Logo
image

মানুহক ‘অমানুহ’ কৰিছে নেকি অতিমাৰীয়ে

আমাৰ অসম, ১৫ জুনঃ অতিমাৰীৰ অতিশয় কঠিনতম সময় পাৰ কৰা ৰাজ্যখনত বিগত কেইদিনমানত কেইবাটাও শোকাৱহ মৃত্যু আৰু আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ সংঘটিত হৈছে হত্যাকাণ্ডৰ দৰে নিষ্ঠুৰতম ঘটনাও৷ ধাৰাবাহিকভাৱে অসমৰ ভিন ভিন প্ৰান্তত সংঘটিত এই হত্যা, আত্মহত্যা, ৰহস্যজনক মৃত্যুৰ প্ৰতিটো ঘটনাই বিচ্ছিন্ন নহয়৷ ক’ভিড অতিমাৰী আৰু ক’ভিডসৃষ্ট কঠিন সময়ৰ সৈতে সহাৱস্থানত ব্যৰ্থ হৈ এনে ক্ৰুৰ, নিৰ্দয় ঘটনা সংঘটিত হোৱাটো মুঠেই অসম্ভৱ নহয়৷ কিয়নো, ৰাজ্যজুৰি লকডাউনসদৃশ পৰিৱেশ অব্যাহত থকাৰ সময়ত কেৱল সাত ঘণ্টামানহে কৰ্মসময় থকাৰ অৱস্থাত এই ঘটনাৰ বলি হোৱা আৰু ঘটনা সংঘটিত কৰা প্ৰত্যেকেই বাকী ১৭ ঘণ্টা সময় নিশ্চিতভাৱে ঘৰতে পৰিয়ালৰ সৈতে কটোৱাৰ কথা৷ তাৰ মাজতে সংঘটিত এনে নিৰ্দয় আৰু ক্ৰুৰ তথা শোকাৱহ ঘটনা সেয়ে সহজাত সময়ৰ সৈতে একে বুলি প্ৰতিপন্ন কৰা কঠিন৷

ঘটনা একঃ নামৰূপ চাহ বাগিচাত ১০ জুনৰ নিশা বিষ্ণু বাগ নামৰ এজন ২৬ বছৰীয়া যুৱকক বাগিচাৰ একে লাইনৰে যুৱকৰ মাৰপিট আৰু গুৰুতৰভাৱে আহত যুৱকজনৰ মৃত্যু৷

ঘটনা দুইঃ কোক্‌ৰাঝাৰ জিলাৰ অভয়াখুটি গাঁৱত ববিতা ৰাভা [১৬] আৰু ছমাইনা ৰাভা [১৪] নামৰ দুগৰাকী কিশোৰীৰ চিপ লৈ ৰহস্যজনক আত্মহত্যা৷

ঘটনা তিনিঃ ছিপাঝাৰৰ দেওমৰনৈত ভগৱান শৰ্মা আৰু মেঘালী দেৱীৰ একেডাল ৰছীতে চিপ লৈ আত্মহত্যা৷ ভগৱান শৰ্মা আৰু মেঘালী দেৱীৰ স্বামীয়ে ক’ভিডৰ লকডাউনত গুজৰাটত কৰি থকা চাকৰি হেৰুৱাইছিল৷

ঘটনা চাৰিঃ চলিত সপ্তাহতে গুৱাহাটীৰ নুনমাটিত এগৰাকী মহিলাক হত্যা, এগৰাকীৰ আত্মহত্যা৷

ঘটনা পাঁচঃ সৰুপথাৰত কিশোৰসহ তিনিজনক অকথ্য নিৰ্যাতন৷

ঘটনা ছয়ঃ সোণাপুৰত এগৰাকী মহিলাৰ আত্মহত্যা৷

ঘটনা সাতঃ বকোত গছত চিপ লৈ এজন লোকৰ আত্মহত্যা৷ বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই লোকজনৰ পৰিচয়৷

