১০০ মাৰ্কৰ ‘ঐতিহাসিক’ মেট্ৰিক! ছাত্ৰ আৰু ছাত্ৰীৰ পৃথক প্ৰশ্নকাকত
আমাৰ অসম, ১৩ জুনঃ ক’ভিড সৃষ্ট জটিল পৰিস্থিতিত ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ হৈছে কাৰ্যতঃ অগ্নিপৰীক্ষা৷ হাজাৰ হাজাৰ শিক্ষাৰ্থীক ক’ভিডৰ পৰা বচাই হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ নিতৌ হৈ আছে পৰীক্ষা নিৰীক্ষা৷ শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অভূতপূৰ্ব কৌশল অৱলম্বন কৰিছে৷ মুখ্য মন্ত্ৰী শৰ্মাই চাৰিটা বিষয়ত সৰ্বমুঠ ১০০ নম্বৰৰ ‘ঐতিহাসিক’ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে ছেবাক৷ উক্ত পৰামৰ্শ অনুসৰি চাৰিটা বিষয়ত অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ ইংৰাজী, গণিত, বিজ্ঞান, আৰু সমাজ বিজ্ঞানৰ অনুষ্ঠিত হ’ব পৰীক্ষা৷ প্ৰতিটো বিষয়ত মুঠ নম্বৰ হ’ব ২৫৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ছেবাৰ সৈতে অনুষ্ঠিত বৈঠকত এই পৰামৰ্শ দিয়ে৷ শুকুৰবাৰে নিশা ছেবাৰ সৈতে অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত এই পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ছেবাক দিয়া পৰামৰ্শ অনুসৰি ছাত্ৰ সন্থা ছাত্ৰীৰ প্ৰশ্নকাকত পৃথক হ’ব৷ অসমীয়াকে ধৰি কোনো এম আই এলৰ পৰীক্ষা নহয়৷ পৰীক্ষাৰ্থীৰ সম্পূৰ্ণ পাঠ্যক্ৰম [চিলেবাচ] পঢ়িব লাগিব৷ পৰীক্ষাত নাথাকিব এম আই এল অথবা ঐচ্ছিক বিষয়ৰ পাঠ্যক্ৰম৷ প্ৰথমবাৰৰ বাবে ল’ৰা আৰু ছোৱালীৰ বাবে বেলেগ বেলেগ হ’ব প্ৰশ্নকাকত৷ ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই ব্যৱস্থা লোৱা হৈছে৷ এই পৰামৰ্শ অনুসৰি মেট্ৰিক পৰীক্ষা ১ ঘণ্টা ১৫ মিনিট অৰ্থাৎ ৭৫ মিনিটৰ হ’ব৷ স্বাস্থ্য আৰু শিক্ষা বিভাগৰ সহযোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আৰ্হি চূড়ান্ত কৰিব দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷ ছেবাই প্ৰশ্ন কাকত আৰু পৰীক্ষা বহীৰ ব্যৱস্থা কৰিব৷ সামগ্ৰীকভাৱে পৰীক্ষা পৰিচালনা কৰিব দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত ছেবাৰ সৈতে আছু আৰু এবছুৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছিল৷ আছু আৰু এবছুৰ নেতৃত্বই তিনিটা বিষয়ত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল৷ ছেবা আৰু সংসদ কতৃৰ্পক্ষই আছুৰ পৰামৰ্শক বিশেষ গুৰুত্ব প্ৰদান কৰিছিল৷ ইফালে হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুক কৌশলেৰে অপমানিত কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংকুচিত বিষয়ত [তিনিটা বিষয়ত] আৰু সংকুচিত নম্বৰেৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল৷ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আন কেতবোৰ কথাতো বিভেদৰ সৃষ্টি হৈছে৷ শিক্ষামন্ত্ৰী পেগুৱে ক’ভিডৰ পজিটিভিটিৰ হাৰ ১ শতাংশ হ’লেহে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু শিক্ষামন্ত্ৰীৰ এনে ঘোষণাক নস্যাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই পজিটিভিটিৰ হাৰ ২ শতাংশৰ অধিক নহ’লে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে৷ একেদৰে পৰীক্ষাৰ সাম্ভব্য তাৰিখক লৈয়ো মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ মত বিৰোধ দেখা গৈছে৷ শিক্ষামন্ত্ৰীয়ে ১-১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছিল৷ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ১৫-২০জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে৷






