ক’ভিড কালৰ কেলেংকাৰি, ৰান্ধনি-পিয়নসহ ১০জন আত্মীয়ক নিযুক্তি দিলে মন্ত্ৰীয়ে
আমাৰ অসম, ৮ জুনঃ নৱগঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰীসভাত এপ্তাহতে দ্বিতীয়টো দাগ লাগিছে৷ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই দুৰ্নীতি, কেলেংকাৰি তথা ছিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল৷ কিন্তু তেনে সময়তে, হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে যোগ্যজনক বঞ্চিত কৰি ১০ জন আত্মীয়-ঘনিষ্ঠক চৰকাৰী চাকৰি প্ৰদানৰ গুৰুতৰ অভিযোগ৷ এই অভিযোগ উত্থাপন হৈছে শ্ৰমিক কল্যাণ ও চাহ জনজাতি কল্যাণ দপ্তৰ মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ বিৰুদ্ধে৷ ৰাজীৱ মাঝি নামৰ এজন যুৱকে ছ’চিয়েল মিডিয়াযোগে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী কিষাণৰ বিৰুদ্ধে৷ উত্থাপিত অভিযোগ অনুসৰি মন্ত্ৰী সঞ্জয় কিষাণ নেতৃত্বাধীন শ্ৰমিক কল্যাণ ও চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগত নিযুক্তিৰ ক্ষেত্ৰত বিয়াগোম দুৰ্নীতি সংঘটিত হৈছে৷ শেহতীয়াকৈ চাহ জনজাতি সঞ্চালকালয়ৰ খালী হোৱা কেতবোৰ পদত মন্ত্ৰী সঞ্জয় কিষাণে নিজৰ আত্মীয় তথা অঙহী-বঙহীৰ লগতে ঘনিষ্ঠ লোকক নিযুক্তি দিছে৷ যাৰ ফলত প্ৰকৃত যোগ্য বহু প্ৰাৰ্থী চাকৰিৰ পৰা বঞ্চিত হৈছে৷ নেহা কৰ্মকাৰ নামৰ এগৰাকী যুৱতীয়ে এ টি ই পি এফ অ’ অৰ্থাৎ অসম চাহ কৰ্মচাৰী ভবিষ্যনিধী বিভাগত কনিষ্ঠ সহকাৰী [জুনিয়ৰ এচিষ্টেণ্ট] পদত চাকৰি লাভ কৰিছে৷ নেহা কৰ্মকাৰ হৈছে মন্ত্ৰী সঞ্জয় কিষাণৰ ব্যক্তিগত সহায়ক সঞ্জীৱ কৈৰীৰ আত্মীয়৷ সেইদৰে মন্ত্ৰী সঞ্জয় কিষাণৰ তিনিচুকীয়াৰ কাৰ্যালয়ৰ সহায়কাৰী সঞ্জীৱ নেওগে পিয়নৰ চাকৰি লাভ কৰিছে৷ সঞ্জয় কিষাণৰ পত্নীৰ ভাতৃ থমাছ ধনে ই এছ আইৰ ফাৰ্মাচিষ্ট পদত নিযুক্তি লাভ কৰিছে৷ মন্ত্ৰী সঞ্জয় কিষাণৰ ৰান্ধনি দ্বীপেন কাইবাত্ৰাই লাভ কৰিছে চকীদাৰ পদত নিযুক্তি৷ সঞ্জয় কিষাণৰ কাৰ্যালয়ৰ আন এজন সহায়ক দীপাংকৰ কায়স্থই ই এছ আই ত পিয়নৰ চাকৰি লাভ কৰিছে৷ মন্ত্ৰী সঞ্জয় কিষাণৰ ব্যক্তিগত সহায়ক টিংকু বৰাৰ ভাতৃ নৱজ্যোতি বৰাই পিয়নৰ চাকৰি লাভ কৰিছে৷ সঞ্জয় কিষাণৰ গাড়ীচালকৰ পত্নী ৰেখা কাকতিয়ে ই এছ আই বিভাগত ড্ৰেছাৰ পদত নিযুক্তি লাভ কৰাৰ লগতে মন্ত্ৰী সঞ্জয় কিষাণৰ খুলশালি অৰুণ তপ্নয়ে অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি বিভাগত কনিষ্ঠ সহকাৰী পদত নিযুক্তি লাভ কৰিছে৷ সেইদৰে আন এগৰাকী কৰ্মচাৰীৰ আত্মীয় মুনমি ডেকায়ো পিয়নৰ চাকৰি লাভ কৰিছে৷ মন্ত্ৰী কিষাণৰ এই বিয়াগোম দুৰ্নীতিৰ তথ্য ফাদিল হোৱাৰ পাছতেই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে৷ ৰাজীৱ মাঝী নামৰ যুৱকজনে ইতিমধ্যে মন্ত্ৰী সঞ্জয় কিষাণে নিযুক্তিৰ নামত সংঘটিত কৰা বিয়াগোম কেলেংকাৰি সন্দৰ্ভত পত্ৰযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিছে৷ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা ৰাজ্যৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এইক্ষেত্ৰত তদন্তৰ ঘোষণা কৰিবলৈ দাবী জনাইছে ৰাইজে৷ মন্ত্ৰী সঞ্জয় কিষাণে গোপনে নিযুক্তি দিয়া এইসকল লোকৰ নিযুক্তি বাতিল কৰি এক স্বচ্ছ নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনাইছে সচেতন মহলে৷ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত মন্ত্ৰী সঞ্জয় কিষাণে স্বজন তোষণ নীতিৰে নিযুক্তি প্ৰদান কৰা উপৰোক্ত দহজন ব্যক্তিৰ নাম মাথোঁ কেইটামানহে উদাহৰণহে৷ যদিহে চৰকাৰে এইক্ষেত্ৰত তদন্তৰ ঘোষণা কৰে তেনেহলে সোণোৱাল চৰকাৰৰ কাৰ্যকালত সংঘটিত হোৱা দুৰ্নীতিত জড়িত বহুতৰে মুখা খোল খোৱাৰ সম্ভাৱনা প্ৰকট৷
মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে আছাৰ হুংকাৰ
বিজেপি চৰকাৰৰ কাৰ্যকাল দুমাহ পূৰ্ণ নৌহওঁতেই শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হোৱাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছা’ই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ শ্ৰম মন্ত্ৰীজনে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত হ’ব লগা নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি সংঘটিত কৰি প্ৰায় আঠজন আত্মীয়স্বজনক নিযুক্তি প্ৰদান কৰি যোগ্য প্ৰাৰ্থীসকলক বঞ্চিত কৰাৰ অভিযোগ উঠিছে৷ মন্ত্ৰীজনে চাকৰিত নিযুক্তি দিয়া নেহা কৰ্মকাৰ মন্ত্ৰীজনৰ ব্যক্তিগত সহায়কৰ আত্মীয়, সঞ্জীৱ নেওগ মন্ত্ৰীজনৰ কাৰ্যালয়ৰ কৰ্মচাৰী, থমাচ ধান মন্ত্ৰীজনৰ পত্নীৰ আত্মীয়, দীপেন কাইবাত্ৰা মন্ত্ৰীজনৰ ৰান্ধনী , দীপাঙ্কৰ কায়স্থ মন্ত্ৰীজনৰ কাৰ্যালয়ৰ কৰ্মচাৰী, নৱজ্যোতি বৰা মন্ত্ৰীজনৰ ব্যক্তিগত সহায়ক টিংকু বৰাৰ ভাতৃ, ৰেখা কাকতি মন্ত্ৰীজনৰ গাড়ীচালকৰ পত্নী আৰু অৰুণ তপ্ন মন্ত্ৰীজনৰ খুলশালীয়েক বুলি সংগঠনটোৱে নিশ্চিত কৰিছে৷ বিজেপি চৰকাৰে দুৰ্নীতি বিৰোধী বা শূন্যসহশীলতাৰ কথা কৈ থকাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ শ্ৰম মন্ত্ৰীজনে বিনাদ্বিধাই আত্মীয-কুটুমক চাহ শ্ৰমিক আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয় বিভাগত নিযুক্তি