৩টা বিষয় লৈ উচ্ছতৰ মাধ্যমিকৰ চিন্তা-চৰ্চা
আমাৰ অসম, ১৩ জুনঃ তিনিটা বিষয়ত উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে৷ উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত মিলিত হৈছে৷ বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই সংসদক তিনিটা বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে উচ্ছতৰ মাধ্যমিকৰ ক্ষেত্ৰত তিনিটা বিষয়ত হ’ব পৰীক্ষা৷ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞানৰ লগতে গণিত আৰু জীৱ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে৷ অভিযান্ত্ৰিক পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচাৰিলে দিব লাগিব গণিতৰ পৰীক্ষা৷ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ হ’লে দিব লাগিব জীৱ বিজ্ঞানৰ পৰীক্ষা৷ উচ্ছতৰ মাধ্যমিকৰ বাণিজ্য আৰু বৃত্তিমূলক পৰীক্ষা ৩টা বিষয়ৰ হ’ব৷ এটাকৈ বিষয় হ’ব বাধ্যতামূলক৷ দুটা ঐচ্ছিক বিষয় কলা শাখাৰ পৰীক্ষাৰ্থী প্ৰায় ২ লাখ৷ গতিকে পৰীক্ষাৰ ৰূপৰেখা বিষয় প্ৰস্তুত কৰাটো জটিল হৈছে৷ কলা শাখাত ইংৰাজী আৰু এম আই এলৰ এটা বাধ্যতামূলক হ’ব৷ বাকী ৭টা বিষয়ৰ ভিতৰত ২টা বাছনি কৰিব লাগিব৷ উল্লেখ্য, ছেবাৰ দৰে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদেও উচ্ছতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাক লৈ আছু আৰু এবছুৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল৷ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আৰ্হিও চূড়ান্ত কৰিব দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷ স্বাস্থ্য আৰু শিক্ষা বিভাগে দুৰ্যোগ ব্যৱস্থাপনা বিভাগক আৰ্হি প্ৰস্তুত কৰাত সহযোগ কৰিব৷ অৱশ্যে প্ৰশ্নকাকত প্ৰস্তুত আৰু পৰীক্ষা বহী প্ৰস্তুত কাৰ্য সম্পাদন কৰিব শিক্ষা সংসদে৷






