Logo
image

গেছ টেংকাৰ, চিলিণ্ডাৰৰ গাড়ী, এম্বুলেঞ্চত আহিছে ড্ৰাগ্‌

আৰক্ষী কঠোৰ হোৱাৰ লগে লগেই ন ন কাৰচাজি ড্ৰাগ্‌ সৰবৰাহকাৰীৰ

আমাৰ অসম, ১২ জুনঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰক্ষীয়ে চলোৱা জোৰদাৰ অভিযানত ইতিমধ্যে কোটি কোটি টকাৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে উৎখাত হৈছে ড্ৰাগছৰ ঘাটি৷ ইফালে যুৱ প্ৰজন্মক পংগু কৰা এই মাৰাত্মক ড্ৰাগৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ বাবে সকলো শ্ৰেণীৰ লোকে সন্তোষ প্ৰকাশ কৰিছে৷ তাৰ মাজতে যোৱা নিশা উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছ প্ৰকল্পত কামৰূপ আৰু কামৰূপ মহানগৰ আৰক্ষীয়ে চলালে এক অভিযান৷ মহানগৰ আৰক্ষীৰ [নিৰাপত্তা আৰু চোৰাংচোৱা] যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্ত, কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠক, উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্পল গৈয়াৰীৰ নেতৃত্বত চলা ড্ৰাগ-বিৰোধী অভিযানত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে৷ অভিযান কালত এখন গেছ পৰিবাহী টেংকাৰৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন৷ আৰক্ষীয়ে সদৰী কৰা মতে, জব্দকৃত হেৰ’ইনখিনিৰ আন্তৰ্জাতিক মূল্য প্ৰায় ডেৰ কোটি টকা হ’ব৷ এই বৰবিহ পৰিবাহী বিশেষ টেংকাৰখন মণিপুৰৰ পৰা ডিমাপুৰ হৈ অসমলৈ আহিছিল৷ আৰক্ষীৰ দলটোৱে উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্পৰ পাৰ্কিঙত ৰৈ থকা প্ৰায় দুশখন গেছ পৰিবাহী টেংকাৰ, ট্ৰাকৰ মাজৰ পৰা এই বিশেষ টেংকাৰখন বিচাৰি উলিয়াবলৈ সক্ষম হয়৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে টেংকাৰখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক আটক কৰিছে৷ অপৰাধী দুজন ক্ৰমে ইমানুবেল খাৰাছি [২৮] আৰু কংথকজান অজয় মেটেই [২২] বুলি চিনাক্ত কৰা হৈছে৷ আটকাধীন ড্ৰাইভাৰ-হেণ্ডিমেনৰ ঘৰ মণিপুৰৰ পশ্চিম ইম্ফল জিলাত৷ সমগ্ৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে জোৰ তদন্ত আৰম্ভ কৰিছে৷ গেছ পৰিবাহী টেংকাৰত এনেদৰে ড্ৰাগছৰ সৰবৰাহৰ ঘটনাত আচৰিত হৈ পৰিছে আৰক্ষীৰ লগতে উত্তৰ গুৱাহাটীবাসীও৷ উল্লেখ্য, আৰক্ষী কঠোৰ হোৱাৰ লগে লগেই ড্ৰাগ্‌ সৰবৰাহকাৰীসকলেও গ্ৰহণ কৰিছে নতুন নতুন কাৰচাজি৷ এম্বুলেঞ্চৰ উপৰি চিলিণ্ডাৰ কঢ়িওৱা গাড়ী, গেছ টেংকাৰ আদিতো ড্ৰাগ্‌ সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ আনকি কাৰাগাৰৰ ভিতৰতো ড্ৰাগৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ খবৰ আহিছে৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

