Logo
image

যি মূলা বাঢ়ে তাৰ এমাহতে চিন

◾হিমন্তবিশ্ব চৰকাৰৰ ৩০ দিন সম্পূৰ্ণ

◾প্ৰতিকূল সময়তো প্ৰত্যাশাৰ শেষ নাই

আমাৰ অসম, ১০ জুনঃ ‘মৰ্ণিং শ্ব’জ দ্য ডেইজ’ক যদি আমি অসমীয়া ৰূপান্তৰ কৰো, তেন্তে ইতিবাচক দৃষ্টিৰে চাবলৈ গ’লে প্ৰচলিত প্ৰবাদ বাক্যটো হ’ব– যি মূলা বাঢ়ে তাৰ দুপাততে চিন৷ কিন্তু মাথোঁ এমাহ সম্পূৰ্ণ কৰা চৰকাৰ এখনৰ ৩০ দিনৰ সাফল্য আৰু ব্যৰ্থতাৰ মূল্যায়ন কৰিবলৈ গৈ এই বাক্যৰ প্ৰয়োগ কৰা হয়, তেন্তে সেয়া হৈ উঠিব পাৰে ‘প্ৰিমেচিয়’ৰড’ বা একপ্ৰকাৰ অকালপক্ক মন্তব্য৷ কিন্তু পূৰ্ণ জনমত লৈ ৫ বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰাৰ পাছত ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই বিগত এমাহত আশাৰ সঞ্চাৰ কৰিছে৷ বিগত ১৫ বছৰত অধিকাংশ দিনেই সফল মন্ত্ৰীৰ ‘টেগ’ লাভ কৰা হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ গৰিষ্ঠসংখ্যক নাগৰিকৰ প্ৰত্যাশা ইমানেই অধিক যে, সচৰাচৰ একোখন চৰকাৰে সম্পাদন কৰা কাৰ্যকলাপেৰে তেওঁ ৰাজ্যবাসীক সন্তুষ্ট কৰিব নোৱাৰিব৷ কোনো বৃহৎ ‘ইছ্যু’ক লৈ ৰাজ্যবাসী বিশেষভাৱে উদ্বিগ্ন হৈ নথকা এটা পৰিৱেশত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ক’ভিড অতিমাৰীয়ে সংহাৰ চলাই থকাৰ এই বিগত এটা মাহ ৰাজ্যৰ বাসিন্দা আৰু চৰকাৰ উভয় পক্ষৰ বাবে চৰম প্ৰতিকূল সময়৷ সেয়ে এই প্ৰতিকূলতাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান পদক্ষেপ অতি স্বাভাৱিকভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিবলগীয়া হৈছে৷

মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই তেনেই সহজে আলফাৰ দ্বাৰা অপহৃত ৰিতুল শইকীয়াক মুকলি কৰি আনি উদ্বিগ্ন এটা পৰিয়ালক সকাহ দিয়াই নহয়, আলফাৰ বছৰ বছৰজোৰা বিষয়টোৰ ইতিবাচক সমাধানৰ সম্ভাৱনা দেখুৱাই একাংশ ৰাজ্যবাসীকো আশ্বস্ত কৰিছে৷ আলফাৰ মুৰব্বী পৰেশ বৰুৱায়ো নতুন চৰকাৰলৈ সদিচ্ছা প্ৰদৰ্শন কৰি তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাতো নতুন মুখ্যমন্ত্ৰীৰ বাবে প্ৰত্যয়জনক আৰম্ভণি৷

নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছতে ৰাজ্যজুৰি ড্ৰাগছৰ নেটৱৰ্ক উৎখাতৰ বাবে চলোৱা অভিযানে সচেতন সকলো লোককে সন্তুষ্টি দিছে৷ উদীয়মান এটা প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা উদ্ধাৰ কৰাতো অৱশ্যেই চৰকাৰৰ কৰণীয়৷ কিন্তু ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা এই অভিযানে আন সত্য এটাও উদঙাই দিছে৷ সেয়া হ’ল– অসমত ড্ৰাগছৰ বেহা আৰু ব্যৱহাৰকাৰীৰ ভয়ংকৰ বিস্তৃতি প্ৰকাশ পাইছে আৰু এই বিস্তৃতি নতুন চৰকাৰৰ এমাহৰ ভিতৰত শিপোৱা নহয় সেয়া মূৰ্খয়ো বুজি পাইছে৷ সেয়ে প্ৰশ্ন উঠিছে, পূৰ্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ড্ৰাগছৰ বিস্তৃতি জনা নাছিল নে সেইদিশে চকু দিয়া নাছিলঞ্জ এইক্ষেত্ৰত অসম আৰক্ষীৰ স্থিতি আটাইতকৈ সন্দেহজনক৷ কিয়নো যোৱা ৯-১০ মে’লৈকে একোৱেই নাছিল আৰু তাৰ পাছতে যোৱা এমাহত জিলাই জিলাই ডজনে-ডজনে ড্ৰাগছ সৰবৰাহকাৰী, ব্যৱহাৰকাৰী আৰু ড্ৰাগছ-মাফিয়া ধৰা পৰিছে৷ এইদিশত বুদ্ধিদীপ্ত মন্তব্য– ‘বেটাৰ লেট, ডেন নেভাৰ’৷

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা এমাহত ধৰ্মীয় স্থানৰ বেদখল উচ্ছেদৰ বাবে একাধিক পদক্ষেপ লৈছে৷ স্বয়ং মুখ্যমন্ত্ৰীয়ে কেইবাখনো বেদখল থকা স্থান পৰিদৰ্শন কৰিছে৷ কিন্তু একে সময়তে ৱাকফ বৰ্ডে অভিযোগ কৰিছে, তেওঁলোকৰ বেদখল হোৱা ভূমিৰ সুৰক্ষাৰ বাবে চৰকাৰে দৃষ্টিপাত কৰা নাই৷ তদুপৰি কাজিৰঙা আৰু অন্যান্য স্থানত সন্দেহযুক্ত নাগৰিকৰ বেদখল উচ্ছেদো সমানে গুৰুত্ব দিয়া নাই নতুন চৰকাৰে৷

নতুন চৰকাৰে অসম আৰক্ষীক ৰাজনৈতিক প্ৰভাৱমুক্ত হ’ব বুলি ঘোষণা কৰিছে৷ স্বয়ং হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এই কথা ঘোষণা কৰিছে আৰু আৰক্ষী সঞ্চালকপ্ৰধান বিভাগটোৰ সৰ্বময়কৰ্তা হ’ব বুলি কৈছে৷ আৰক্ষী বিভাগৰ আমূল সংস্কাৰ তেওঁৰ অন্যতম পৰিকল্পনা বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে৷

প্ৰথমটো মাহতে কয়লা আৰু গৰু চিণ্ডিকেট উৎখাতৰ বাবেও নতুন চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে৷ গৰু চিণ্ডিকেটৰ ক্ষেত্ৰত সাফল্যও পাইছে৷ এয়া প্ৰশংসনীয় পদক্ষেপ৷ কিন্তু ২০০১ চনত শাসনলৈ আহি কংগ্ৰেছ চৰকাৰে সকলো অবৈধ চেকগেট বন্ধ কৰা বুলি ঘোষণা কৰি পাছত নতুনকৈ আৰম্ভ কৰিছিল৷ সেই কথা ৰাইজে গম পোৱা নাছিল কিন্তু চিণ্ডিকেট অপৰিৱৰ্তিত আছিল, কাণ্ডাৰীহে সলনি হৈছিল৷ এইবাৰো এই পদক্ষেপ পূৰ্বৰ দৰে নোহোৱাৰ আশা কৰিছে ৰাজ্যবাসীয়ে৷

