়িত্বক লৈ ৰাইজৰ সমালোচনাৰ সন্মুখীন হোৱাৰো সম্ভাৱনা অধিক৷ তদুপৰি জুলাই মাহত যদিহে পৰীক্ষা অনুষ্ঠিত কৰে, সেই সময়ছোৱাত বানপানীৰ প্ৰকোপ বৃদ্ধি পালে পৰীক্ষা কেনেকৈ নিয়াৰিকৈ অনুষ্ঠিত কৰিব পাৰিব সেয়াও সন্দেহৰ বিষয়৷ এনে প্ৰেক্ষাপটত চৰকাৰ তথা শিক্ষা বিভাগ বিমোৰত পৰাও পৰিলক্ষিত হৈছে৷ কিয়নো অসমত দশম আৰু দ্বাদশ শ্ৰেণীত আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নথকাত ছাত্ৰ-ছাত্ৰীসকলক চূড়ান্ত পৰীক্ষাৰ অবিহনে কিদৰে উত্তীৰ্ণ কৰাৰ ব্যৱস্থা কৰিব সেয়াও এতিয়া প্ৰত্যাহ্বান হিচাপে থিয় দিছে৷ যিহেতু মেট্ৰিক বা উচ্ছতৰ মাধ্যমিকৰ চাৰ্টিফিকেটত নিৰ্দিষ্ট নম্বৰ নাথাকিলে উচ্ছ শিক্ষানুষ্ঠানত নামভৰ্তিৰ লগতে মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ দৰে এণ্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হোৱাত সমস্যাৰ সন্মুখীন হোৱাটো স্বাভাৱিক৷ এনে প্ৰেক্ষাপটতে অসমত ক’ভিড সংক্ৰমণৰ হাৰ ১ শতাংশলৈ নামি আহিলেই নতুন মডেলত মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ শিক্ষামন্ত্ৰীয়ে সংক্ৰমণ স্বাভাৱিক অৱস্থালৈ আহিলে অফলাইন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু বুলিও মত ব্যক্ত কৰিছে৷ ৰাজ্যৰ গাঁৱে-ভূঞে ক’ভিডৰ সংক্ৰমণে ছানি ধৰাৰ সময়ত অসম চৰকাৰৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাটো এতিয়া প্ৰত্যাহ্বান হৈ পৰিছে৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত মেট্ৰিক-উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়– ক’ভিড পৰিস্থিতি বৰ্তমানেও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই৷ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কঠোৰ বাধা-নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইয়াৰ পৰা সুফল লাভ কৰা দেখা গৈছে৷ ক’ভিড পৰিস্থিতি যেতিয়াই উন্নত হ’ব, আমি তেতিয়াই মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাক লৈ পদক্ষেপ গ্ৰহণ কৰিম৷ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আমি সাজু হৈ আছোঁ৷ মেট্ৰিক-উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে৷ এতিয়া অস্বাভাৱিক পৰিস্থিতি চলি আছে৷ আমি ইতিমধ্যে ইংগিত দিছোঁ যে, ছাত্ৰ-ছাত্ৰীসকলৰ পক্ষত থাকি তেওঁলোকৰ সুবিধা হোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম৷ বহুতে কৈছে, চি বি এছ ইয়ে পৰীক্ষা বাতিল কৰাৰ বাবে আমিও বাতিল কৰিব লাগে৷ মই ভাবো পৰীক্ষা বাতিল কৰিলে সমস্যাৰ সমাধান নহয়৷ বহুতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা পৰৱৰ্তী ক’ত নাম লগাব ঠিক কৰিব বা এণ্টেন্স পৰীক্ষাৰ দ্বাৰা নামভৰ্তি কৰিব৷ কিয়নো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ নম্বৰটো বহুতৰ বাবে গুৰুত্বপূৰ্ণ৷ যিসকলে টেট পৰীক্ষাত অৱতীৰ্ণ হ’ব তেওঁলোকৰ বাবে মেট্ৰিকত লাভ কৰা নম্বৰটো বহু গুৰুত্বপূৰ্ণ হ’ব৷ ডক্টৰ-ইঞ্জিনিয়াৰিঙৰ বাবে মেট্ৰিকৰ নম্বৰটো গুৰুত্বপূৰ্ণ নহ’বও পাৰে৷ ৰাজ্যিক যিকোনো পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰাসকলৰ বাবেও মেট্ৰিকৰ নম্বৰটো গুৰুত্বপূৰ্ণ হ’ব৷ সেয়েহে মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পতাৰ পক্ষত আছোঁ আমি৷ পৰিস্থিতি ভাল হোৱাৰ লগে লগেই পূৰ্বৰ দৰে নহয়, নতুন মডেলত পৰীক্ষা পাতিম৷ মুখ্যমন্ত্ৰীয়েও এই সন্দৰ্ভত ইতিমধ্যে ইংগিত দিছে৷ কি মডেলত পৰীক্ষা হ’ব, তাৰ বাবে অলপ ধৈৰ্য ধৰিব লাগিব৷ অৱশ্যে, কেতিয়া ক’ভিড সংক্ৰমণ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিব সেয়া কোনেও ক’ব নোৱাৰে৷ এতিয়া সংক্ৰমণৰ হাৰ ১০ শতাংশৰ পৰা ৪ শতাংশলৈ নামি অহা দেখা পাইছো৷ সংক্ৰমণৰ হাৰ ৰ শতাংশলৈ নামিলেই হয়তো পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম৷ পৰীক্ষা বিষয় সংকুচিত হ’ব পাৰে বা নম্বৰো সংকুচিত হ’ব পাৰে৷ এই সন্দৰ্ভত নিৰ্দিষ্ট সিদ্ধান্ত লোৱা নাই৷ সকলোৰে পৰামৰ্শ লৈ আমি আগবাঢ়িম৷’ উল্লেখ্য, মেট্ৰিক উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ দিল্লীত মুখ্যমন্ত্ৰীয়ে পৰীক্ষাৰ সন্দৰ্ভত কৈছিল যে– প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ আমি বিৰোধিতা কৰিব নোৱাৰো৷ পিছে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়টো যে কিছু সুকীয়া৷ চিবিএছচিয়ে আভ্যন্তৰীণ মূল্যায়ণৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যাংকন কৰিব৷ পিছে অসমত আভ্যন্তৰীণ মূল্যায়নৰ কোনো ব্যৱস্থা নাই৷ কেৱল উত্তীৰ্ণ বুলি আমি চাৰ্টিফিকেট দিব পাৰো৷ তেনেক্ষেত্ৰত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল, ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেন্স পৰীক্ষাত বহিব নোৱাৰিব৷ কাৰণ এণ্ট্ৰেন্স পৰীক্ষাত বহিবলৈ হলে কমেও ৫০ শতাংশ নম্বৰ লাভ কৰাটো বাধ্যতামূলক৷ সেয়েহে চিবিএছইয়ে অনাগত দিনত এইক্ষেত্ৰত কি গাইডলাইন জাৰি কৰে সেয়া আমি চাব লাগিব৷






