
কাৰ দোষত চাকৰিৰ পৰা বঞ্চিত হৈছে অসমৰ নিবনুৱা
আমাৰ অসম, ৮ জুনঃ ৰাজ্য চৰকাৰে পাঁচ বছৰত এক লাখ নিবনুৱাক নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়তে চৰকাৰে নিয়োগ সম্পৰ্কীয় আইনক উলংঘন কৰি অহাৰ তথ্য পোহৰলৈ আহিছে৷ অসম চৰকাৰৰ সঠিক নিয়োগ নীতিৰ অভাৱতে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে থলুৱাক বঞ্চনা কৰি অহাৰ অভিযোগ উঠিছে৷ অৰ্থাৎ ৰাজহুৱা তথা ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠানত নিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণ নথকাৰ বাবেই বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংস্থাটোৱে৷ এটা বিবৃতিত ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি-ৰ এড্মিন মানস প্ৰতীম বৰুৱাই কয়– ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিবনুৱাক নিযুক্তিৰ সমান্তৰালভাৱে ৰাজ্যৰ সামগ্ৰিক নিয়োগ নীতিৰ সংস্কাৰ সাধন কৰক৷ নিয়োগ নীতিৰ সংস্কাৰ সাধন হ’লেহে ৰাজ্যৰ নিবনুৱাক সংস্থাপনত বিশেষ সুবিধা হ’ব৷ ৰাজ্য চৰকাৰৰ লগতে অৰ্ধ-চৰকাৰী তথা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে নিয়ম অনুসৰি নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে অনুমোদিত প্ৰাৰ্থীৰ ভিত্তিত বিভিন্ন খালী পদত নিযুক্তি প্ৰদান কৰিব লাগে যদিও বাস্তৱত এই আইনক উলংঘন কৰি আহিছে৷ আইন উলংঘন কৰাত ইয়াৰ সুযোগত থলুৱাক বঞ্চিত কৰাৰ সন্দেহ অমূলক নহয়৷ কিয়নো Employment Exchanges (Compulsory Notification of Vacancies) Act ১৯৫৯১ ৪[১] আৰু ৪[২] ধাৰা মতে ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ নিয়োগ সম্বন্ধীয় বিজ্ঞাপনৰ জাননীসমূহ সংশ্লিষ্ট নিয়োগ বিনিময় কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰিব লাগে৷ একেখন আইনৰ বিধি Employment Exchanges (Compulsory Notification of Vacancies) Rules 1959ৰ ৫[৩] ধাৰা অনুসৰি ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহে নিযুক্তিপ্ৰাপ্তসকলৰ তথ্য সংশ্লিষ্ট নিয়োগ বিনিময় কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰিব লাগে৷ আচৰিত কথা এয়ে যে নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয় আৰু তাৰ অধীনৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ পৰা পোৱা তথ্য অনুসৰি ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহে এই চিএনভি আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে৷ নিয়োগ বিনিময় কেন্দ্ৰ দুলীয়াজান, গৰমপানী, নামৰূপ, মঙলদৈ আৰু নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ে ২০১৯-২০ বৰ্ষত বেচৰকাৰী প্ৰতিষ্ঠানৰ দূৰৰে কথা চৰকাৰী বিভাগৰো নিযুক্তিৰ জাননী লাভ কৰা নাই৷ ডাবৰ, পতঞ্জলি আদি প্ৰতিষ্ঠানসমূহেও কেৱল দুটামান নিম্নবৰ্গৰ পদৰ জাননীহে তেজপুৰ নিয়োগ বিনিময় কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে৷ স্বাভাৱিকতেই ইয়াৰ সুযোগ লৈ এনে বেচৰকাৰী প্ৰতিষ্ঠানসমূহে থলুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য আনকি খোদ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধীনৰ আন এটা বিভাগ উদ্যোগ আৰু বাণিজ্য বিভাগেও যোৱা বছৰৰ ১০ আগষ্টত প্ৰকাশ কৰা ১৩০টা পদৰ কোনো জাননীয়েই নিয়োগ বিনিময় কেন্দ্ৰলৈ প্ৰেৰণ নকৰিলে৷ আইন ভংগ কৰিলে জৰিমনা বিহাৰ ব্যৱস্থা আছে যদিও সেয়া আজিলৈকে কাৰ্যকৰী হোৱা নাই৷ আইনখন সঠিকভাৱে মানি চলিলে প্ৰধানকৈ বেচৰকাৰী প্ৰতিষ্ঠানসমূহত নিয়োগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ উপৰিও নিয়োগ ব্যৱস্থাত স্বচ্ছতা আহিব৷