অসম চৰকাৰে অসম আন্দোলনৰ ফলত লাভ কৰা নুমলীগড় ৰিফাইনেৰীৰ অংশীদাৰিত্ব চ্ছ শতাংশলৈ বৃদ্ধি কৰিছে৷ ইতিমধ্যে অসম চৰকাৰে সংশ্লিষ্ট বিভাগক অৰ্ধেকৰো বেছি ধন আদায় দিছে৷ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অসম চৰকাৰৰ অংশীদাৰিত্ব বৃদ্ধি পোৱাৰ ফলত এতিয়া আৰু এনআৰএল বেচৰকাৰী কোম্পানীৰ হাতলৈ যোৱাৰ আশংকা নাই৷

দায়িত্ব হাতত লৈয়েই মুখ্যমন্ত্ৰীয়ে তেওঁৰ কেবিনেটৰ মন্ত্ৰীসকলক জিলাই জিলাই অভিভাৱক হিচাপে নিযুক্তি দিছে৷ ইয়াৰ ফলত জিলাসমূহৰ সমস্যা আৰু উন্নয়নৰ তথ্য মুখ্যমন্ত্ৰীয়ে সহজে লাভ কৰিব পাৰিব বুলি তেওঁ জনাইছে৷ তদুপৰি কেবিনেট সতীৰ্থসকলক কাৰ্যালয়ত বহি থাকিবলৈ নিদি মুখ্যমন্ত্ৰীয়ে গতিশীল কৰি তুলিছে৷ প্ৰত্যেকজন মন্ত্ৰীয়ে সামৰ্থ অনুসাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা চলাইছে৷

মুখ্যমন্ত্ৰীৰ এনে একাধিক ইতিবাচক আৰম্ভণিৰ সময়তে চৰকাৰখনত কেইবাটাও নেতিবাচক পদক্ষেপ ধৰা পৰিছে৷ সেয়া নতুন এখন চৰকাৰৰ বাবে বিপজ্জনক৷ ৩০ দিনৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দুজন মন্ত্ৰীৰ কেলেংকাৰি উন্মোচিত হৈছে৷ গুৱাহাটী উন্নয়ন দপ্তৰ দায়িত্ব লাভ কৰা এসময়ৰ খাটি ব্যৱসায়ী অশোক সিংঘালে গেমছ ভিলেজৰ ফ্লেট বিক্ৰী কৰাৰ নামত কেলেংকাৰি সংঘটিত কৰিছে৷ পূৰ্বে সোণোৱাল চৰকাৰৰ দিনত নিয়ম-নীতি অনুসাৰে বিক্ৰীৰ প্ৰক্ৰিয়া আগবাঢ়িলেও দায়িত্ব হাতত লৈয়েই মন্ত্ৰী অশোক সিংঘালে ২২টা ফ্লেট এনজিঅ’ৰ নামত বিক্ৰী কৰিবলৈ বুলি নিজে সৰকোৱাৰ ফন্দি কৰিছে৷ এই কেলেংকাৰি প্ৰকাশ পোৱাৰ লগে লগে সিংঘালে অস্বীকাৰ কৰি লুটিবাগৰ মাৰিবলৈ চেষ্টা কৰিলেও সেই ঘটনাৰ সত্যতা একেবাৰে মুকলি হৈ পৰিছে৷ আন এজন মন্ত্ৰী সঞ্জয় কিষাণে তেওঁৰ দহজন আত্মীয়-কুটুম্বক চৰকাৰী বিভাগত নিজৰ প্ৰভাৱ খটুৱাই চাকৰিত নিয়োগ কৰাৰ কেলেংকাৰিও উন্মোচিত হৈছে৷ সঞ্জয় কিষাণৰ কেলেংকাৰিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা ল’ব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিলেও ফ্লেট কেলেংকাৰিৰ ক্ষেত্ৰত এতিয়াও চৰকাৰ নিমাত৷

