Logo
image

হাৰ মনা নাই কৰ’নাই

আমাৰ অসম, ১৬ জুনঃ কঠোৰ বাধা-নিষেধাজ্ঞাৰ পাছতো ৰাজ্যত এতিয়াও ক’ভিডে হাৰ মনা নাই৷ সুদীৰ্ঘ প্ৰায় ডেৰ মাহ ধৰি নাইট কাৰ্ফিউ, আন্তঃজিলা যাতায়াত বন্ধকে ধৰি ক’ভিড বিধি কাৰ্যকৰী হৈ থকাৰ পাছতো আশানুৰূপ ফলাফল অহা নাই৷ বিগত ১০ দিনে ৰাজ্যত ক’ভিড সংক্ৰমণৰ সংখ্যাগত ধাৰাবাহিকতা অব্যাহত থকাৰ মাজতে বুধবাৰৰ পৰা ক’ভিডজনিত কাৰ্ফিউ গুৱাহাটীকে ধৰি একাংশ জিলাত বহু শিথিলকৰণৰ এছ অ’ পি জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ কিন্তু ক’ভিড কাৰ্ফিউ শিথিলকৰণৰ মাজতে ৰাজ্যৰ পাঁচখন জিলাত পৰিস্থিতি ইমানেই বেয়াৰ দিশে গতি কৰিছে যে স্থানীয় সচেতন মহলে লকডাউনৰ দাবী জনোৱা পৰিৱেশৰ সূচনা হৈছে৷ অৱশ্যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰত অসমেই এখন ৰাজ্য, যিয়ে লকডাউন নিদিয়াকৈ ক’ভিড নিয়ন্ত্ৰণ কৰাৰ আত্মবিশ্বাসত বৰ্তমানেও ক’ভিডৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে৷ স্বাস্থ্য বিভাগৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত ক’ভিডৰ সংক্ৰমণ ভয়ংকৰ হৈ উঠিছে৷ পাঁচোখন জিলাৰে গাঁৱে-ভূঞে সকলোতে ক’ভিডে গণ সংক্ৰমণৰ ৰূপ লৈছে৷ কামৰূপ মহানগৰ জিলাতকৈ এই পাঁচখন জিলাত দৈনিক সংক্ৰমণ বৃদ্ধি পাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত নতুন এছ অ’ পি অনুসৰি এই নিৰ্দিষ্ট পাঁচখন জিলাত ২১ জুনলৈ সংক্ৰমণৰ বিষয়টো তীক্ষ্ণভাৱে নিৰীক্ষণত ৰাখিব স্বাস্থ্য বিভাগে৷ যদিহে ২১ জুনৰ ভিতৰত সংক্ৰমণ নিয়ন্ত্ৰণলৈ নাহে, তেনেহ’লে জিলাকেইখনত লকডাউন ঘোষণা কৰাৰ ইংগিত প্ৰদান কৰিছে চৰকাৰে৷ স্বাভাৱিকতে এতিয়া চৰকাৰৰ হাফ-লকডাউন ফৰ্মূলা ব্যৰ্থ হোৱা বুলিও একাংশই অভিযোগ কৰিছে৷ দিনৰ ১২ বজা বা ১ বজালৈ খোলা ৰাখি বাকী সময়চোৱাত কাৰ্ফিউ বলৱৎ কৰাত বিগত এমাহে ক’ভিডৰো নিৰ্মূল নহ’ল আৰু নাগৰিকেও ভালকৈ কাম কৰিব নোৱাৰিলে বুলিহে চৰ্চা চলিছে৷ অৱশ্যে, সংক্ৰমণ কিছু হ্ৰাস পোৱাত ৰাজ্যৰ প্ৰশাসনিক তথা বাণিজ্যিক কাম-কাজৰ প্ৰাণকেন্দ্ৰ কামৰূপ মহানগৰ জিলাত অতিৰিক্ত এঘণ্টাৰ বাবে কাৰ্ফিউ শিথিল কৰা হৈছে৷ অৰ্থাৎ বুধবাৰৰে পৰা গুৱাহাটীত দিনৰ ১ বজাত দোকান-বজাৰ বন্ধ হ’ব আৰু দিনৰ ২ বজাৰ পৰা কাৰ্ফিউ বলৱৎ হ’ব৷ আনহাতে, বিগত ১০ দিনত ৪০০তকৈ কম সংক্ৰমণ হোৱা দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও আৰু চৰাইদেউ জিলাত বিয়লি ৫ বজালৈ কাৰ্ফিউ শিথিল কৰা হৈছে৷ অৱশ্যে কামৰূপ মহানগৰ জিলা আৰু সংক্ৰমণ বৃদ্ধি পোৱা নিৰ্দিষ্ট পাঁচখন জিলা লগতে দহদিনত ৪০০ সংক্ৰমণ হোৱা ৮ খন জিলাক বাদ দি বাকী জিলাসমূহত পূৰ্বৰ দৰে দিনৰ ১২ বজালৈ দোকান বজাৰ খোলা ৰখাৰ নিৰ্দেশনা বাহাল থাকিব৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, সামগ্ৰিক অৰ্থনীতিৰ লগতে দুখীয়া লোকসকলৰ স্বাৰ্থ জড়িত হৈ থকাত লকডাউনৰ পৰা বিৰত থকা কাৰ্য উত্তম বুলি ধৰিলেও, একাংশই আকৌ এনে শিথিলকৰণে সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগোৱা বুলি অভিযোগ কৰাও দেখা গৈছে৷ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে, অৰ্থনীতিৰ কথা চিন্তা কৰি যদিহে কাৰ্ফিউ সম্পূৰ্ণ শিথিল কৰি দিয়া হয়, তেনেহ’লে হঠাতে সংক্ৰমণ বৃদ্ধি পালে পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণলৈ আহিব৷ আনহাতে, সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহা পাঁচখন জিলাত যদিহে সময় থাকোঁতেই লকডাউন ঘোষণা কৰি সতৰ্কতা ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে এই জিলাকেইখনত পৰিস্থিতি অধিক অৱনতি যে নঘটিব তাৰ কোনে নিশ্চয়তা দিব বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ এনে প্ৰেক্ষাপটত চৰকাৰ তথা স্বাস্থ্য বিভাগ নিজেই বিবুধিত পৰা পৰিলক্ষিত হৈছে৷ তৎসত্ত্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লকডাউন নিদিয়াকৈ ক’ভিডক পৰাজিত কৰিবলৈ লোৱা সংকল্পৰ ওপৰতেই ৰাইজৰ শেষ ভৰষা হৈ পৰিছে৷ অৱশ্যে, কাৰ্ফিউ শিথিল কৰিলেও আন্তঃজিলা যাতায়াত বন্ধৰ নিৰ্দেশনা ২২ জুনলৈ বাহাল ৰখাত বিশেষকৈ চিকিৎসাজনিত কাৰণত যাতায়াত কৰিবলগীয়া লোকসকলৰ ব্যাপক সমস্যা হোৱাৰ অভিযোগ উঠিছে৷ ৰাজহুৱা পৰিবহণত ভৰষা কৰা গ্ৰামাঞ্চল্যৰ একাংশ দুখীয়া ৰুগীয়া লোক এতিয়া ভয়ংকৰ দুৰ্যোগৰ মাজত বিনা চিকিৎসাই যন্ত্ৰণাত চটফটাবলগীয়া পৰিস্থিতিৰ মুখামুখি হৈ আহিছে৷

