নাছাৰ চন্দ্ৰ অভিযানৰ নেতৃত্বত ভাৰতীয় যুৱতী
আমাৰ অসম, ৭ জুনঃ ভাৰতত জন্ম হোৱা সুবাসিনী আয়াৰ নামৰ এগৰাকী মহিলা বিজ্ঞানীয়েই নাছাৰ পৰৱৰ্তী চন্দ্ৰ অভিযানৰ মেৰুদণ্ড৷ দীৰ্ঘ ৫০ বছৰৰ পাছত আমেৰিকাই অহা ২০২৪ চনত পুনৰ চন্দ্ৰলৈ মানৱযান প্ৰেৰণ কৰিব৷ আৰ্টেমিছ নামৰ এই চন্দ্ৰ অভিযানৰ মূল দায়িত্বত আছে ভাৰতত জন্মগ্ৰহণ কৰা আৰু ১৯৯২ চনত ভি এল বি জানকীমল কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক হোৱা সুবাসিনী৷ সম্পূৰ্ণ প্ৰকল্পটোৰ মূল পৰিচালনাৰ দায়িত্বত আছে ভাৰতীয় মূলৰ এইগৰাকী মহিলা৷ নাছাই সুবাসিনীৰ দায়িত্ব সন্দৰ্ভত কয়– ‘আৰ্টেমিছ প্ৰকল্পটোৰ বেকব’ন হৈছে সুবাসিনী’৷ ভাৰতীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা কথোপকথনত নাছাত এই প্ৰকল্পক লৈ ব্যস্ত থকা সুবাসিনীয়ে কয়– ‘চন্দ্ৰত মানৱৰ শেষ পদাৰ্পনৰ ৫০ বছৰ হৈ গ’ল৷ আমি পুনৰ চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ বাবে প্ৰস্তুতি চলাই আছো৷ ইয়াৰ পাছত আমি মঙল গ্ৰহলৈকো মানৱ প্ৰেৰণ কৰিম৷ মোৰ প্ৰথম কাম হৈছে আৰ্টেমিছ অভিযানৰ মূল যানখন চন্দ্ৰত নমাৰ পূৰ্বে পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰিবলগীয়া আৰ্টেমিছ-ৰ আৰু আৰ্টেমিছ-২ ক সুকলমে চন্দ্ৰলৈ পঠিয়াই ওভোটাই অনা৷ এই দুখন যানৰ সাফল্যৰ ওপৰতে মহাকাশচাৰী যাবলগীয়া আৰ্টেমিছ-৩ ৰ সফলতা নিৰ্ভৰ কৰিব৷ শেষবাৰৰ বাবে আমেৰিকাৰ নাছাই চন্দ্ৰত মানৱ অৱতৰণ কৰোৱাৰ ৫০ বছৰ হ’ল৷ দিন যিমানেই কম বা অধিক হয়, প্ৰত্যেকটো অভিযানেই নতুন৷ প্ৰত্যেক অভিযানৰ বাবেই পৃথকে প্ৰস্তুতি চলাব লাগে৷ সেয়ে আৰ্টেমিছ অভিযান মুঠেই সহজসাধ্য নহয়৷ পূৰ্বে চন্দ্ৰলৈ নাছাই মানৱ প্ৰেৰণ কৰিছিল বাবে এইবাৰৰ অভিযান সহজ হৈ পৰিব, তেনে কথা নাই৷ প্ৰত্যেকটো মহাকাশ অভিযানৰ দৰে আৰ্টেমিছো প্ৰত্যাহ্বানেৰে ভৰা৷’ উল্লেখ্য, ১৯৭২ চনত শেষবাৰৰ বাবে চন্দ্ৰত মানৱৰ পদাৰ্পণ ঘটিছিল৷ ১৯৭২ চনৰ ১৪ ডিচেম্বৰত চন্দ্ৰত শেষবাৰৰ বাবে এপ’ল’-১৭ অভিযানত খোজকঢ়া মানুহজন হ’ল ইউজেন কাৰমেন৷ তেতিয়াৰ পৰা আমেৰিকাই চন্দ্ৰলৈ কোনো মানৱ অভিযান চলোৱা নাই৷ প্ৰসংগতঃ, আমেৰিকাৰ বাহিৰে কোনো দেশে আজি পৰ্যন্ত চন্দ্ৰলৈ কোনো মানৱ অভিযান চলোৱা নাই আৰু আমেৰিকানৰ বাহিৰে কোনেও চন্দ্ৰপৃষ্ঠত ভৰি থ’ব পৰা নাই৷ ১৯৬৯ চনত নীল আমষ্ট্ৰং আৰু এডুইন এলড্ৰিনে প্ৰথম চন্দ্ৰত ভৰি দিয়াৰ পৰা মুঠতে ২৪ বাৰ মানৱে চন্দ্ৰত পদাৰ্পণ কৰিছে, য’ৰ তিনিজন মহাকাশচাৰী দুবাৰকৈ চন্দ্ৰলৈ গৈছে৷ তাৰে শেষজন চন্দ্ৰত পদাৰ্পণকাৰী ইউজেনেও দুবাৰ চন্দ্ৰত ভৰি থোৱাৰ সৌভাগ্য অৰ্জন কৰিছে৷