প্ৰাক্তন গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থৰো চকু কপালত
আমাৰ অসম, ৭ জুনঃ এমাহো নৌহওতেই নতুন চৰকাৰৰ প্ৰথমটো কেলেংকাৰি পোহৰলৈ অহাত ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় গেমছৰ ভিলেজত থকা ৪৩ টা ফ্লেট বিক্ৰীৰ নামত সংঘটিত হৈছে এই কেলেংকাৰি৷ নতুন চৰকাৰৰ গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত সংঘটিত হোৱা গেমছ ভিলেজৰ ফ্লেট বিক্ৰীৰ কেলেংকাৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিগত চৰকাৰত একেটা দপ্তৰ চম্ভলা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ উল্লেখ্য, প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰ্যকালতে গেমছ ভিলেজৰ ফ্লেট বিক্ৰীৰ প্ৰক্ৰিয়া যোৱা ২৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল৷ পিছে নিৰ্বাচনৰ সূচী ঘোষণা কৰাত আচৰণ বিধি বলৱৎ হোৱাৰ বাবে সেই প্ৰক্ৰিয়া অৰ্ধসমাপ্ত হৈ ৰ’ল৷ এতিয়া নতুনকৈ গুৱাহাটী উন্নয়ন দপ্তৰ দায়িত্ব লাভ কৰি মন্ত্ৰী অশোক সিংঘালে পূৰ্বৰ প্ৰক্ৰিয়া অনুৰূপভাৱে আগবঢ়াই নিয়াৰ পৰিৱৰ্তে বিক্ৰী কৰিবলগীয়া ৪৩ টা ফ্লেটৰ ২২ টা কেৱল এনজিঅ’কহে বিক্ৰী কৰিব বুলি জাননী জাৰি কৰিছে৷ এই জাননী প্ৰক্ৰিয়াটো চম্ভালিবলৈ দায়িত্ব দিয়া অসম ৰাজ্যিক গৃহনিৰ্মাণ ব’ৰ্ডে কাৰ্যালয়ৰ বাহিৰত এখন জাননী আঁৰি দিয়েই দায়িত্ব সামৰিছে৷ প্ৰকৃততে বিষয়টো অধিক গ্ৰাহকে জানিব নোৱৰাৰ ব্যৱস্থা কৰিয়েই এনেদৰে বিজ্ঞাপন প্ৰকাশৰ পৰা বিৰত আছে অসম ৰাজ্যিক গৃহনিৰ্মাণ ব’ৰ্ড৷ অৱশ্যে গৃহনিৰ্মাণ ব’ৰ্ডে এই প্ৰক্ৰিয়া সম্পন্ন কৰি দি ফ্লেটৰ মূল্যৰ দুই শতাংশহে লাভ কৰিব৷ বাকী সকলো কাম কৰিব গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ বা জিএমডিএই৷ ঘাইকৈ অশোক সিংঘালৰ নিৰ্দেশতে এনেদৰে গোপনে গেমছ ভিলেজৰ ফ্লেট বিক্ৰীৰ কাৰ্যকলাপ আগবাঢ়িছে আৰু বিক্ৰীযোগ্য অৰ্ধেক ফ্লেট সাধাৰণ গ্ৰাহকক দিয়াৰ পৰিৱৰ্তে এনজিঅ’ৰ জৰিয়তে মন্ত্ৰীজনে নিজেই কুক্ষিগত কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উঠিছে৷ এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত পূৰ্বৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে, তেওঁৰ কাৰ্যকালত এই প্ৰক্ৰিয়া আৰম্ভ হওতে দুই-এটা এনজিঅ’ই ফ্লেট ক্ৰয় কৰিবলৈ আহিছিল যদিও তেওঁলোকৰ বাবে বিশেষ কোটাৰ সৃষ্টি কৰা হোৱা নাছিল৷ সেইবিষয়ত মন্ত্ৰীজনে গুৰুত্ব দিয়া নাছিল বুলিও মন্তব্য কৰে৷ তেওঁ কয় যে, এই প্ৰক্ৰিয়া আৰম্ভ কৰোতে গৃহনিৰ্মাণ ব’ৰ্ডৰ যোগেদি নিয়ম-নীতি মানি আগবাঢ়িছিল আৰু ৰাজহুৱাভাৱে সংবাদপত্ৰৰ জৰিয়তে বিক্ৰীৰ জাননীৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ এইবাৰ প্ৰক্ৰিয়াটো পূৰ্বৰ দৰেই আগনবঢ়াত তেওঁ আ(ৰ্য প্ৰকাশ কৰে৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মতে এয়া যিহেতু ৰাজহুৱা সম্পত্তি সেয়েহে ৰাজহুৱা জাননীৰ জৰিয়তে সকলোকে জনাই প্ৰক্ৰিয়াটো সম্পন্ন কৰা উচিত আছিল৷ তেওঁৰ দিনত সেই নীতি মানি প্ৰক্ৰিয়াটো আৰম্ভ কৰিলেও নিৰ্বাচনৰ বাবে অৰ্ধসমাপ্ত হৈ ৰ’ল বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে এনজিঅ’ বা আন কোনো সংগঠনক বিশেষ অধিকাৰ দি ৰাজহুৱা সম্পত্তি বিক্ৰী কৰিবলৈ তেওঁৰ কাৰ্যকালত চৰকাৰ আগবঢ়া নাছিল বুলিও ভট্টাচাৰ্যই মন্তব্য কৰে৷ উল্লেখ্য, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰ্যকালত গেমছ ভিলেজৰ ৪১টা ফ্লেট বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও অশোক সিংঘালৰ কাৰ্যকালত আৰু দুটা বৃদ্ধি কৰি বিক্ৰীযোগ্য ফ্লেটৰ সংখ্যা ৪৩টা হৈছে৷ ইয়াৰে ২২ টা ফ্লেট কেৱল এনজিঅ’ক বিক্ৰী কৰিব বুলি জাননী জাৰি কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো মন্ত্ৰী অশোক সিংঘাল ৰাজ্যৰ এজন আগশাৰীৰ বিল্ডাৰ-ব্যৱসায়ী বুলি সকলোৱে জানে৷ অভিযোগ উঠিছে অতি কম মূল্যত গেমছ ভিলেজৰ ফ্লেট এনজিঅ’ৰ নামত নিজেই ক্ৰয় কৰি অশোক সিংঘালে পাছত সেই ফ্লেট চৰাদামত বিক্ৰী কৰি ব্যৱসায় কৰিব৷