Logo
image

দঃ শালমাৰা জিলাৰ ৰেকৰ্ড, দেশৰ ভিতৰতে সৰ্বনিম্ন টিকাকৰণ

আমাৰ অসম, ৮ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ১৮ বছৰ ঊধবৰ্ৰ সকলো লোককে বিনামূলীয়াকৈ ভেক্‌চিন দিব বুলি ঘোষণা কৰাৰ সময়ত অসমত ভেক্‌চিনৰ নাটনিৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীয়ে পৰ্যাপ্ত ভেক্‌চিন মজুত থকা বুলি প্ৰচাৰ চলাই আহিলেও বাস্তৱত নাগৰিকে ভেক্‌চিন লাভ কৰা নাই৷ অবাঞ্চিতভাৱে দেশৰ ভিতৰতে নাগৰিকে ভেক্‌চিন লাভ নকৰা জিলাৰ সৰ্বনিম্ন স্থানত আছে অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা৷ অৰ্থাৎ দেশৰ ভিতৰতে নগন্য সংখ্যক ভেক্‌চিন লাভ কৰিছে এই জিলাখনৰ নাগৰিকে৷ কেৱল দক্ষিণ শালমাৰা মানকাচৰ জিলাই নহয় নাগৰিকৰ বাবে ভেক্‌চিন উপলব্ধ নোহোৱা জিলাৰ তালিকাত দেশৰ শীৰ্ষ দহখন জিলাৰ ভিতৰত অসমৰ বাগ্‌সা জিলাইও অবাঞ্চিত অভিলেখ¸ অৰ্জন কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ 'COWIN' পৰ্টেলৰ তথ্য মতে দেশৰ ভিতৰত আটাইতকৈ কম সংখ্যক লোকক ভেক্‌চিন প্ৰদান কৰিছে দক্ষিণ শালমৰা জিলাত৷ বাংলাদেশ সীমান্তৰ জিলাখনত প্ৰতি ১০০ জন লোকৰ বিপৰীতে গড়ে ৩.২ ড’জহে ভেক্‌চিন প্ৰদান কৰিছে৷ অৰ্থাৎ দক্ষিণ শালমাৰা মানকাচৰ জিলাত ১০০জন লোকৰ ভিতৰত দুজন লোককো সম্পূৰ্ণকৈ [২ ড’জ] ভেক্‌চিন দিব পৰা নাই স্বাস্থ্য বিভাগে৷ দক্ষিণ শালমাৰা জিলাৰ পাছতেই আছে উত্তৰ প্ৰদেশৰ চম্বল জিলা৷ এইখন জিলাতো প্ৰতি ১০০ জন লোকৰ বিপৰীতে মাত্ৰ ৪.৪৪ ড’জ ভেক্‌চিন দিবলৈ সক্ষম হৈছে৷ আনহাতে আটাইতকৈ কম ভেক্‌চিন দিয়া জিলাৰ তালিকাত অষ্টম স্থানত আছে বিটিএডিৰ বাগ্‌সা জিলা৷ বাগ্‌সা জিলাতো প্ৰতি ১০০ জন লোকৰ বিপৰীতে স্বাস্থ্য বিভাগে ৫.৩৬ ড’জ ভেকচিন দিবলৈ সক্ষম হৈছে৷ এইখন জিলাতো ১০০জন নাগৰিকৰ বিপৰীতে ৩জনেও সম্পূৰ্ণ ভেক্‌চিন লাভ কৰা নাই৷ লক্ষণীয়ভাৱে দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক নাগৰিকে ভেক্‌চিন লাভ কৰা জিলাখন হৈছে পুডুচেৰীৰ মহে জিলা৷ জিলাখনত ১০০জন লোকৰ বিপৰীতে গড়ে ৬২.৯৯ ড’জ ভেক্‌চিন দিয়া হৈছে৷ অৱশ্যে, সৰ্বাধিক সংখ্যক নাগৰিকে ভেক্‌চিন লাভ কৰা দেশৰ শীৰ্ষ দহখন জিলাৰ দশম স্থানত আছে অসমৰ কামৰূপ মহানগৰ জিলা৷ কামৰূপ মহানগৰ জিলাৰ প্ৰতি ১০০ জন লোকৰ বিপৰীতে ৪৫.৯৯ ড’জ ভেক্‌চিন দিয়া হৈছে৷ অৰ্থাৎ প্ৰতি ১০০ জনৰ বিপৰীতে ২৩ জন লোকক স্বাস্থ্য বিভাগে ভেক্‌চিন দিবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে অসমত ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ্ৰাস পাইছে৷ সোমবাৰে ৰাজ্যত ৩৭ জন ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্যবিভাগে প্ৰকাশ কৰিছে৷ কাছাৰ, ডিব্ৰুগড় আৰু যোৰহাটত চাৰিজনকৈ ৰোগীৰ মৃত্যু হোৱাৰ লগতে হোজাই আৰু মৰিগাঁৱত তিনিজনকৈ ৰোগীৰ মৃত্যু হৈছে৷ আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৩,৮০৪ জন লোক আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰত ৩১৮ জন, তিনিচুকীয়াত ৩১৫ জন আৰু কাছাৰত ৩১ৰ জন লোক আক্ৰান্ত হৈছে৷

