গেম্ছ ভিলেজৰ ৪৩টা ফ্লেট ৰহস্যজনক এনজিঅ’ৰ নামত
◾নতুন চৰকাৰৰ প্ৰথমটো কেলেংকাৰি
◾গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ সন্দেহজনক ভূমিকা
আমাৰ অসম, ৬ জুনঃ চৰকাৰে কাৰ্যভাৰ হাতত লোৱাৰ প্ৰথমটো মাহত এফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগ্ছৰ নেটৱৰ্ক উৎখাত কৰা, ছিণ্ডিকেট বন্ধ কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী অশোক সিংঘালে মহানগৰীৰ ৰাষ্ট্ৰীয় গেমছ ভিলেজক লৈ নতুন চৰকাৰৰ প্ৰথমটো কেলেংকাৰি সংঘটিত কৰাৰ পথত অগ্ৰসৰ হৈছে৷ মহানগৰীৰ চৰকাৰী মাটি বক্ৰ পথেৰে বেদখল কৰাকে ধৰি অলেখ দুৰ্নীতিত বিগত পাঁচ বছৰত বিধায়ক আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ [জি এম ডি এ] অধ্যক্ষ হৈ থাকোতে সংঘটিত কৰি দুৰ্নাম অৰ্জন কৰা অশোক সিংঘালে এইবাৰ মন্ত্ৰিত্ব লাভ কৰি ততোধিক দুৰ্নীতিত নিমজ্জিত হোৱাৰ সম্ভাৱনা চৰকাৰৰ কাৰ্যকালৰ এমাহ সম্পূৰ্ণ নৌহওঁতেই প্ৰকট কৰি তুলিছে৷ অশোক সিংঘালৰ দুৰ্নীতিৰ আৰম্ভণিৰ ক্ষেত্ৰখন পূৰ্বৰ দৰে একেই৷ তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈয়েই আৰম্ভ কৰিছে গেমছ ভিলেজৰ ফ্লেট বিক্ৰীৰ কেলেংকাৰি৷ ৰাজ্য চৰকাৰৰ পূৰ্বৰ কাৰ্যকালত আৰম্ভ হোৱা গেমছ ভিলেজৰ বিক্ৰীৰ প্ৰক্ৰিয়া মন্ত্ৰী হৈয়েই সলনি কৰি বৃহৎ কেলেংকাৰি সংঘটিত কৰাৰ দিশে আগবাঢ়িছে সিংঘাল৷
বিজেপি নেতৃত্বাধীন পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গেমছ ভিলেজৰ একাংশ ফ্লেট বিক্ৰী কৰাৰ বাবে অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ জৰিয়তে জাননী জাৰি কৰিছিল৷ যোৱা ২৫ ফেব্ৰুৱাৰীত জাৰি কৰা হৈছিল এই জাননী৷ তেতিয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ কিন্তু ৰাজ্য বিধানসভাৰ সূচী ঘোষণা হোৱাত নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ বাবে সেই প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰ’ল৷ এতিয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈয়েই পূৰ্বৰ বিক্ৰীৰ সকলো প্ৰক্ৰিয়া সালসলনি কৰি পেলাইছে অশোক সিংঘালে৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰ্যকালত গেমছ ভিলেজৰ ৪৩টা ফ্লেট বিক্ৰীৰ বাবে জাননী জাৰি কৰা হৈছিল আৰু সংবাদ পত্ৰত বিজ্ঞাপনো প্ৰকাশ পাইছিল৷ সেই জাননী অনুসৰি আবেদনকাৰীৰ প্ৰতিখন প্ৰ-পত্ৰৰ মূল্য আছিল ৫০০ টকা আৰু প্ৰ-পত্ৰ জমা দিয়াৰ সময়ত আবেদনকাৰীক এক লাখ টকাৰ ডিমাণ্ড ড্ৰাফট জমা কৰাৰ নিৰ্দেশ দিয়া হৈছিল৷ সেই অনুসৰি কমেও ২১৫ জন আবেদনকাৰীয়ে আবেদন জনাইছিল৷ কিন্তু অশোক সিংঘালে দায়িত্ব লৈ পুনৰ আবেদন কৰাৰ বাবে জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে অসম ৰাজ্যিক গৃহনিৰ্মাণ বৰ্ডক৷ এইবাৰ আবেদনকাৰীক প্ৰতিখন প্ৰ-পত্ৰৰ সৈতে দুই লাখ পঞ্চাশ হাজাৰ টকাৰ ডিমাণ্ড ড্ৰাফট দাখিল কৰিবলৈ নতুন জাননীত নিৰ্দেশ দিয়া হয়৷ কেৱল সেয়াই নহয়, এইবাৰ ৪৩টা ফ্লেটৰ ঠাইত ৪১টা ফ্লেট বিক্ৰী কৰাৰহে তথ্য দিয়া হয় প্ৰ-পত্ৰত৷ দুটা বিক্ৰীযোগ্য ফ্লেট হঠাতে প্ৰ-পত্ৰৰ পৰা নোহোৱা হয়৷ তদুপৰি জাননীত জনোৱা হয় যে, এই ফ্লেটৰ ২২টা ফ্লেট কোনো ব্যক্তিক নহয়, এন জি অ’ক বিক্ৰী কৰা হ’ব৷ ফলত ২২টা ফ্লেট ইতিমধ্যে অজ্ঞাত এন জি অ’ৰ নামত ‘বুক’ কৰা হৈছে৷ অভিযোগ অনুসৰি, মন্ত্ৰী সিংঘালৰ ঘনিষ্ঠ ব্যক্তিৰ নামত থকা এন জি অ’ৰ নামত স্বয়ং মন্ত্ৰীয়েই এই ২২টা ফ্লেট ক্ৰয় কৰিব৷ এতিয়া ২৪-২৫ লাখ টকাত কিনি লৈ ভৱিষ্যতে সুযোগ বুজি ৬০-৭০ লাখ টকাত বিক্ৰী কৰিব এই ২২টা ফ্লেট৷ দুৰ্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰীয়ে এই দিশত চকু নিদিলে তেওঁৰ কাৰ্যকালৰ প্ৰথম দুৰ্নীতিৰ বীজ ৰোপন কৰি চৰকাৰখনক কলংকিত কৰিব মন্ত্ৰী অশোক সিংঘালে৷
ইপিনে, অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব’ৰ্ডত বিজ্ঞাপন অবিহনে জাননী জাৰি কৰা ইত্যাদি অবৈধ কৰ্মকাণ্ডত ব’ৰ্ডৰ অধ্যক্ষৰ ব্যক্তিগত সহায়ক মিৰজাফৰ হুছেইনে দালালৰ ভূমিকা লৈছে৷ তেওঁ বছৰ বছৰ ধৰি অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব’ৰ্ডৰ একেটা পদবীত থাকি গৃহ আবণ্টনত দালালি কৰাৰ লগতে বক্ৰপথেৰে অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব’ৰ্ডৰ ভূমি লৈ নিজে দালানসদৃশ ঘৰ নিৰ্মাণ কৰি আছে৷ উল্লেখ্য, নতুন অধ্যক্ষই দায়িত্ব লোৱাৰ পাছতে বছৰ বছৰ ধৰি হুছেইন সদায় অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব’ৰ্ডৰ সৰ্বেসৰ্বা হৈ উঠাৰ অভিযোগ আছে৷