আমোলাৰ ক্ষেত্ৰত শূন্য সহনশীলতা গ্ৰহণ কৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ কিয়নো শিশুক যৌন নিৰ্যাতন কৰাৰ গোচৰত অভিযুক্ত এজন আৰক্ষী বিষয়া গৌৰৱ উপাধ্যায়ক চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিছে৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে উক্ত গোচৰত আদালতত অভিযোগনামা দাখিল কৰিছিল৷ আনহাতে ভূপেশ চন্দ্ৰ দাস নামৰ এজন অসামৰিক সেৱাৰ বিষয়াক শোণিতপুৰ জিলাৰ উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰিছে, যি দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰবৰণ কৰি কাৰাবাস খাটিবলগীয়া হৈছিল৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বছৰেকত ২৯ লাখৰো অধিক টকা ব্যয় কৰি ৰাজ্যৰ বাবে কেইটামান বঁটা ঘোষণা কৰিছে৷ এই ঘোষণাত একাংশ লোক উৎফুল্লিত হৈ পৰিলেও আৰ্থিক দুৰৱস্থাত পৰি থকা ৰাজ্যখনৰ বাবে এনেদৰে ৰাজকোষৰ বৃহৎ পৰিমাণৰ অৰ্থ বঁটাৰ নামত ব্যয় কৰাটো উচিত হোৱা নাই বুলি সচেতন ব্যক্তিয়ে মন্তব্য কৰিছে৷ ঘাইকৈ ক’ভিড অতিমাৰীয়ে সমগ্ৰ দেশৰ লগতে অসমৰো হাজাৰ হাজাৰ যুৱক, কৰ্মঠ লোকক কৰ্মহীন কৰি তুলিছে৷ কৰ্মচ্যুৎ তেনে লোক এতিয়া দিশাহীন৷ পৰিয়াল চলাবলৈ অসমৰ্থ হৈছে হাজাৰ হাজাৰ লোক৷ তেনে লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ নকৰি কিয় বঁটাৰ বাবে চৰকাৰী ধন ব্যয় কৰিবলৈ আগবাঢ়িছে সেই লৈ প্ৰশ্ন উঠিছে৷ ৰাজ্যবাসীয়ে আশা কৰিছিল, ক’ভিড অতিমাৰীৰ ফলত কৰ্মচ্যুৎ হৈ পৰা লোকসকলক লৈ নতুন মুখ্যমন্ত্ৰীয়ে হয় পেকেজ ঘোষণা কৰিব, নহয় তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থাৰ পৰিকল্পনা কৰিব¸৷ কিন্তু প্ৰথমটো মাহত তেনে কোনো পদক্ষেপ দেখা নগ’ল৷

এই পৰিস্থিতিত সমগ্ৰ ৰাজ্যক মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে৷ ব্যৱসায়ী, দোকানী,  খাটি খোৱা মানুহৰ এটকাও উপাৰ্জন নাই৷ অথচ এই সময়ত খাদ্য সামগ্ৰীৰ মূল্য এনেদৰে বৃদ্ধি হৈছে যে এতিয়া ঘৰখন চলিবৰ বাবে সামগ্ৰী ক্ৰয় কৰাও কঠিন৷ অত্যাৱশ্যকীয় সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱৰাটো চৰকাৰৰ ৩০ দিনৰ কাৰ্যকালৰ এটা ডাঙৰ ব্যৰ্থতা৷

তদুপৰি, বন্যপ্ৰাণী-মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লোৱাৰ সময়তে নগাঁৱত চৰকাৰৰ শপতগ্ৰহণৰ আৰম্ভণিতে ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হ’ল৷ বনমন্ত্ৰীয়ে সেই মৃত্যুৰ কাৰণ বজ্ৰপাত বুলি জোৰকৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিলেও ৰাজ্যবাসী কিন্তু সেই উত্তৰত আশ্বস্ত হোৱা নাই৷