কৰ’নাৰ বাবে মানুহৰ মানসিক স্থিতি সলনি হয়ঃ ডাঃ ৰমেন তালুকদাৰ

ক’ৰনা ৰোগ ভাইৰাছজনিত ভাইৰাছৰ দ্বাৰা বাহক হয়৷ এই ৰোগ অতি ভয়াবহ ভাৱে বতাহৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে৷ এই ৰোগৰ চিকিৎসা ৰোগীৰ লক্ষ্যণ অনুযায়ী কৰা হয়৷ এই অভিমত বৰপেটাস্থ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ৷ বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ দ্বাৰা সাম্প্ৰতিক সময়ত কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আয়োজিত ইতিবাচক অন্বেষণ-এক ব্যাখ্যান শৃংখল শীৰ্ষক পঞ্চম লানি বক্তৃতা অনুষ্ঠানত ডাঃ ৰমেন তালুকদাৰে কয় যে, এই ৰোগৰ পৰা নিজকে বচাই ৰখাৰ বাবে চৰকাৰ বা ICMR ৰে দিয়া পৰামৰ্শ পালন কৰিব লাগে৷ কিয়নো এই ৰোগ ভয়াবহভাৱে সংক্ৰমণ হৈছে৷ আমি নিজকে বচাই ৰখাৰ লগতে আনকো বচাই ৰখাৰ বাবে চৰকাৰী বিধি সমূহ মানি চলিবলৈ অধ্যক্ষজনে সকলো ৰাইজক আহ্বান জনায়৷ আনহাতে, কৰ’ণাৰ ফলত মানুহৰ মানসিক স্থিতিৰ সলনি হয় বুলি উল্লেখ কৰি বিশিষ্ট চিকিৎসকজনে কয় যে এই সময়ত আমাৰ মানসিক স্থিতি পৰিবেশৰ বাতাবৰণৰ লগত পৰিবৰ্তন হয়৷ কৰ’না সম্বন্ধে বহুতে ভালকৈ জনা নাই বাবে মানুহৰ মনত বিভিন্ন ভয় শংকা, অনিশ্চয়তা আদিয়ে দেখা দিয়ে৷ বিশেষকৈ কৰ’না ৰোগী চিকিৎসালয়লৈ যাব লগা নোহোৱা সকলে ঘৰতে আচুতীয়াকৈ থাকিব লগা বাবে তেওঁলোকৰ মনত ভয়, শংকা আদি দেখা দিয়ে বুলি উল্লেখ কৰি ডাঃ তালুকদাৰে পুনৰ কয়, ৰোগীসকলে নিজৰ দৈনন্দিন কাম-কাজৰ পৰা নিজকে আঁতৰাই ৰাখিব লগা হোৱা বাবে মানসিক আৰু শাৰীৰিক পৰিবৰ্তন হয়৷ আনহাতে,  এজন ৰোগী যেতিয়া চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়ত কাষৰ ৰোগী এজনৰ মৃত্যু হয় বা আন এজন ৰোগী ICU থাকি অক্সিজেন গ্ৰহণ কৰি আছে , তেতিয়া সেই ৰোগীজনৰ এনজাইটি আৰু ডিপ্ৰেচনত ভূগি আত্মহত্যাৰ পথ বাচি ল’ব পাৰে বুলিও তেওঁ আশংকা ব্যক্ত কৰে৷ এইক্ষেত্ৰত নিজৰ নিজৰ শাৰীৰিক শক্তি যেনেকৈ বঢ়াওঁ ঠিক তেনেকৈ মনৰ শক্তিও বঢ়াব লাগিব৷ ইয়াৰ কাৰণে আমি সকলোৱে কিছুমান কাম কৰাৰ প্ৰয়োজন আছে যেনে লঘু ব্যায়াম কৰা , শৰীৰ চৰ্চা কৰা, সুষম খাদ্য খোৱা, ভিটামিন যুক্ত খাদ্য খোৱা আৰু সময়মতে আহাৰ গ্ৰহণ কৰা ইত্যাদি ধৰণে আমি কিছুমান কাম কৰিলে এই প্ৰতিক্ৰিয়াৰ পৰা আঁতৰি থাকিব পাৰে৷ ইয়াৰ লগতে প্ৰত্যেকজন মানুহৰ নিজা নিজা কিছুমান গুণ আছে থাকে বুলি সদৰি কৰি কয়, এই সময়চোৱাত নিজৰ নিজৰ গুণৰ প্ৰয়োগ কৰিব লাগে৷ সেয়েহে সকলোৱে চেষ্টা কৰিব লাগে যে আমাৰ মনৰ স্থিতি, মনৰ শক্তিক কেতিয়াও দুৰ্বল নহয় আৰু এই শক্তিশালী মনোভাবেৰে কৰ’না ৰোগৰ পৰা জয় হ’ব পাৰিব বুলি মন্তব্য কৰে৷ এইবোৰ কথাৰ মূল কাৰণ সেই মানুহ জনৰ মানসিক স্থিতি অতি শক্তিশালী হ’ব বুলি মন্তব্য কৰি যদি সকলোৱে প্ৰাণায়াম, ব্যায়াম আদি কৰে তেতিয়া সকলোৰে শৰীৰ আৰু মন সুস্থ হৈ থাকিব আৰু ইয়াৰ ফলত দেহত ইমিউনিটি শক্তিটো বাঢ়ে, দেহত এই ইমিউনিটি শক্তিৰ দ্বাৰা কৰ’না নামৰ ভাইৰাছৰ পৰা জয়ী হ’ব পাৰিব বুলি ডাঃ ৰমেন তালুকদাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে৷

