Logo
image

প্ৰথম মাহৰ খতিয়ান দিবলৈ নাগপুৰলৈ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১১ জুনঃ শুকুৰবাৰে নাগপুৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ সেই উদ্দেশ্যেৰে বৃহস্পতিবাৰে বিয়লি ৩.৪০ বজাত এয়াৰ ইণ্ডিয়া বিমানযোগে নতুন দিল্লী অভিমুখে ৰাওনা হয় মুখ্যমন্ত্ৰী শৰ্মা৷ নিজৰ চৰকাৰখনৰ এমাহ পূৰ্তি উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদ মেলৰ আহ্বান কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ উপৰি তেওঁৰ অন্য চৰকাৰী কাৰ্যসূচীও আছিল৷ এইসমূহ শেষ কৰি তেওঁ দিল্লী অভিমুখে ৰাওনা হয়৷ বৃহস্পতিবাৰে নিশাটো দিল্লীত কটাই আজি তেওঁ নাগপুৰ অভিমুখে ৰাওনা হয়৷ নাগপুৰত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ কৰি তেওঁৰে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ চৰকাৰখনৰ এমাহৰ কাম-কাজৰ খতিয়ানো আৰ এছ এছৰ মুৰব্বীজনৰ সন্মুখত দাঙি ধৰিব মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উল্লেখ্য, পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তুলনাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ সৈতে যথেষ্ট যোগাযোগ ৰক্ষা কৰি চলিছে৷ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিছতে তেওঁ গুৱাহাটীস্থ আৰ এছ এছৰ কাৰ্যালয় কেশৱ ধামত উপস্থিত সংঘৰ বিষয়ববীয়াৰে দীঘলীয়া আলোচনাত মিলিত হৈছিল৷ আনকি মুখ্যমন্ত্ৰী হিচাপে নিজৰ প্ৰথম দিল্লী ভ্ৰমণৰ সময়তো বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাৰ উপৰি দিল্লীৰ আৰ এছ এছৰ কাৰ্যালয়তো উপস্থিত হৈছিল মুখ্যমন্ত্ৰী শৰ্মা৷ নাগপুৰ যাত্ৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে মোহন ভাগৱতৰ পৰা আগন্তুক দিনবোৰত তেওঁৰ চৰকাৰখনে গ্ৰহণ কৰিবলগীয়া কাৰ্য আঁচনি সন্দৰ্ভতো পৰামৰ্শ গ্ৰহণ কৰিব৷