ঘটনা আঠঃ ফুটবল খেলক কেন্দ্ৰ কৰি ডুমডুমাত খেলপথাৰততে প্ৰচণ্ড মাৰপিট, এজনক নৃশংসভাৱে হত্যা৷

ঘটনা নঃ জুৰীয়াত গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ, বিবাহ ভঙাৰ অপৰাধত হত্যাৰ সন্দেহ৷

ঘটনা দহঃ মাৰ্ঘেৰিটাৰ জাগুনত ঘৰৰ পিছফালৰ পুখুৰীৰ পৰা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ চাৰি কিশোৰ-কিশোৰী৷

ঘটনা এঘাৰঃ চিৰাঙত চিকিৎসালয়ৰ দ্বিতীয় মহলাৰ খিৰিকীৰে জঁপিয়াই ক’ভিড ৰোগীৰ আত্মহত্যা৷

ঘটনা বাৰঃ গহপুৰত পুখুৰীত পেলাই মহিলা আক্ৰমণ, বেত্ৰাঘাত৷ আৰু অনেক...৷

ৰাজ্যত সংঘটিত হৈ থকা এনে ক্ৰুৰ, নৃশংস আৰু হূদয়বিদাৰক ঘটনাবোৰৰ সৈতে, বেছিভাগ ক্ষেত্ৰতে ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰভাৱ থকা বুলি পোনচাটেই মন্তব্য কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পঞ্জীয়ক তথা মনোৰোগ বিশেষজ্ঞ ডাঃ চয়নিকা চৌধুৰীয়ে৷ মনোৰোগ বিশেষজ্ঞগৰাকীৰ মতে অতিমাৰীৰ পৰিস্থিতিয়ে সৃষ্টি কৰা অভূতপূৰ্ব পৰিৱেশে মানুহৰ মাজত আতংক, হতাশগ্ৰস্ততাৰ সৃষ্টি কৰিছে৷ ইয়াৰ পৰিণতি এনেদৰে নৃশংস, ক্ৰুৰ, হূদয়বিদাৰক হোৱাতো আশ্চৰ্যকৰ নহয়৷

ডাঃ চয়নিকা চৌধুৰীয়ে কয়– এনে অতিমাৰীৰ পৰিৱেশ এইটো প্ৰজন্মই পূৰ্বে দেখা নাছিল৷ কিয়নো এনেধৰণৰ অতিমাৰী একোটা শতিকাত এবাৰেই হয়৷ সেয়ে ক’ভিড অতিমাৰীৰ সংহাৰ দেখি প্ৰথমে সকলোৱেই ভীতিগ্ৰস্ত হৈছিল৷ পাছত সেই ভীতি সামান্য হ্ৰাস পালেও শংকা, সন্দেহ এতিয়াও দূৰ হোৱা নাই৷ তাৰ মাজতে অধিকাংশ লোকেই জীৱন আৰু জীৱিকাৰ তাড়নাত ঘৰ এৰি বাহিৰৰ ভয়লগা পৰিৱেশৰ মাজলৈ ওলাই আহিবলগীয়া হৈছে, কাম কৰি থাকিবলগীয়া হৈছে৷ নহ’লে ঘৰ নচলে৷ কিন্তু তেনে সময়তো একাংশ উচ্ছবিত্ত বা ধনাঢ্যই ঘৰৰ ভিতৰতে থাকি স্বাচ্ছন্দ্যৰে পৰিয়াল চলাই থাকিবলৈ সক্ষম হৈছে৷ এনে পৰিস্থিতিত ভীতিৰ মাজতো জীৱনৰ মায়া এৰি কাম কৰিবলৈ বাধ্য হোৱা লোকসকল হতাশাত ভোগা অতি স্বাভাৱিক৷ মানসিক ভীতিয়ে তেনে বহু লোকক সততে গ্ৰাস কৰি থাকে৷ তদুপৰি চিকিৎসাৰ সৈতে জড়িত সকলো স্বাস্থ্যকৰ্মীয়ে সেৱা আৰু দায়িত্ব পালনৰ বাবে কঠিন পৰিৱেশত পূৰ্বতকৈয়ো অধিক ব্যস্ত হৈ আছে৷ তেওঁলোকো মানসিক ‘ট্ৰ’মা’ৰ চিকাৰ হয়৷ নিতৌ ইটোৰ পাছত সিটো মৃত্যু দেখি, তাৰ মাজতো চিকিৎসা অব্যাহত ৰখা স্বাস্থ্যকৰ্মীও আচলতে একোজন আৱেগসম্বলিত মানৱ৷ সেয়ে অনুৰূপ মানসিক অৱস্থাৰ তেওঁলোকো সন্মাখীন হয়৷ এনে পৰিস্থিতিত মানসিক অৱসাদ, ভীতিগ্ৰস্ততা, সন্দেহে সকলোকে হেঁচা মাৰি ধৰে৷ হতাশগ্ৰস্ততাই বহুতকে নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য কৰায়৷

