ক’ভাক্সিনৰ দ্বিতীয় ড’জ বিচাৰি হাহাকাৰ
আমাৰ অসম, ১২ জুনঃ মহামাৰী ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভেকচিনেই একমাত্ৰ অস্ত্ৰ বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে৷ ভেকচিন লোৱাৰ বাবে ৰাইজক আহ্বান জনাই স্বাস্থ্যবিভাগৰ ফালৰ পৰা সজাগতামূলক প্ৰচাৰ চলোৱা দেখা গৈছে৷ কিন্তু অসমত এতিয়া ভেকচিনৰ নাটনিয়েই নহয়, দ্বিতীয় ড’জ ভেকচিন গ্ৰহণৰ বাবে বহুতৰে নিৰ্দিষ্ট সময় সীমা অতিক্ৰম কৰাৰ পাছতো ভেকচিন লাভ নকৰাৰ অভিযোগ উঠিছে৷ বিশেষকৈ ভাৰত বায়’টেকৰ উৎপাদিত ক’ভাক্সিন ভেকচিনৰ দ্বিতীয় পালি বিচাৰি নাগৰিকে হাবাথুৰি খাব লগাত পৰিছে৷ পৰিস্থিতি সম্প্ৰতি এনে পৰ্যায় পাইছেগৈ যে, দ্বিতীয় পালি ভেকচিন গ্ৰহণৰ এসপ্তাহ-১০ দিন অতিক্ৰম কৰাৰ পাছতো ভেকচিন লাভৰ বাবে শ্ল’ট বিচাৰি বহু নাগৰিকে ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈও চিঠি লিখাও দেখা গৈছে৷ আনকি বহুতে ভেকচিনৰ দ্বিতীয় পালি ড’জৰ ব্যৱস্থা কৰি দিবলৈ জিলা উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক পত্ৰ দিয়াই নহয়, ৰাজহুৱা স্থানত বাৰম্বাৰ প্ৰশ্ন কৰিছে৷ নিয়ম অনুসৰি ক’ভাক্সিন ভেকচিনৰ প্ৰথম ড’জ গ্ৰহণৰ পাছত ২৮ দিনৰ পৰা ৪২ দিনৰ ভিতৰত দ্বিতীয় ড’জ ভেকচিন গ্ৰহণ কৰিব লাগে৷ কিন্তু ৪২দিন নহয়, ৫০ দিন উকলি যোৱাৰ পাছতো একাংশ লোকে ভেকচিন লাভ কৰা নাই৷ গুৱাহাটীৰ দুই-এটা স্থানত কিছু কিছু লোকে ক’ভাক্সিনৰ দ্বিতীয় ড’জ লাভ কৰিছে যদিও সেয়া এপাচি শাকত এটা জালুক দিয়াৰ দৰে অৱস্থা৷ গুৱাহাটীক বাদ দি আন জিলা সমূহতো ক’ভাক্সিন উপলব্ধ হোৱা নাই৷ অৱশ্যে শুকুৰবাৰে ১৮বছৰ ঊধৰ্বৰ ব্যক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৪,৫০০ ড’জ ক’ভাক্সিন ভেকচিন প্ৰেৰণ কৰিছে অসমলৈ৷ এই ৩৪,৫০০ ড’জ ভেকচিনৰ দ্বিতীয় ড’জ গ্ৰহণৰ সময় হোৱা ১৮ বছৰ ঊধৰ্বৰ ব্যক্তিক প্ৰদানৰ ব্যৱস্থা কৰা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্ৰ নাথ নগ্টে জানিবলৈ দিছে৷ সঞ্চালক নগ্টে জনোৱা মতে বিগত ৭মে’ৰ পূৰ্বে ক’ভাক্সিনৰ প্ৰথম ড’জ গ্ৰহণ কৰা ১৮ বছৰ ঊধৰ্বৰ লোকসকলক দ্বিতীয় ড’জ দিয়া হ’ব৷ ১২, ১৩ আৰু ১৪ জুনলৈ জিলাসমূহে নিৰ্দিষ্ট কৰি দিয়া ভেকচিন কেন্দ্ৰত ক’ভাক্সিনৰ দ্বিতীয় ড’জ গ্ৰহণ কৰিব পাৰিব৷ আনহাতে ১৪ জুনৰ পাছত অসমলৈ নতুনকৈ অতিৰিক্ত ক’ভাক্সিন ভেকচিন কেন্দ্ৰই প্ৰেৰণ কৰিব বুলিও সঞ্চালকে জানিবলৈ দিছে৷ অৱশ্যে ৪৫ বছৰ ঊধৰ্বৰ ব্যক্তিৰ বাবে ভেকচিনৰ নাটনি হোৱা নাই বুলি সঞ্চালক নগ্টে দাবী কৰিলেও বহু জিলাত ৪৫ ঊধৰ্বৰ ব্যক্তিয়েও নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছতো ভেকচিন লাভ নকৰা বুলি অভিযোগ কৰা দেখা গৈছে৷