ক’ভিডত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ শিলপুখুৰীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ক’ভিডত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা জ্ঞাত-অজ্ঞাত ব্যক্তি সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই বিশেষ কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰাক্তন আইন উপদেষ্টা তথা বিজেপি নেতা শান্তনু ভঁৰালী উপস্থিত থাকি ক’ভিডত অকাল মৃত্যুক সাৱটি লোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে৷ শিলপুখুৰীৰ বাছআস্থানৰ সমীপত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে বিজেপি নেতা শান্তনু ভৰালীয়ে কয়– ‘সাধাৰণতে মানুহৰ মৃত্যু হলে আমি তেওঁলোকৰ ঘৰলৈ গৈ অথবা শ্মশানলৈ গৈ সমবেদনা জ্ঞাপন কৰোঁ৷ কিন্তু ক’ভিড মৃত্যু হোৱা সকলৰ প্ৰতি আমি শেষ শ্ৰদ্ধা জনাব পৰা নাছিলোঁ৷ সেয়ে আজি ৰাজহুৱাভাৱে তেওঁলোকৰ আত্মাৰ সদ্‌গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷ ৰাইজক অনুৰোধ ক’ভিডক ধেমালি হিচাপে নল’ব৷ ক’ভিডৰ এই যুঁজখনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক আপোনালোকে সহযোগ কৰক৷ তদুপৰি ক’ভিডৰ সুৰক্ষাৰ বাবে ক’ভিড ভেকচিন ব্যৱস্থাই সকলোকে সামৰি ল’ব বুলি মই আশা কৰিছোঁ৷’ এই কাৰ্যসূচীত অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ বিষয়ববীয়াৰ লগতে শিলপুখুৰী অঞ্চলৰ বাসিন্দা, স্থানীয় ব্যৱসায়ী উপস্থিত থাকি ক’ভিড মৃত্যু হোৱা লোক সকলৰ প্ৰতি শ্ৰদ্ধা জনায়৷ 