ক’ভিড পৰিস্থিতি নৱ-নিৰ্বাচিত চৰকাৰখনে নিৰ্বাচনৰ সময়ত লোৱা অদূৰদৰ্শী পদক্ষেপৰ ফলত নিজেই কঠিন কৰি লোৱা বুলি সকলোৱে মন্তব্য কৰে৷ এই পৰিস্থিতি বহুজনৰ মৃত্যুৰ বিনিময়ত লাহে লাহে ভাললৈ আহিলেও টিকাকৰণৰ ক্ষেত্ৰত অসম এতিয়াও দেশৰ আন আন ৰাজ্যৰ ভিতৰত শেষৰপিনে আছে৷ সেয়া এক উদ্বিগ্নতাৰ বিষয়৷

নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰত্যাহ্বানো বৃহৎ৷ চৰ্চা হৈছে, হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ঘনিষ্ঠ মহলত কৈছে যে, তেওঁ পাঁচ বছৰৰ বাবে মুখ্যমন্ত্ৰী হ’বলৈ অহা নাই৷ কমেও পোন্ধৰ বছৰ অসম শাসন কৰিব৷ সেয়া সাফল্যৰ জৰিয়তেই হওক কিম্বা কূটকৌশলৰেই হওক হিমন্ত বিশ্ব শৰ্মাই অহা পোন্ধৰ বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ আছে৷ এইবাৰৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাই সদ্যসমাপ্ত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰাটো অতিশয় প্ৰত্যাহ্বানজনক হ’ব৷ মাইক্ৰ’ ফাইনেন্সৰ ঋণত ডুবি থকা অসমৰ লাখ লাখ লোকৰ ঋণ মাফ কৰি দিব বুলি মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ তদুপৰি তেওঁ গণি গণি একলাখ লোকক প্ৰথম বছৰতে চৰকাৰী চাকৰি দিব বুলিও দায়িত্ব গ্ৰহণৰ পাছত দোহাৰিছে৷ আৰ্থিক দিশত পিছপৰি থকা ৰাজ্যখনত মুখ্যমন্ত্ৰীয়ে এই প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷ তদুপৰি এটা শিক্ষাবৰ্ষ অসমৰ শিক্ষাৰ্থীয়ে হেৰুওৱাৰ আশংকা সৃষ্টি হৈছে৷ সেই বিষয়টোৰ সমাধান তেওঁ কেনেকৈ কৰে সেয়া হ’ব আন এক ডাঙৰ প্ৰত্যাহ্বান৷ অসমক বান-খহনীয়ামুক্ত কৰা, বিদেশীমুক্ত কৰা, কাগজ কল ৰক্ষা কৰা আৰু বৃহৎ নদীবান্ধো মুখ্যমন্ত্ৰীৰ বাবে ডাঙৰ প্ৰত্যাহ্বান৷ আনহাতে, এনআৰচিৰ ক্ষেত্ৰত তেওঁ আৰম্ভণিতেই যি স্থিতি গ্ৰহণ কৰিছে সেয়া পৰৱৰ্তী সময়ত অতিশয় প্ৰত্যাহ্বানজনক হৈ পৰিব পাৰে৷ ৰাজ্যলৈ যদি সঁচা অৰ্থত বিনিয়োগ আনিব নোৱাৰে তেন্তে অসমৰ আৰ্থিক পৰিস্থিতি উন্নত নহয়৷ সেই বিষয়টো দীৰ্ঘদিন বিত্ত মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাই ভালদৰেই বুজি পায়৷ পূৰ্বৰ চৰকাৰে বিনিয়োগৰ নামত যি ভেকোভাওনা দেখুৱাইছিল সেয়া ৰাজ্যবাসীয়ে পাহৰা নাই আৰু তেনে ভেকোভাওনা বিচৰাও নাই৷ সেয়ে দেশৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠিত কৰিব বুলি মুকলিভাৱে ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া সেই প্ৰত্যাহ্বান চম্ভালিবলৈ বৃহৎ বিনিয়োগৰ বিকল্প নাই৷