তৃতীয় ঢৌৰ আশংকাৰ মাজতে সান্ধ্য আইন শিথিল
আমাৰ অসম, ৭ জুনঃ ৰাজ্যত এতিয়া ক’ভিডৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে৷ ক’ভিডৰ সংক্ৰমণ নিম্নগামী হোৱাৰ বাবেই দেওবাৰৰ পৰা কাৰ্ফিউ কিছু শিথিল কৰা হৈছে৷ ক’ভিডৰ বাধা-নিষেধাজ্ঞা শিথিল কৰিলেও দেশৰ লগতে অসমতো মাৰাত্মক কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা কৰা হৈছে৷ ছেপ্টেম্বৰ-অক্টোবৰত দেশত ক’ভিডৰ তৃতীয় ঢৌৱে সন্ত্ৰাস সৃষ্টি কৰা ইতিপূৰ্বে আশংকা ব্যক্ত কৰিছে চিকিৎসক-বিশেষজ্ঞমহলে৷ আনকি সকলো নাগৰিককে ভেকচিন প্ৰদান সম্পূৰ্ণ কৰাৰ পূৰ্বেই তৃতীয় ঢৌৰ আশংকা ব্যক্ত কৰি নীতি আয়োগে ভাৰত চৰকাৰক সৰ্তক কৰি দিছে৷ শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক’ভিডৰ তৃতীয় ঢৌত দিল্লী চহৰত প্ৰতিদিনে ৩৮,০০০ লোক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা বিশেষজ্ঞৰ সমীক্ষাৰ ভিত্তিত প্ৰকাশ কৰিছে৷ লক্ষণীয়ভাৱে ক’ভিডৰ তৃতীয় ঢৌত শিশুসকল অধিক সংক্ৰমিত হোৱাৰ আশংকাও বিভিন্ন অধ্যয়নত প্ৰকাশ পাইছে৷ স্বাভাৱিকতেই অসম চৰকাৰে সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে কাৰ্ফিউ শিথিল কৰিছে যদিও ক’ভিডৰ তৃতীয় ঢৌ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্যমন্ত্ৰী মহন্তই তৃতীয় ঢৌৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাবে জিলাই জিলাই চিকিৎসা আন্তঃগাঁথনি সাজু কৰি তোলা বুলিও সদৰী কৰিছে৷ মন্ত্ৰী কেশৱ মহন্তই ক’ভিডৰ তৃতীয় ঢৌত শিশুসকল মাৰাত্মক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা আছে বুলি ইংগিত দি প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়ত শিশুৰ বাবে আই চি ইউ নিৰ্মাণ কৰা বুলিও জানিবলৈ দিছে৷ উল্লেখ্য, চিকিৎসক-বিশেষজ্ঞসকলে ভেক্চিন লাভ নকৰাৰ বাবেই শিশুসকলৰ দেহত প্ৰতিৰোধ ক্ষমতা গঢ় লৈ নুঠাত ক’ভিড সংক্ৰমণৰ আশংকা বেছি বুলিও সৰ্তক কৰি দিছে৷ কিয়নো ইতিপূৰ্বে মহাৰাষ্ট্ৰৰ এখন জিলাতে এমাহত ৯ হাজাৰ শিশু ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিডৰ তৃতীয় ঢৌ প্ৰতিৰোধৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়–‘ক’ভিডৰ সংক্ৰমণ বহুখিনি হ্ৰাস পাইছে৷ ভেক্চিন প্ৰদান বৃদ্ধি কৰা হৈছে৷ ক’ভিড পৰীক্ষা ব্যাপক ৰূপ দিয়াৰ লগতে বাধা-নিষেধাজ্ঞা সমূহ কঠোৰভাৱে বলবৎ কৰা হৈছে৷ ইয়াৰ ফল হিচাপে সংক্ৰমণ নিম্নগামী হৈছে আৰু মৃত্যুৰ হাৰো কমিছে৷ ১৫ জুনৰ ভিতৰত এটা ভাল ফলাফল লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ কেইদিনমানৰ ভিতৰত সৰুসজাইত ৩০০ বিচনা আৰু জি এম চি এইচত ২০০ আই চি ইউ বিচনা আৰম্ভ কৰিব পাৰিম৷ ক’ভিডৰ তৃতীয় ঢৌৰ বাবে স্বাস্থ্যবিভাগ সাজু হৈছে৷ প্ৰতি ঠাইতে অতিৰিক্ত হাস্পতাল, ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে৷ প্ৰতিখন জিলাই যিকোনো মুহূৰ্ততে ৫০০-১,০০০ ৰোগীক বিচনা দিব পৰাকৈ সাজু আছে৷ প্ৰত্যেক জিলাতে পেডিয়েটিক আই চি ইউ নিৰ্মাণ কৰিছো৷ আমি সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সষ্টম