৫ কোটি টকাত বিক্ৰী হৈছিল কংগ্ৰেছৰ টিকট!
অন্তৰ্কন্দলত তোলপাৰ ৰাজীৱ ভৱন
আমাৰ অসম, ১৫ জুনঃ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰশোচনীয় পৰাজয়ৰ পাছত অন্তৰ্কন্দলত তোলপাৰ ৰাজীৱ ভৱন৷ দলৰ নেতৃত্বক লৈ তোলপাৰ লাগিছে ৰাজীৱ ভৱনত৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ বাবে জৰুৰী বৈঠকৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক, প্ৰাক্তন মন্ত্ৰীয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ দাবী তুলি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে বিস্ফোৰণ ঘটাইছে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়– মই ক’লা মানুহ, মোৰ দাড়ি আছে বাবেই মোক সভাপতি নিদিয়ে৷ তাতে আকৌ মই চাহবাগানৰ মানুহ৷ মই জেং কৰোঁ আৰু মুখ বেছি চলে৷ সেয়ে মোক সভাপতি নিদিয়ে৷ মোক যিদৰে সভাপতিৰ দায়িত্ব নিদিয়ে আব্দুল খালেক, কমলাক্ষ দে পুৰকায়স্থকো সভাপতি নিদিয়ে৷ আব্দুল খালেক ধৰ্মীয় সংখ্যালঘু আৰু কমলাক্ষ্য দে পুৰকায়স্থ ভাষিক সংখ্যালঘু৷ দুয়ো সংখ্যালঘু হোৱা বাবে সভাপতি নাপায়৷ সভাপতি দিলে প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰাক দিব পাৰে৷ নহ’লে ৰকিবুল হুছেইনক দিব আৰু ২০২৬ ত মুখ্যমন্ত্ৰী হ’ব৷ কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনক কটাক্ষ কৰি বিধায়ক কুৰ্মীয়ে কয়– ‘ৰকিবুল হুছেইন স্বাস্থ্যৱান কংগ্ৰেছ কৰ্মী৷ তেওঁ হৰ্তাকৰ্তা আৰু বিধাতা৷’ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক কঠোৰভাৱে সমালোচনা কৰি প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কয়– এজন অপদাৰ্থ সভাপতিৰ নেতৃত্বত আমি নিৰ্বাচন খেলিলো৷ টকাৰ বিনিময়ত টিকট দিয়া হৈছিল৷ টিকট দিয়াৰ নামত ৪/৫ কোটিকৈ টকা লৈছিল তাজ ভিভাণ্টাত৷ অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও ইয়াৰ লগত জড়িত৷ নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে এওঁলোকো দায়ী৷ তেওঁ আৰু কয়– সভাপতিৰ পদত্যাগ এখন নাটক আছিল৷ কংগ্ৰেছৰ টিকট ক্ৰয়-বিক্ৰয়ত জড়িত আছিল নামনি অসমৰ এজন সাংসদ৷ উল্লেখ্য, বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ শোচনীয় পৰাজয়ৰ নৈতিক দায়িত্ব গ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল৷ অৱশ্যে কংগ্ৰেছ হাইকমাণ্ডে এই পৰ্যন্ত পদত্যাগ পত্ৰ গ্ৰহণ কৰা-নকৰা সন্দৰ্ভত একো কথা প্ৰকাশ কৰা নাই৷ ইয়াৰ বিপৰীতে অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৰিপুণ বৰাক দলৰ কাম-কাজ চলাই যাবলৈ আহ্বান জনাইছিল৷ পুৰ্বেও বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ দাবী উত্থাপন কৰিছিল৷ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত তেওঁক বিধায়িনী দলৰ সচিব বাছনি কৰা হৈছিল যদিও উক্ত পদ তেওঁ প্ৰত্যাখ্যান কৰিছিল৷