তেওঁ পুনৰ কয়– ক’ভিড অতিমাৰীয়ে মানুহৰ ‘ডিগনিটী অৱ ডেথ’ নোহোৱা কৰি পেলাইছে৷ আত্মীয়-কুটুম্বৰ পৰা আঁতৰত অকলে চিকিৎসাধীন হোৱা, অকলশৰীয়াকৈ মৃত্যু হোৱাৰ আশংকাই বহুতকে আতংকিত কৰি তুলিছে৷ এই পৰিস্থিতিত বহুতেই পৰিয়ালৰ সদস্যৰ সৈতে একাত্ম হৈ পৰাৰ সুবিধা পালেও সীমাহীন গাৰ্হস্থ্য হিংসাৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ফলত বহুতেই উগ্ৰ হৈ পৰিছে৷ হতাশগ্ৰস্ততাৰ সমানেই ই অতি বিপজ্জনক পৰিস্থিতি৷ বহুতেই ‘ৱৰ্ক ফ্ৰম হ’ম’ৰ ফলত দিন-ৰাতি নোহোৱাকৈ কাম কৰি অতীষ্ঠ হৈছে আৰু আন একাংশই কাম হেৰুৱাই কোনো চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰিছে৷ মানসিক আৱেগে অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ কাৰোবাৰ ক্ষেত্ৰত এই আৱেগ ইতিবাচক হৈছে আৰু গৰিষ্ঠসংখ্যক ক্ষেত্ৰত ই নেতিবাচক ঘটনা সংঘটিত কৰাৰ প্ৰৱণতা বঢ়াইছে৷ অতি সম্প্ৰতি ইটোৰ পাছত সিটো আত্মহত্যাৰ খবৰে আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি হোৱাতো প্ৰতিপন্ন কৰিছে৷ অতিশয় অস্বাভাৱিক পৰিৱেশৰ ফলতে এনে প্ৰৱণতা বৃদ্ধি পাইছে৷ সেয়া দূৰ কৰাৰ বাবে সকলোৱে হাতত পোৱা সময় ইতিবাচক কামত ব্যৱহাৰ কৰাৰ বিকল্প নাই৷ একেদৰে ক’ভিডৰ ফলত মৃত্যুৰ আশংকা পৰিহাৰ কৰি ক’ভিড হ’লে কেনেদৰে তাৰ মুখামুখি হ’ব সেয়া বাস্তৱ সন্মতভাৱে চিন্তা কৰাৰ প্ৰয়োজন৷ অৰ্থাৎ অসুস্থ অনুভৱ কৰিলে পৰীক্ষা কৰোৱা, প্ৰয়োজনত হ’ম আইছ’লেশ্বনত কেনেদৰে থাকিব তাৰ ৰূপৰেখা তৈয়াৰ কৰা, অধিক প্ৰয়োজনত চিকিৎসাধীন হোৱা আৰু বাস্তৱ পৰিস্থিতিৰ সাহসেৰে সন্মুখীন হোৱাৰ বাহিৰে অভূতপূৰ্ব অতিমাৰীৰ পৰিস্থিতিত আমাৰ সন্মুখত বিকল্প নাই৷