কাৰাগাৰৰ ভিতৰতো সুলভ ড্ৰাগ্‌ছ

‘‘মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান তুংগত উঠিছে৷ কিন্তু গোলাঘাট জিলাত বৰ্তমানেও ড্ৰাগছৰ অবাধ প্ৰচলন অব্যাহত থকাত জিলা উপায়ুক্তৰ সৈতে আজি হোৱা এক মত বিনিময় অনুষ্ঠানত গোলাঘাটৰ নাগৰিক সমাজে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ অধ্যক্ষতাত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত আনকি গোলাঘাট জিলা কাৰাগাৰৰ ভিতৰতো গোপনে  মাৰাত্মক ড্ৰাগচৰ ৰমৰমীয়া বেহা গঢ় লৈ উঠিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হয় ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণে অনুষ্ঠিত সভাত গোলাঘাট উকীল সন্থাৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ অধিবক্তা দুৰ্গাপ্ৰসাদ জয়চোৱালে অভিযোগ কৰি কয় যে, গোলাঘাটত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ বহুতক নিক্ষেপ কৰিলেও তদন্তকাৰী আৰক্ষীয়ে ফৰেনচিক লেবৰেটাৰীৰ প্ৰতিবেদনৰ দোহাই দি অভিযোগনামা দাখিল নকৰাৰ বাবে আজি পৰ্যন্ত ড্ৰাগছৰ বেহাত জড়িত কোনো ব্যক্তিৰ বিৰুদ্ধে আদালতৰ দ্বাৰা শাস্তি বিহাৰ ব্যৱস্থা হোৱা নাই৷ অন্যহাতে কাৰাগাৰলৈ নিক্ষেপ কৰা ড্ৰাগছ আসক্তই কাৰাগাৰৰ ভিতৰতো সহজতেই ড্ৰাগচৰ যোগান লাভ কৰি থকাৰ ভয়ংকৰ তথ্যও সদৰি কৰে ৷ ইয়াৰ বিপৰতে গোলাঘাট জিলা কাৰাগাৰত ড্ৰাগচ আসক্তি দূৰীকৰণ কেন্দ্ৰ এটা স্থাপনৰ তেওঁ পৰামৰ্শ আগবঢ়ায়৷ সভাত উপস্থিত থকা বিভিন্ন মহিলা সংগঠনৰ প্ৰতিনিধেও নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাটত আৰক্ষীৰ ভূমিকা মুঠেই সন্তোষজনক নহয় বুলি অভিযোগ কৰে৷ বৈঠকত তেওঁক জিলাখনৰ বিভিন্ন সমস্যা বিশেষকৈ গোলাঘাট নগৰত আৱৰ্জনা ব্যৱস্থাপনা, নগৰত ঘৰে-ঘৰে পাইপ গেছ যোগান, খোৱা পানী যোগান,স্বাস্থ্য খণ্ডৰ সমস্যা,নাৰী সুৰক্ষা, শিশু শ্ৰমিক,খাদ্য সুৰক্ষা আদি বিষয়সমূহৰ  লগতে ধনশিৰি মহকুমাৰ বিভিন্ন সমস্যা সন্দৰ্ভত  অৱগত কৰা হয়৷ অনুষ্ঠানত গোলাঘাটৰ জ্যেষ্ঠ নাগৰিক, সাংবাদিক দ্বীপেন দত্তই কয় যে গোলাঘাট নগৰত পানী যোগান ব্যৱস্থা উন্নত কৰাৰ লগতে আৱৰ্জনা নিষ্কাশনৰ সু-ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজন৷ তেওঁ বিনামূলীয়া ডায়েল’ইছিছ কেন্দ্ৰ স্থাপন, প্ৰশাসন ব্যৱস্থা অধিক স্বচ্ছ কৰা আদি বিভিন্ন দিশ উনুকিয়াই দিয়ে৷ অনুষ্ঠানত গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তথা গোলাঘাট সন্মিলিত নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ভূঞা, গোলাঘাট মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱা, মহেশ্বৰ বসুমতাৰী, জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈ, সাংবাদিক দীপেন বৰা, সৰুপথাৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ ছবিৰ চৌধুৰী, গোলাঘাট মাৰোৱাৰী সন্মিলনৰ সভাপতি জে কে মালপানী আদিয়ে সভাত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ৷ জিলা উপায়ুক্তই সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি বিষয়সমূহ পৰৱৰ্তী সময়ত চিন্তা-চৰ্চা কৰা হ’ব বুলি প্ৰকাশ কৰে ৷ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, ৰূপা শইকীয়া, তিলেশ্বৰ তামুলী, জীনা বৰুৱা আদি  ভালেসংখ্যক বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধি  উপস্থিত থাকে৷