আজাৰাত এমাহত ২৮জনৰ মৃত্যু

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এলেকাত সোমবাৰে পুনৰ ১২জন লোক ক’ভিডত আক্ৰান্ত হয়৷ সোমবাৰে এলেকাটোত মুঠ ৫১৯জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হয়৷  আক্ৰান্ত সকলৰ ৯ জনক হোম আইছ’লেচনত থাকিবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে অইন ৩ জনক বিভিন্ন ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে৷ ইপিনে আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাত ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছত ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰা পুনৰ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত খবৰ মতে ধাৰাপুৰ মাজৰ বাহৰৰ মদন দাসৰ [৫২] ক’ভিডত আক্ৰান্ত হৈ দেওবাৰে নিশা মৃত্যুমুখত পৰে৷  উল্লেখনীয় যে আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এলেকাত প্ৰায় এটা মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পালে৷ ইফালে, পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ পাঁচখন গাঁও পঞ্চায়তৰ সকলো লোককে পৰ্যায়ক্ৰমে ক’ভিড প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰদান কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে তৎপৰতা আৰম্ভ কৰিছে৷ এই তৎপৰতাৰ অংশহিচাপে সোমবাৰে আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অতিৰিক্ত উপায়ুক্তদ্বয় গুনাজিৎ ৰায়চৌধুৰী আৰু শৰ্মিষ্ঠা বৰা [স্বাস্থ্য], আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা, কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুণীন্দ্ৰ দেৱ শৰ্মা,  এন এইছ এমৰ জিলা আঁচনি প্ৰবন্ধক [ডি পি এম] আৰু খণ্ড আঁচনি প্ৰবন্ধক [বি পি এম], পাঁচখন গাঁও পঞ্চায়ত ক্ৰমে আজাৰা, কাহিকুছি, ধাৰাপুৰ, গড়ল আৰু মাজিৰগাঁৱৰ সভাপতি আৰু সচিব সকল উপস্থিত থাকে৷ আনহাতে বৈঠকত উপায়ুক্ত বিশ্বজিৎ পেগুৱে আজাৰা ৰাজহ চক্ৰৰ পাঁচোখন গাঁও পঞ্চায়তৰে ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অতি শীঘ্ৰে সকলো লোককে ক’ভিডৰ পৰা মুক্ত কৰাৰ বাবে পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত কেনেদৰে ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে তাৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে৷ বৈঠকত ভেকচিন প্ৰদানৰ আঁচনিখন তুৰাম্বিত কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তাৰ ভিতৰত ক’ভিড পৰীক্ষা কৰি নিগেটিভ হোৱা ব্যক্তিকহে ভেকচিন প্ৰদান কৰা, প্ৰথম পৰ্যায়ত ৪৫ বছৰ উৰ্ধৰ ব্যক্তিক ভেকচিন প্ৰদানত অগ্ৰাধিকাৰ দিয়া, পজিটিভ ব্যক্তিক তিনি মাহ পাছতহে ভেকচিন দিয়া, গাঁও পঞ্চায়ত পৰ্যায়ত বিদ্যালয় বা স্বাস্থ্য অনুকূল আন্তঃগাঁথনি থকা স্থানত ভেকচিন দিয়া, দৈনিক ভেকচিন প্ৰদান আৰু ক’ভিড কৰা সন্দৰ্ভত ডি পি এম আৰু বি পি এমে দায়িত্ববাহী অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়াক তথ্যৰ আদান প্ৰদান কৰা আদিয়ে প্ৰধান৷  উপায়ুক্ত বিশ্বজিৎ পেগুৱে বৈঠকত জিলা খনক ক’ভিডমুক্ত কৰিবলৈ হলে গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি আন প্ৰতিনিধি সকলৰ কিমান গুৰুত্বপূৰ্ণ ভূমিকা আছে তাৰ ব্যাখ্যা দাঙি ধৰে৷ আনহাতে চক্ৰ বিষয়া মৃণাল বৰাই জানিবলৈ দিয়া মতে আজাৰা ৰাজহ চক্ৰ এলেকাৰ পাঁচখন গাঁও পঞ্চায়তত এই পৰ্যন্ত প্ৰায় ৩০ হাজাৰ লোকক ক’ভিড প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হৈছে৷

বৈঠালাংছ’ত দ্বিতীয়জন ক’ভিড ৰোগীৰ মৃত্যু

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ত এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ মৃত্যু ৰোগীজন বৈঠালাংছ’ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰী গেনা চাহানী বুলি জানিব পৰা গৈছে৷ মৃত গেনাৰ ঘৰ বিহাৰত৷ বৈঠালাংছ’স্থিত ৰংখাং চাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰ’ল পাম্পত আজি কেইবা বছৰ ধৰি কৰ্মৰত হৈ আছিল গেনা চাহানী৷ দেওবাৰে হঠাৎ গা বেয়া লগাত গেনাক চিকিৎসাৰ বাবে হোজাইলৈ নি থকা অৱস্থাত আধা বাটতেই তেওঁৰ মৃত্যু হয়৷ মৃত গেনাক হোজাই হাম হাস্পতালত মৃতদেহটো পৰীক্ষা কৰাতহে ধৰা পৰে তেওঁ ক’ভিড পজিটিভ বুলি৷ পাছত গেনাৰ মৃতদেহটো বৈঠালাংছ’ চিকিৎসালয়ত কিছু সময় ৰাখি চিকিৎসালয়খনৰ সহযোগত মৃতদেহটো সৎকাৰ কৰে৷ উল্লেখ্য যে জিলাখনত গেনাই হৈছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা দ্বিতীয়জন ব্যক্তি৷ আনহাতে ক’ভিডত মৃত্যু হোৱা গেনাই কৰ্মৰত পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰীসকলৰ ক’ভিড পৰীক্ষা নকৰাকৈ বৰ্তমানেও অব্যাহত আছে পেট্ৰ’ল-ডিজেলৰ বিক্ৰী৷

