Logo
image

ভেক্‌চিন দিবলৈ গৈ প্ৰাণৰ ভাবুকি, চিকিৎসকৰ পলায়ন

গহপুৰৰ নিৰ্মলা চাহ বাগিচাত দা-যাঠী লৈ দুই শতাধিক আক্ৰমণকাৰী
আমাৰ অসম, ১৪ জুনঃ বিশ্বনাথৰ মাজুলীগড় চাহবাগিচাৰ চিকিৎসক নিগ্ৰহৰ ঘটনা মাৰ নৌযাওঁতেই গহপুৰৰ নিৰ্মলা চাহবাগানত সংঘটিত হ’ল শ্ৰমিকৰ দ্বাৰা চিকিৎসকক মাৰপিট কৰিবলৈ উদ্যত হোৱা ঘটনা৷ নিৰ্মলা চাহবাগিচাৰ চিকিৎসক সীমান্ত বৰুৱাৰ চিকিৎসালয় কক্ষৰ লগতে তেওঁ পত্নীৰ সহিতে বসবাস কৰা বাংলোত শুকুৰবাৰে বিয়লি দুই শতাধিক চাহ শ্ৰমিকে আগুৰি ধৰি চিকিৎসকজনক বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ অৱশ্যে ঘটনাটো পোহৰলৈ আহে শনিবাৰেহে৷ ভাগ্য ভাল যে সেই সময়ত চিকিৎসক সীমান্ত বৰুৱা আছিল বাগানৰ কলঘৰত বাগান কতৃৰ্পক্ষৰ সৈতে৷ ঘটনাৰ সাক্ষী হৈ ৰোৱা চিকিৎসক পত্নীয়ে চাহ শ্ৰমিকসকলক বুজনি দিব বিচাৰিছিল যদিও কোনো কথা শ্ৰমিকসকলে শুনা নাছিল আৰু শ্ৰমিক সকলে চিকিৎসকজনক বাংলোৰ পৰা বাহিৰলৈ উলিয়াই দিব লাগে বুলি এক প্ৰকাৰৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ চিকিৎসক পত্নীৰ অভিযোগ মতে দুই শতাধিক শ্ৰমিকে হাতে হাতে দা-জাঠি-জোং লৈ চিকিৎসকজনক আক্ৰমণ কৰিবলৈ আহিছিল৷ কাৰণ এটাই আছিল যে চিকিৎসক সীমান্ত বৰুৱাই সকলোকে চৰকাৰী নীতি অনুসৰি ক’ভিড টেষ্টৰ লগতে ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছিল আৰু ক’ভিড পজিটিভৰ স্বাস্থ্য অধিক অৱনতি ঘটিলে কলাবাৰী ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল, কাৰণ তাত অক্সিজেনৰ সুবিধা আছে৷ তাতে জাঙুৰ খাই গুৰু-গোঁসাই নমনা নিৰ্মলা চাহবাগানৰ একাংশ শ্ৰমিকে চিকিৎসকজনক মাৰিবলৈ উদ্যত হয়৷  অৱশেষত ঘটনাস্থলীত ঘাহিগাঁও আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি কিছু শাম কাটে যদিও চিকিৎসক সীমান্ত বৰুৱা আৰু তেওঁৰ পত্নী প্ৰাণৰ মমতাত চাকৰিৰ পৰা অব্যাহতি লৈ গহপুৰ ব্ৰহ্মাজানত আত্মীয়ৰ ঘৰত আশ্ৰয় লয়৷ এনেদৰে এতিয়া একাংশ চাহবাগানত দেখাপোৱা গৈছে কৰ’না মহামাৰীৰ প্ৰতি তেওঁলোক সজাগ নহয়৷ এনে একাংশ অশিক্ষিত চাহ শ্ৰমিকে নুবুজে কৰ’নাৰ ভয়াৱহতা৷  ইফালে চিকিৎসকজনে যোৱা কালি চাহ বাগিচাখনৰ কতৃৰ্পক্ষৰ হাতত চাকৰিৰ অব্যাহতি পত্ৰ দি তেওঁৰ বাগিচাৰ আবাস গৃহ এৰি ঘৰলৈ ঘূৰি আহে৷ এনে ঘটনাই চাহ বাগিচাৰ চিকিৎসক সকল জীৱনৰ সংশয়ত ভুগিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