Logo
image

বিজেপিৰ পুঁজিলৈ কাৰ কিমান টকা

◾এবছৰত ৭৮৫ কোটি

◾টিকটৰ আশাত চান্দা বহুতৰে

আমাৰ অসম, ১১ জুনঃ আনক চান্দা পাৰ্টী বুলি সমালোচনা কৰা ভাৰতীয় জনতা পাৰ্টী অৰ্থাৎ বিজেপি এতিয়া নিজেই দেশৰ এক নম্বৰ চান্দা পাৰ্টী হিচাপে চিহ্নিত হৈছে৷ অসমৰ আন ৰাজনৈকিৰ দল তথা সংগঠনক দান-বৰঙণি সংগ্ৰহ কৰিলে চান্দা পাৰ্টী বুলি ছ’চিয়েল মিডিয়াত সমালোচনা কৰিবলৈ বিজেপি নেতৃত্বই পেছাদাৰী আই টি চেলক নিয়োগ কৰাৰ সময়তে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৱে অসমকে ধৰি ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০১৯-২০ বৰ্ষত দেশজুৰি ৭৮৫ কোটি টকা চান্দা-বৰঙণি সংগ্ৰহ কৰি অভিলেখ অৰ্জন কৰিলে৷ অসমৰ পৰাই বিজেপিয়ে কোটি-কোটি টকা চান্দা সংগ্ৰহ কৰিছে৷ বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বই শেহতীয়াকৈ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তক বিত্তীয় বৰ্ষটোত চান্দা-বৰঙণি সংগ্ৰহৰ এই তথ্য প্ৰদান কৰিছে৷ অসমৰ চিমেণ্ট কোম্পানীৰ পৰা কনষ্ট্ৰাকচন প্ৰতিষ্ঠানলৈ, ছালফাৰ পৰা জনপ্ৰতিনিধিলৈ, ফাঁচীবজাৰৰ বণিয়াৰ পৰা থলুৱা পুঁজিপতি ব্যৱসায়ীলৈ বিভিন্নজনে ভিন্ন কাৰণত ৰাজনৈতিক দলটোক বৰঙণি প্ৰদান কৰা বুলি সদৰী কৰিছে৷ বিজেপিক চান্দা প্ৰদানত শীৰ্ষত থকা অন্যতম ফাঁচী বজাৰৰ বজৰং ষ্ট্ৰীল কপ’ৰেচন নামৰ প্ৰতিষ্ঠানটোৱে দুটা কিস্তিত সৰ্বমুঠ ৩ কোটি টকা চান্দা আদায় দিছে৷ তদুপৰি গুৱাহাটীৰ জি এছ ৰোডত তৃপ্তি টাৱাৰৰ বাসিন্দা বি কে জৈনে ২ কোটি টকা চান্দা দিয়াৰ বিপৰীতে ডিফুৰ ইংলেং এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ৰবিৰাম  ৰংহাঙে ৰকোটি টকা চান্দা প্ৰদান কৰিছে৷ একেদৰে গুৱাহাটীস্থিত মেঘালয়া চিমেণ্ট কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে ১.৫ কোটি টকা, বৰঝাৰৰ জেনাচ এভিয়েশ্বনে দুটা কিস্তিত ৫০লাখ টকা, গুৱাহাটীৰ নেহা এপাৰ্টমেণ্টৰ ৰাজশেখৰ এণ্টাৰপ্ৰাইজে ২৫ লাখ টকা, বোকাখাতৰ ব্যৱসায়ী এম পি আগৰৱালাই ৭.৭৫ লাখ টকা, ভাগৱতী চাই মেটেল এলয়ে ৫০লাখ টকা, ফাঁচী বজাৰৰ শ্ৰীমহালক্ষ্মী মিলে ২০লাখ টকা, ফাঁচী বজাৰৰ ব্যৱসায়ী কৈলাস লোহিয়াই ৫০ লাখ টকা, আঠগাঁৱৰ অশোক কুমাৰ ধানুকাই ১৫ লাখ টকা, ফাঁচী বজাৰ অজয় কুমাৰ ধানুকাই ৫লাখ টকা চান্দা প্ৰদান কৰিছে৷ তদুপৰি বেলতলাৰ ব্যৱসায়ী যোগল কিশোৰ মহন্তই ২.৭৭ লাখ টকা, ডিব্ৰুগড়ৰ হৃদয়ানন্দ  কোঁৱৰে ৫.৮০ লাখ টকা, ধীৰাজ স্বৰ্গীয়াৰীয়ে ২.৫০লাখ টকা, গুৱাহাটীৰ কুশল বেজবৰুৱাই ৫ লাখ টকা, নলবাৰীৰ দিগন্ত গোস্বামীয়ে ৫লাখ টকা চান্দা দিছে৷ আনহাতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই দুটা কিস্তিত ১কোটি টকা আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৮০ হাজাৰ টকা চান্দা দিছে বিজেপিক৷ অৱশ্যে দুয়োজন বিধায়কে টিকটৰ আশাত বিজেপিৰ পুঁজিলৈ চান্দা দিছিলনেকি, সেয়া জনা নাযায়৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ এটা নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলক চান্দা পৰ্টি বুলি সমালোচনা কৰা দেখা গৈছিল যদিও খোদ বিজেপিয়েই এতিয়া অসমৰ পৰা কোটি কোটি টকা চান্দা সংগ্ৰহত নামি পৰি নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰা দেখা গ’ল৷ ফাঁচীবজাৰৰ বণিয়াৰ পৰা বিজেপিয়ে চান্দা সংগ্ৰহ কৰাৰ বাবেই ৰাজ্যত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলিও চৰ্চা চলিছে৷ যাৰ বাবে যোগান মন্ত্ৰীয়ে অতি বেপৰোৱাভাৱে কেৱল ‘নিমখ’ৰহে মূল্য নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি ৰাজ্যবাসীৰ আশাত চেঁচাপানী ঢালিবলৈও কুণ্ঠাবোধ কৰা নাছিল৷