শোণিতপুৰত পুনৰ তিনিজনৰ মৃত্যু

শোণিতপুৰত সোমবাৰে আৰু তিনিজন কৰ’না আক্ৰান্তৰ মৃত্যু ঘটিছে৷ চৰকাৰী তথ্য অনুসৰি, জিলাখনৰ শিঙৰীৰ ঢলগুৰীৰ কৰ্ম তুদু [৫০], ৰঙাপৰাৰ কলনি চাহ বাগিচাৰ সোমাৰী খৈয়া[৪৫]ৰ সোমবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ল হাস্পতালত মৃত্যু হয়৷ আনহাতে, সোমবাৰে শোণিতপুৰত নতুনকৈ মুঠ ১৭৩জনৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰে৷ ইফালে শোণিতপুৰ জিলাখনত ক’ৰনাৰ দ্বিতীয় পৰ্যায়ৰ লহৰত ১১২জন লোকৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱা সকলৰ ভিতৰত গ্ৰামাঞ্চলৰ সংখ্যা বেছি৷ ইফালে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা ক’ভিডত আক্ৰান্ত হৈছে৷

ক’ভিড কেন্দ্ৰত চিকিৎসক-নাৰ্ছ-ৰোগীৰ নৃত্য

দেশৰ চৌদিশে এতিয়া কেৱল মৃত্যুৰ বাতৰি৷ অতিমাৰী কৰ’নাৰ দ্বিতীয় ঢৌৱে থানবান কৰি পেলাইছে মানুহৰ জীৱন৷ কৰ’নাৰ তাণ্ডৱত একাদিক্ৰমে চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী আৰু সাধাৰণ লোকক অকালতে কাঢ়ি লৈ গৈছে তাৰ সীমা সংখ্যা নাই৷ কিন্তু তাৰ মাজতো আশা আৰু সপোন দেখি মানুহ জীয়াই থাকে এক সুন্দৰ ভৱিষ্যতৰ সন্ধানত৷   কাল ৰূপ ধাৰণ কৰা অতিমাৰী কৰ’নাৰ দ্বিতীয় ঢৌৰ আতংকৰ মাজতে সোমবাৰে কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি ক’ভিড কেয়াৰ ছেণ্টাৰ [চিচিচি]ত দেখা গ’ল এক ব্যতিক্ৰমী ধৰ্মী দৃশ্য৷ য’ত চিচিচিটোৰ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলে ক’ভিড আক্ৰান্ত সকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যৰে একেলগে বাগুৰুম্বা আৰু হিন্দী গীতৰ তালে তালে হাত চাপৰি বজাই নৃত্য কৰে৷ ইয়াৰ দ্বাৰা তেওঁলোকে বুজাই দিবলৈ চেষ্টা কৰে যে আমি ক’ভিড বিজয়ী হৈ জীয়াই থাকিব লাগিব৷ আকৌ স্বাভাৱিকভাৱে পূৰ্বৰ দৰে জীৱন-যাপন কৰিব লাগিব ঘাত-প্ৰতিঘাত নেওচি৷ কোনে জানে কোনে ক’ত কেতিয়া কেনেকৈ যাৱলগীয়া হয়৷ সোমবাৰে ছেৰফাংগুৰি ক’ভিড কেয়াৰ চেণ্টাৰত নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ক’ভিড আক্ৰান্তসকলৰ সাহস আৰু মনোবল বৃদ্ধি কৰাৰ বাবে ছেণ্টাৰটোত থকা চিকিৎসক ড॰ আশিস কুমাৰ, জিএনএম প্ৰাংকুষ পোড্ডাৰে চিকিৎসা ধীন হৈ থকা ২৯ গৰাকী ক’ভিড ৰোগীৰে নৃত্যত অংশ গ্ৰহণ কৰে৷