অপপ্ৰচাৰৰ বাবেই গহপুৰৰ চাহ বাগিচাত ভয়ংকৰ সংক্ৰমণ
চহৰ অঞ্চলত ক’ভিড১৯ৰ সংক্ৰমণ ক্ৰমশ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে গ্ৰাম্য অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ বিশেষকৈ বিশ্বনাথ জিলাৰ গহপুৰত ভয়াৱহ হাৰত বিয়পিছে ক’ভিড ৰোগীৰ সংখ্যা৷ গহপুৰ মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও সংক্ৰমণ ৰোধ কৰাত সফলতা লাভ কৰা পৰিলক্ষিত হোৱা দেখা পোৱা নাই৷ দৰাচলতে জনসাধাৰণৰ এতিয়াও সজাগতাৰ অভাৱ আৰু চৰকাৰী ক’ভিড বিধি মানি নচলাই মূল কাৰণ বুলি স্বাস্থ্য বিভাগৰ লোকে মন্তব্য কৰিছে৷ গহপুৰ মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তথ্য মতে বিয়লি পৰ্যন্ত ১০৫০ জনৰ দেহত ক’ভিড-১৯ ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে ১৪জন লোকৰ৷ মহকুমাটোৰ অঞ্চল বিশেষে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সাতটা কণ্টেইনমেণ্ট জ’ন আৰু ২৯২টা মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ অন্যহাতে গহপুৰত চাহ বাগিচা অঞ্চলতসমূহত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ গহপুৰৰ চাহ বাাগিচাসমূহৰ ভিতৰত নিৰ্মলা চাহ বাগিচা আৰু ব্ৰহ্মাজান চাহ বাগিচা ক’ভিডৰ আজিৰ তাৰিখত হটস্পটত পৰিণত হৈছে৷ প্ৰতিদিনে চাহ বাগিচা দুখনত ক’ভিড আক্ৰান্ত লোক চিনাক্ত হৈ আছে৷ বাগিচা অঞ্চলসমূহ কিছুমান অপপ্ৰচাৰ চলাৰ বাবে ক’ভিড পৰীক্ষা নকৰা আৰু ভেকচিন লবলৈ নহাৰ বাবে ক’ভিড বৃদ্ধি পোৱা বুলি মহকুমা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে৷ বিভিন্ন অজুহাত দেখুৱাই ক’ভিড পৰীক্ষা নকৰে চাহ শ্ৰমিকে৷ তদুপৰি ভিতৰুৱা বহু ঠাইত বহু লোকৰ এতিয়াও সমাগম হৈ থকাও সংক্ৰমণ বৃদ্ধিৰ অন্যতম কাৰণ৷ ইপিনে কালি সন্ধিয়ালৈকে মহকুমাটোৰ কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত থকা ২৯খন বিছনা সম্পূৰ্ণ হোৱা ভৰ্তি নোহোৱাৰ বিপৰীতে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ক’ভিড চেণ্টাৰৰ ৫০খন বিছনাৰ ভিতৰত ৪৫খনতেই আক্ৰান্ত ৰোগী ভৰ্তি বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে৷






