আজিও অগপ-ইউ ডি এফ ভাই ভাই, বিজেপিৰ ঠাই নাই
বঙাইগাঁৱত অন্য ৰাজনীতি
আমাৰ অসম, ১৪ জুনঃ অসম গণ পৰিষদ দলৰ মিত্ৰদল কোন? এইটো প্ৰশ্ন নিশ্চয় শিশুসুলভ– কাৰণ সকলোৱেই জানে যে অসম গণ পৰিষদ দলৰ মিত্ৰদল হৈছে ভাৰতীয় জনতা পাৰ্টি৷ কিন্তু এই ধাৰণা কিছু ক্ষেত্ৰত ভুলো হ’ব পাৰে৷ অসম গণ পৰিষদ দলৰ মিত্ৰদল হৈছে এআইইউডিএফ৷ এআইইউডিএফৰ লগত মিত্ৰতা? হয়, এইটো কোনো পাগলৰ প্ৰলাপ নহয়৷ অথবা কোনো শিশুসুলভ কথা নহয়৷ এই মিত্ৰতা অব্যাহত আছে বঙাইগাঁও জিলাত৷ প্ৰাক্তন মন্ত্ৰী তথা একেৰাহে অষ্টমবাৰৰ বাবে বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ ৰাজ্যত অভিলেখ গঢ়া ফণীভূষণ চৌধুৰীৰ আশীৰ্বাদতে চলিছে অগপ আৰু এআইইউডিএফৰ মিত্ৰতা৷ এই মিত্ৰতা অব্যাহত আছে বঙাইগাঁও জিলা পৰিষদত৷ অগপ আৰু এআইইউডিএফৰ মিত্ৰতা স্থাপন কৰি গঠন কৰা হৈছে বঙাইগাঁও জিলা পৰিষদ৷ ২০১৮ চনৰ ৯ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱা ১২টা সমষ্টিৰে গঠিত বঙাইগাঁও জিলা পৰিষদৰ দলীয় স্থিতি অনুসৰি অগপই প্তখন আসনত, কংগ্ৰেছে ৩খন আসনত, বিজেপিয়ে ২খন আসনত আৰু এআইইউডিএফে ২খন আসনত জয়লাভ কৰিছিল৷ নিয়ম মতে জিলা পৰিষদ গঠন কৰিবলৈ প্ৰয়োজন জ্জজন সদস্যৰ৷ সেই অনুসৰি অগপৰ ৫ সদস্য আৰু বিজেপিৰ ২ সদস্য মিলি সহজে জিলা পৰিষদখন গঠন কৰিব পৰা যায়৷ কিন্তু তাকে নকৰি অগপই এআইইউডিএফৰ দুই সদস্যক লৈ গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ৷ অগপ আৰু এআইইউডিএফৰ মিত্ৰতা অনুসৰি জিলা পৰিষদৰ সভাপতি পদ লাভ কৰে অগপৰ বিজয় সিংহই আৰু উপ-সভাপতি পদ লাভ কৰে এআইইউডিএফৰ মনিউৰা খাতুনে৷ উল্লেখ্য, ২০১৬ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনতে বিজেপিৰ লগত অগপৰ মিত্ৰতা স্থাপন হৈছিল৷ ২০১৬ চনত ৰাজ্যজুৰি বিজেপিৰ ঢৌৱে অগপৰ অস্তিত্ব সংকটাপন্ন হৈ কৰিছিল৷ অগপৰ নাও ডুবু ডুবু অৱস্থাতো কিন্তু বিজেপিৰ অক্সিজেন লৈ অগপৰ ডুবন্ত নাও উদ্ধাৰ হ’ল ২০১৬১ বিধানসভা নিৰ্বাচনত৷ এনে অৱস্থাত ২০১৬ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰি বিজেপি-অগপ মিত্ৰজোঁটে চৰকাৰ গঠন কৰে আৰু অগপৰ তিনিজন বিধায়কক মন্ত্ৰিত্বও প্ৰদান কৰা হ’য়৷ মন্ত্ৰিত্ব লাভ কৰিলে বঙাইগাঁও বিধানসভাৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক ফণীভূষণ চৌধুৰীয়েও৷ কিন্তু মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ২০১৮ চনত বঙাইগাঁও জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত বিজেপিক বুঢ়া আঙুলি দেখুৱাই সম্পূৰ্ণ বিপৰীত মেৰুৰ আদৰ্শৰ দল এআইইউডিএফৰ লগত মিত্ৰতা স্থাপন কৰি গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ৷ বৰ্তমানেও অব্যাহত আছে এই মিত্ৰতা৷ ইপিনে অগপ-এআইইউডিএফৰ মাজত স্থাপন হোৱা এই মিত্ৰতাক কেন্দ্ৰ কৰি যথেষ্ট সমালোচিত হৈছিল অগপ দল৷ কিন্তু এই সমালোচনাক কোনো ভ্ৰূক্ষেপ নকৰি বঙাইগাঁৱত বৰ্তমানেও অব্যাহত আছে এই মিত্ৰতা৷ ইপিনে এই মিত্ৰতা সহজে মানি ল’ব পৰা নাই বিজেপিৰ বঙাইগাঁও জিলা পৰিষদৰ নিৰ্বাচিত হোৱা দুই সদস্য ক্ৰমে জ্যোতিৰ্ময় সৰকাৰ আৰু সত্যৰঞ্জন দাসে৷ উল্লেখ্য, এই দুই সদস্যৰ ভিতৰত জ্যোতিৰ্ময় সৰকাৰ নিৰ্বাচিত হৈছিল উত্তৰ শালমাৰা সমষ্টিৰ পৰা আৰু সত্যৰঞ্জন দাস নিৰ্বাচিত হৈছিল পাতিলাদহা সমষ্টিৰ পৰা৷ একাধিক ৰাজনৈতিক বিশ্লেষকৰ মতে বঙাইগাঁও জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত অগপ দলে এআইইউডিএফৰ লগত মিত্ৰতা স্থাপন কৰাৰ আঁৰত আছে চতুৰ ৰাজনীতিক ফণীভূষণ চৌধুৰীৰ কুটিল ৰাজনীতি৷ ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও জিলাত বিজেপিৰ উত্থান কেতিয়াও নিবিচাৰে৷ বিজেপিৰ উত্থান ঘটিলে চৌধুৰীৰ ৰাজনৈতিক জীৱন সংকটাপন্ন হৈ পৰাৰ আশংকাতে হয়তো এই কুটিল ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি সন্দেহ কৰা হৈছে৷ ইপিনে বিজেপিৰ জিলা নেতৃত্বৰ দুৰ্বলতাৰ সুযোগ লৈয়ো ফণীভূষণ চৌধুৰীয়ে বিজেপিক বঙাইগাঁৱত বুঢ়া আঙুলি দেখুৱাই চলি থকা বুলিও অধিকাংশ দলীয় নেতা-কৰ্মীয়ে ক’ব বিচাৰে৷ উল্লেখ্য, বঙাইগাঁও জিলা পৰিষদৰ এই বিষয় সন্দৰ্ভত দলীয় নেতা-কৰ্মীয়ে বাৰম্বাৰ জিলা নেতৃত্বক অৱগত কৰিছে যদিও আজিলৈকে কোনো সুফল পোৱা নাই৷ যাৰবাবে জিলা বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ৷ বহুতৰ মতে বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে বিষয়টো দলৰ উৰ্ধতম নেতৃত্বক উত্থাপন কৰিবলৈ ব্যৰ্থ হৈছে৷ যাৰবাবে ৰাজ্যত শাসনৰ ক্ষমতাত থাকিও বঙাইগাঁও সমষ্টিত বিজেপি দলৰ নেতা-কৰ্মীসকলে গুৰুত্বহীনভাবে চলিবলগীয়া হৈছে৷ গতিকে দেখা গৈছে যে– ৰাজ্যৰ ৰাজনীতিৰ চিত্ৰ হৈছে অগপ-বিজেপি ভাই-ভাই৷ কিন্তু বঙাইগাঁও জিলাত দেখা গৈছে অগপ-এআইইউডিএফ ভাই-ভাই, বিজেপিৰ ঠাই নাই৷