হৈ আছো৷ স্বাস্থ্যমন্ত্ৰীয়ে সামগ্ৰিকভাৱে পৰিস্থিতি উন্নত হৈ অহাত চৰকাৰে ক’ভিড বিধি অধিক শিথিলকৰণৰ ওপৰত শীঘ্ৰেই সিদ্ধান্ত ল’ব বুলিও মন্তব্য কৰে৷ উল্লেখ্য, ৰাজ্যত দেওবাৰৰে পৰা কাৰ্ফিউ আৰু এঘণ্টাৰ বাবে শিথিল কৰি দিছে৷ পূৰ্বতে দিনৰ ১২ বজাৰ পৰা কাৰ্ফিউ বলবৎ হৈছিল যদিও এতিয়াৰে পৰা দিনৰ ১ বজাতহে কাৰ্ফিউ কাৰ্যকৰী হৈছে৷ ১৫ জুনলৈ এই নীতি-নিৰ্দেশনা বাহাল থাকিব বুলিও চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে৷ অৱশ্যে ইয়াৰ মাজতে সংক্ৰমণ আৰু অধিক নিম্নগামী হ’লে চৰকাৰে ক’ভিড বিধিৰ সন্দৰ্ভত নতুনকৈ বিবেচনা কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য ৰাজ্যত বিগত ২৪ ঘণ্টাত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে– ২,২২৮ জন লোক৷ আক্ৰান্ত সকলৰ ভিতৰত আছে গুৱাহাটীত ৩০৯জন, কাছাৰত ২৮১জন, তিনিচুকীয়াত ১৯৬জন আৰু ডিব্ৰুগড়ত ১৭০জন৷ দেওবাৰে ৰাজ্যত ক’ভিড পজিটিভৰ হাৰ ৩.০৩ শতাংশলৈ নামি আহিছে৷ আনহাতে দেওবাৰে ক’ভিডত মৃত্যু হৈছে ৩৭ জন ৰোগী৷ তিনিচুকীয়াত ৬জন, শোণিতপুৰত ৪জন আৰু কাছাৰ, কামৰূপ মহানগৰ, নগাঁৱত ৩ জনকৈ ৰোগীৰ মৃত্যু হৈছে৷ দৰং, শিৱসাগৰ, ওদালগুৰিত দুজনকৈ ৰোগীৰ মৃত্যু হৈছে৷
শোণিতপুৰত পুনৰ দুজনৰ কৰ’নাত মৃত্যু
শোণিতপুৰ জিলাখনত ক’ৰনাৰ দ্বিতীয়টো লহৰত ক্ৰমনয়ে মৃত্যৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ ঠিক একেদৰে জিলাখনত সঃক্ৰমণৰ সংখ্যাও বৃদ্ধি পাইছে৷ দেওবাৰে জিলাখনত পুনৰ দুজনৰ কৰ’নাত মৃত্যু হোৱাৰ লগতে আন ১৯২জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে৷ চৰকাৰী তথ্য অনুসৰি দেওবাৰে কৰ’নাত মৃত্যু হোৱা লোক দুজন ক্ৰমে তেজপুৰ শলমৰাৰ ইদ্ৰিছ আলি[৭৪] আৰু ঠেলামৰাৰ উলুবাৰীৰ খগেশ্বৰ দাস [৬৭]৷ শোণিতপুৰ জিলাখনত ক’ৰনাৰ দিতীয়টো লহৰত দেওবাৰলৈকে ১০৯জন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে৷
বিশ্বনাথত ক’ভিড আক্ৰান্ত হৈ পুনৰ দুজনৰ মৃত্যু
বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত মাজুলীগড় চাহ বাগিচাৰ বৰুণ তাঁতী নামৰ লোকজন দেওবাৰে ক’ভিড আক্ৰান্ত হৈ তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়৷ বৰুণ তাঁতী ক’ভিড আক্ৰান্ত হৈ প্ৰথমতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল, যদিও পাছত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ তেওঁৰ মৃত্যুত মাজুলীগড়ত গভীৰ শোকৰ ছাঁ পৰিছে৷ আনহাতে ক’ভিডত আক্ৰান্ত হৈ বিশ্বনাথ চাৰিআলিৰ কোচ গাঁৱৰ পৰাগ হাটীবৰুৱাৰ দেওবাৰে মৃত্যু হয়৷ ইফালে জিলাখনত মূঠ ক’ভিড ৰোগীৰ সংখ্যা ২৮৯৫জনলৈ বৃদ্ধি হৈছে৷ দেওবাৰে বিশ্বনাথ জিলাত ৫৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ পজিটিভ৷ জিলাখনত বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা হল২৮৯৫গৰাকী৷
সমাজকৰ্মী যতীন্দ্ৰনাথ শৰ্মাৰ ক’ভিডত মৃত্যু
