Logo
image

ৰাজ্য চৰকাৰৰ নতুন SOP জাৰি

◾ৰাজ্যত পুনৰ নতুন  SOP জাৰি।

◾১৬ জুনৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব এই SOP। 

◾২২ জুনলৈকে কাৰ্যকৰী হ’ব এই নতুন নীতি-নিৰ্দেশনা।

◾পূৰ্বৰ ১ বজাৰ পৰিৱৰ্তে ২ বজাৰ পৰা সান্ধ্য আইন।

◾গুৱাহাটী মহানগৰীত ২ বজাৰ পৰা সান্ধ্য আইন।

◾২২ জুনলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব আন্তঃজিলা যাতায়ত।

◾১ বজালৈকে খোলা থাকিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান৷

◾ক’ভিড পৰিস্থিতি উন্নত হোৱা ৮ জিলাত বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন।

◾মাজুলী, বঙাইগাঁও, চিৰাং, পশ্চিম কাৰ্বি আংলং, ওদালগুৰি, দক্ষিণ শালমাৰা, ডিমা হাচাও, চৰাইদেউত বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন।

◾উক্ত জিলাকেইখনত ৪ বজালৈকে খোলা ৰাখিব পাৰিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।

◾উক্ত জিলাত বেচৰকাৰী-চৰকাৰী কাৰ্যালয়, ৰেষ্টুৰেণ্ট, ধাবা আদি ৪ বজালৈকে খোলা ৰাখিব পাৰিব। 

◾দুটা ডজ ভেকচিন লোৱা সকলে আহিব লাগিব কাৰ্যালয়লৈ।

◾গৰ্ভৱতী মাতৃ, ৫ বছৰৰ তলৰ শিশুৰ মাতৃ, দিব্যাংগ সকলক ঘৰৰ পৰাই কাম কৰাৰ পোষকতা।

◾২২ জুনলৈকে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।

◾৫ খন জিলাৰ ক্ষেত্ৰত কঠোৰ হ’ব ৰাজ্য চৰকাৰ।

◾২১ জুনলৈকে ক’ভিড নিয়ন্ত্ৰনলৈ নাহিলে ৫ জিলাৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব ৰাজ্য চৰকাৰ। 

◾তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, নগাওঁ, কাছাৰ জিলাৰ ক্ষেত্ৰত কঠোৰ হ’ব ৰাজ্য চৰকাৰ।

◾উক্ত জিলাত পৰিস্থিতি উন্নত নহ’লে সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা।

◾বাকী নিয়ম সমূহৰ ক্ষেত্ৰত পূৰ্বৰ SOPত সন্নিবিষ্ট নীতি-নিৰ্দেশনা বাহাল থাকিব৷