
বাঘজানৰ জুইত ক্ষতি ২৫ হাজাৰ কোটি টকা
আমাৰ অসম, ১০ জুনঃ ‘বাঘজানৰ জুইত জাহ গ’ল ২৯ হাজাৰৰো অধিক বিৰল প্ৰজাতিৰ বন্য তথা জলজ প্ৰাণী৷ পাঁচ মাহজোৰা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰতাৰ দিশত ২৫ হাজাৰ কোটি টকাৰো অধিক ক্ষতি হ’ল৷’– এই তথ্য প্ৰকাশ পাইছে ৰাজ্য চৰকাৰৰ বন বিভাগৰ এক প্ৰতিবেদনত৷ বাঘজানৰ অগ্নিকাণ্ডৰ ফলত হোৱা জৈৱ-বৈচিত্ৰতাৰ ক্ষয়-ক্ষতি অধ্যয়নৰ বাবে ৰাজ্যৰ প্ৰধান বন্যপ্ৰাণী ৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱৰ নেতৃত্বত গঠন কৰা এজনীয়া তদন্ত কমিটীৰ প্ৰতিবেদনত এই উদ্বেগজনক তথ্য সন্নিবিষ্ট হৈছে৷ অলপতে কটন বিশ্ববিদ্যালয়ৰ ‘এনভৰমেণ্টেল বায়লজী’ বিভাগৰ এখন ৱেবনাৰত অংশগ্ৰহণ কৰি মুখ্য বন্যপ্ৰাণী সংৰক্ষকজনে নিজৰ প্ৰতিবেদনৰ তথ্য উল্লেখ কৰি কয় যে লেলিহান জুইৰ ফলত বাঘজানৰ আশ-পাষৰ ৫৫ শতাংশ জৈৱ-বৈচিত্ৰতাই নষ্ট হৈছে৷ যদিও পুনৰুদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে তথাপি পৰিৱেশতন্ত্ৰৰ পূৰ্বৰ অৱস্থা ঘূৰি আহিবলৈ ১০ বছৰৰ অধিক সময় লাগিব৷ বাঘজান, মাগুৰি মতাপুং আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ২৯ হাজাৰ পঞ্জীভুক্ত আৰু অপঞ্জীভুক্ত প্ৰজাতিৰ জীৱ এই অগ্নিকাণ্ডৰ ফলত ধবংস হ’ল৷ দুষ্প্ৰাপ্য গংগাত্ৰীয় ৰিভাৰ ডলফিন [শিহু], বিভিন্ন প্ৰজাতিৰ কাছ, বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই, উভচৰ জন্তু, অনেক প্ৰজাতিৰ মাছৰ বাঘজানৰ অগ্নিকাণ্ডত মৃত্যু হ’ল৷ দুটা হলৌ বান্দৰো অগ্নিকাণ্ডত মৃত্যু হয়৷ লক্ষ্যণীয় যে জ্ঝ জুনৰ বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ডত তিনিজন লোকৰো কৰুণ মৃত্যু হৈছিল৷ ইফালে, বাঘজানৰ অগ্নিকাণ্ডৰ ফলত পৰিৱেশৰ ওপৰত হোৱা কু-প্ৰভাৱৰ ব্যাখ্যা কৰি যাদৱে কয় যে পাঁচ মাহত এই অগ্নিকাণ্ডৰ ফলত ১.৬৪৯ মিলিয়ন টন কাৰ্বন ডাই অক্সাইড, ০.৫৩৯ মিলিয়ন টন নাইট্ৰিক অক্সাইড, ০.৭৯৩ মিলিয়ন টন নাইট্ৰজেন ডাই অক্সাইড গেছৰ নিৰ্গমন ঘটিছে৷ অগ্নিকাণ্ডৰ ফলত ৩.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পনৰো সৃষ্টি হৈছিল৷ বাঘজানৰ কাষৰীয়া স্থানসমূহত কেন্সাৰ ৰোগৰ সৃষ্টিকাৰক পলিচাইক্লিক এৰ’মেটিক হাইড্ৰকাৰ্বন চমুকৈ পি এ এইচৰো বুজন পৰিমাণৰ অৱস্থিতি ধৰা পৰিছে৷