Logo
image

হাজাৰটকীয়া আম খাইছেনে

আমাৰ অসম, ৮ জুনঃ ফলৰ ৰজা আম৷ এই কথা সকলোৱে জানে৷ কিন্তু আমৰ ৰজা কি? আমৰ ৰাণী একা? অসমৰ থলুৱা আমবোৰৰ সোৱাদেই সুকীয়া৷ অসমত উৎপাদিত আমবোৰ আকাৰত সৰু যদিও সোৱাদৰ ক্ষেত্ৰত দেশৰ যিকোনো ঠাইৰ আমৰ সৈতে অসমৰ আমে ফেৰ মাৰিব পাৰে বুলি ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে৷ অৱশ্যে চৰকাৰৰ ভুল নীতি, বিজ্ঞানসন্মত আম খেতিৰ প্ৰতি অসমৰ খেতিয়কৰ অনীহা আৰু ব্যৱসায়িক দৃষ্টিভংগীৰ অভাৱকে ধৰি বিভিন্ন কাৰণত অসমৰ আমে ভাৰত জয় কৰা দূৰৰে কথা, অসমৰে কেউখন জিলা জয় কৰিব পৰা নাই৷ সেই সময়তে এইখন ভাৰতৰে এখন জিলাৰ এবিধ আমে পৃথিৱী জয় কৰিবলৈ উদ্যত হৈছে৷ এই আমৰ নাম ‘নুৰজাহান’৷ মহিলাৰ নামেৰে আমবিধৰ নামকৰণ কৰা হেতু এইবিধ আমক আমৰ ৰজা বুলি কোৱাৰ সলনি আমৰ ৰাণী বুলি কোৱা হয়৷ এইবিধ আমৰ দাম আকাশলংঘী৷ একোটা আমৰ দাম এহাজাৰ টকাপৰ্যন্ত৷ নহ’বইবা কিয়? এইবিধ আমৰ একোটাৰ দৈৰ্ঘ্য এক ফুট আৰু ওজন পাঁচ কিলোগ্ৰামপৰ্যন্ত হয়৷ খাবলৈও সুস্বাদু৷ সেইবাবেই এই আমবিধৰ চাহিদা অতি বেছি৷ অৱশ্যে চাহিদা অনুপাতে আমবিধৰ উৎপাদন নহয়৷ এইবিধ আমৰ উৎপাদন অতি সীমিত৷ মধ্যপ্ৰদেশৰ আলিৰাজপুৰ জিলাৰ কাঠিৱাৰা গাঁৱত এইবিধ আম পোৱা যায়৷ এই আমবিধৰ নাম কিয় ‘নুৰজাহান’– সেই বিষয়ে কোনেও একো নাজানে৷ মোগল সম্ৰাট জাহাংগীৰৰ পত্নী নুৰজাহানৰ নামত এই আমবিধৰ নামকৰণ কৰা বুলি একাংশই ক’ব খোজে যদিও এই কথাৰো কোনো ঐতিহাসিক বা বিজ্ঞানসন্মত তথ্য-ব্যাখ্যা তেওঁলোকে আগবঢ়াব পৰা নাই৷ প্ৰসিদ্ধিৰ ফালৰ পৰা আমবিধে জাহাংগীৰৰ পত্নী নুৰজাহানক এতিয়ালৈকে চুব পৰা নাই যদিও দৈৰ্ঘ্য, ওজন আৰু সোৱাদৰ ফালৰ পৰা ইতিমধ্যে ভাৰত জয় কৰিবলৈ আগবাঢ়িছে ‘নুৰজাহান’৷ কেৱল ভাৰতেই নহয়, পৃথিৱী জয় কৰাৰো সপোন দেখিছে ‘নুৰজাহান’ৰ জৰিয়তে দুবেলা দুমুঠি যোগাৰ কৰিবলৈ সক্ষম হোৱা খেতিয়কসকলে৷ এইক্ষেত্ৰত মধ্যপ্ৰদেশ চৰকাৰেও বিশেষ গুৰুত্ব দিছে৷ গুজৰাট সীমান্তৰ পৰা ইন্দোৰৰ দিশে ২৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত আলিৰাজপুৰ জিলাৰ কাঠিৱাৰা গাঁৱৰ বাহিৰে দেশৰ আন ঠাইত এইবিধ আম উৎপাদিত হোৱাৰ কোনো তথ্য এতিয়ালৈকে পোৱা