গুৱাহাটীৰ পূব- সৰুমটৰীয়া উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰ নাথ শৰ্মাৰ ৩১ মে’ত ক’ভিডত মৃত্যু হয়৷ সৰুমটৰীয়া নিবাসী যতীন্দ্ৰ নাথ শৰ্মাৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫১ বছৰ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, বোৱাৰী, আত্মীয় স্বজনক এৰি যায়৷ আনহাতে পূব-সৰুমটৰীয়া উন্নয়ন সমিতিৰ উদ্যোগত ২ জুলাইত সমিতিৰ সভাপতি গজেন্দ্ৰ কলিতাৰ সভাপতিত্বত উন্নয়ন সমিতি আৰু মেঘালী সংঘৰ এখন শোকসভা অনুষ্ঠিত হয়৷ সভ্যত সদস্য সকলে মৃতকৰ আত্মাৰ চিৰশান্তিৰবাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
বেবেজীয়াৰ সমাজকৰ্মী অৰূপ কুমাৰ বৰাৰ ক’ভিডত মৃত্যু
নগাঁও জিলাৰ বেবেজীয়াৰ নিবাসী বিশিষ্ট সমাজকৰ্মী অৰূপ কুমাৰ বৰা[৬০] যোৱা প্ৰায় দহ দিন ধৰি ক’ভিডত আক্ৰান্ত হৈ থকাৰ পিছত দেওবাৰে পুৱা ছয় বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে৷ লোকজনৰ মৃত্যুত বেবেজীয়াত শোকৰ ছাঁ পৰাৰ লগতে শেহতীয়াকৈ বেবেজীয়া বৃহত্তৰ অঞ্চলটোত ক’ভিডত আক্ৰান্তৰ সংখ্যাই সমাজ জীৱনত ব্যাপক প্ৰভাব বিস্তাৰ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ক’ভিডৰ আগ্ৰাসন গাঁওসমূহলৈ বিয়পি পৰাত গঞা ৰাইজৰ মাজত তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে৷ দেওবাৰে বেবেজীয়াৰ বৰাৰ মৃত্যুৰ খবৰে বেবেজীয়াত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে৷ মৃত্যুৰ সময়ত বৰাই জন্মদাত্ৰী মাতৃৰ উপৰি পত্নী, দুজন পুত্ৰ, ভাতৃদ্বয়, দুগৰাকী বোৱাৰী আৰু ভটিজাকে ধৰি আত্মীয়স্বজনক এৰি থৈ যায়৷
টুম্প্ৰেং ক’ভিড কেন্দ্ৰৰ পৰা দুই আচামীৰ পলায়ন
পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেংস্থিত ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা যোৱানিশা ক’ভিড আক্ৰান্ত দুই আচামীয়ে পলায়ন কৰাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পলায়ন কৰা আচামী দুটা ক্ৰমে বৰলংকি তিমুং আৰু জন ইংতি বুলি জানিব পৰা গৈছে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, উগ্ৰপন্থীৰ নামত জিলাখনৰ বিভিন্ন স্থানত ধনদাবী কৰি অহাৰ অভিযোগত এই দুই দুবৃৰ্ত্তকে যোৱা ২৮ মে’ত হামৰেণ আৰক্ষীয়ে ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত দুয়ো অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত দুয়োৰে দেহত কৰ’নাৰ উপস্থিতি নিশ্চিত কৰা হয়৷ যাৰবাবে দুয়োজন আচামীকে যোৱা ৩১ মে’ৰ পৰা টুম্প্ৰেংস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত ৰাখি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়৷ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন অৱস্থাতে দুয়োগৰাকীয়ে যোৱানিশা কেন্দ্ৰটোৰ খিৰিকীৰ ৰড ভাঙি কেন্দ্ৰটোৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে, ক’ভিড কেয়াৰ চেণ্টাৰটোত আঠজনকৈ আৰক্ষীৰ লোক পহৰাত থকাৰ পাছতো দুই দুৰ্ধৰ্ষ অপৰাধীয়ে কিদৰে পলায়ন কৰিবলৈ সক্ষম হ’ল সেয়া গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ পলাতক দুই আচামীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে৷