প্ৰদান কৰি শিক্ষিত যোগ্য প্ৰাৰ্থীসকলক বঞ্চিত কৰিছে৷ যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হৈছে নে নাই তাৰ উচিত তদন্ত কৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উপ-সভাপতি মেলখাছ টপ্প আৰু সাধাৰণ সম্পাদক দেবেন ওৰাঙে চৰকাৰক দাবী জনাইছে৷ অন্যথাই নিযুক্তি তালিকা বাতিল কৰি যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী জেনাৱাৰ লগতে যোগ্যতাৰ ভিত্তিত নিযুক্তি দিবলৈ আছাই দাবী তুলিছে৷
কেলেংকাৰিৰ অভিযোগ অস্বীকাৰ মন্ত্ৰী সঞ্জয় কিষাণৰ
ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে শেহতীয়াকৈ সামাজিক মাধ্যমত এজন লোকে স্বজন-তোষণেৰে শ্ৰমিক কল্যাণ পৰিষদ আৰু চাহ জনজাতি কল্যাণ পৰিষদত ১৮জন অঙহী বঙহীক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছে৷ এই অভিযোগ মন্ত্ৰীজনে অস্বীকাৰ কৰিছে৷ ধেমাজি জিলাৰ ‘অভিভাৱক মন্ত্ৰী’ৰ দায়িত্ব লাভ কৰাৰ পিছত সঞ্জয় কিষাণে সোমবাৰে প্ৰথমবাৰৰ বাবে ধেমাজিত উপস্থিত হৈ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ ইফালে মন্ত্ৰীজনৰ বিৰুদ্ধে শেহতীয়াকৈ উঠা গুৰুতৰ অভিযোগ সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী সঞ্জয় কিষাণে তেওঁৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন বুলি একেষাৰে নস্যাৎ কৰে৷ তেওঁ অভিযোগকাৰী ব্যক্তিজন চৰকাৰ বিৰোধী বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে ৯ জুনত হ’ব লগীয়া কেবিনেট বৈঠকত উক্ত বিষয়টো মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি অভিযোগকাৰীৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ নিযুক্তি সম্পৰ্কত এজন মন্ত্ৰীৰ কোনো ভূমিকা নাথাকে বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তিনিশ লোকক নিযুক্তি দিয়া হৈছে৷ তদুপৰি সামাজিক মাধ্যমত অভিযোগ কৰাৰ সলনি অভিযোগকাৰীক তথ্য জনা অধিকাৰ আইনৰ যোগে প্ৰকৃত তথ্য সংগ্ৰহ কৰিবলৈ মন্ত্ৰীজনে আহ্বান জনায়৷ মন্ত্ৰী এগৰাকীয়ে কেতিয়াও নিজৰ মতে নিযুক্তি দিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সম্পূৰ্ণ বিভাগীয় নীতি-নিৰ্দেশনাৰ মাধ্যমে নিযুক্তি দিয়া হৈছে৷ ইফালে অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজি পুৱা ধেমাজি আন্তঃজিলা বাছ আস্থানৰ ক’ভিড কেয়াৰ চেণ্টাৰত উপস্থিত হৈ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ লগতে ক’ভিড ৰোগী আৰু চিকিৎসকসকলৰ লগতো বাৰ্তালাপ কৰে৷ মন্ত্ৰীজনে জিলা প্ৰশাসনৰ লগতো পৰ্যালোচনা সভাত অংশ লয়৷