হোৱা নাই৷ জনশ্ৰুতি মতে, এই আমবিধৰ জন্মস্থান আফগানিস্তান– আৰু সেইবাবেই আমবিধৰ আকাৰ-প্ৰকাৰ আফগান তথা পাঠানৰ দৰে বুলিও বহুজনে কয়৷ আফগানিস্তানৰ পৰা এই আমবিধ কেনেকৈ ভাৰত পালেহি আৰু ভাৰতৰ এখন ৰাজ্যৰ এখন গাঁৱত এই আমবিধে কেনেকৈ নিজৰ স্থায়ী ঠিকনা গোটালে, সেই বিষয়ে এতিয়ালৈকে সৰ্বগ্ৰহণযোগ্য তথ্য পোহৰলৈ অহা নাই যদিও এই সন্দৰ্ভত গৱেষণা-অনুসন্ধান অব্যাহত আছে৷ কাঠিৱাৰাৰ ‘নুৰজাহান’ আমৰ এজন খেতিয়ক শিৱৰাজ সিংহই জনোৱা মতে, ১৯৬৮ চনত এই আমবিধ গুজৰাটলৈ অনা হৈছিল৷ তাৰ পাছৰ বছৰ শিৱৰাজ সিংহৰ দেউতাক ঠাকুৰ পি সিংহই গুজৰাটৰ পৰা এই আমবিধৰ পুলি কিনি মধ্যপ্ৰদেশলৈ আনে আৰু কাঠিৱাৰা গাঁৱত থকা নিজৰ বাগানত এই আমবিধৰ পুলি ৰোপন কৰে৷ এই বছৰ শিৱৰাজ সিংহৰ বাগানত আঢ়ৈশটা ‘নুৰজাহান’ আম লাগিছে৷ প্ৰতিটো আম হাজাৰ টকাপৰ্যন্ত বিক্ৰী হৈছে৷ ‘নুৰজাহান’ আমৰ চাহিদা ইমানেই বেছি যে গছত কেঁচা হৈ থাকোঁতেই এই আমবিধ গ্ৰাহকে ‘বুক’ কৰে আৰু পূৰঠ হোৱাৰ পাছত সেই আম ঘৰলৈ নিয়ে৷ একাংশই অধিক দামত সেই আম বিক্ৰীও কৰে৷ এই আমবিধৰ ওজন এটি কেঁচুৱাৰ সমান– দুই কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰামপৰ্যন্ত৷ প্ৰথমাৱস্থাত পাঁচ কিলোগ্ৰামতকৈ বেছি ওজনৰ আম গছত লাগিছিল যদিও সময় বাগৰাৰ লগে লগে ‘নুৰজাহান’ আমৰ আকৃতি ক্ৰমান্বয়ে সৰু হ’বলৈ ধৰিছে, ওজনো কমিবলৈ লৈছে৷ সেইবাবেই চিন্তাত পৰিছে খেতিয়কসকল৷ অৱশ্যে তেওঁলোকৰ চিন্তা দূৰ কৰিবলৈ আগবাঢ়ি আহিছে স্থানীয় অসামৰিক প্ৰশাসন, আৰক্ষী প্ৰশাসন, কৃষি বিভাগ আৰু মধ্যপ্ৰদেশ চৰকাৰ৷ জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন কাৰণত ‘নুৰজাহান’ আমৰ প্ৰকৃতিগত পৰিৱৰ্তন হোৱা বুলি ইতিমধ্যে বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ বিশেষজ্ঞৰ প্ৰতিবেদনৰ ভিত্তিত এই বিৰল প্ৰজাতিৰ আমবিধ সংৰক্ষণ কৰিবৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই বিৰল প্ৰজাতিৰ আমৰ ‘পেটেণ্ট’ৰ বাবেও আৱেদন জনাইছে৷ মধ্যপ্ৰদেশ চৰকাৰৰ কৃষি বিভাগৰ এটি সূত্ৰৰ ঘোষণা– কাঠিৱাৰা গাঁৱৰ নুৰজাহানে খুব কম দিনৰ ভিতৰতে ভাৰত জয় কৰিব আৰু কেইবছৰমানৰ ভিতৰতে জয় কৰিব সমগ্ৰ পৃথিৱী...৷