হাফলঙত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন এছঅ’পি

ৰাজ্যত পুনৰ এসপ্তাহলৈ জাৰি হ’ল নতুন ক’ভিড এছঅ’পি৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে হাফলং আৱৰ্ত ভৱনত এখন সংবাদমেল সম্বোধন কৰি ১৬ জুনৰ পৰা ২২ জুনলৈ বলৱৎ হ’বলগীয়া ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা ঘোষণা কৰে৷ সংবাদ মেলত মন্ত্ৰী মহন্তই কয়– অসমৰ ক’ভিড পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে৷ তথাপিও পাচখন জিলাত কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈ আছে৷ মন্ত্ৰীজনে তিনিটা ভাগত নতুন নিৰ্দেশনা বিভক্ত কৰি কয় যে, কণ্টেইনমেণ্ট জ’নৰ ক্ষেত্ৰত নগৰাঞ্চলত ৫ শতাংশ বৃদ্ধি হ’লে আৰু গাঁও অঞ্চলত ১০ শতাংশ বৃদ্ধি হ’লে উপায়ুক্তই নিজেই সিদ্ধান্ত লৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিব পাৰিব আৰু কণ্টেইনমেণ্ট জ’নসমূহত সকলো ব্যৱস্থা উপলব্ধ কৰোৱা হ’ব৷ গুৱাহাটী মহানগৰত আজিৰ দিনত ৰাজ্যত ২.৫২ বিপৰীতে আজিৰ দিনত সংক্ৰমণৰ হাৰ হৈছে ১.৫ শতাংশ৷ সেয়ে গুৱাহাটী মহানগৰীত বুধবাৰৰ পৰা সান্ধ্য আইন ২ বজাৰ পৰা আৰম্ভ হ’ব৷  মহানগৰত সান্ধ্য আইনৰ সময় এঘণ্টা আৰু হ্ৰাস কৰা হৈছে৷ বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ মহানগৰত সান্ধ্য আইন বাহাল থাকিব৷ মহানগৰত বুধবাৰৰ পৰা দিনৰ ১ বজাত দোকান-পোহাৰ বন্ধ কৰিব লাগিব৷ আনহাতে, দক্ষিণ শালমৰা, মাজুলী, চিৰাং, পশ্চিম কাৰ্বি আংলং, ওদালগুৰি, বঙাইগাঁও ডিমা হাচাও আৰু চৰাইদেউ,  ৮খন জিলাত ক’ভিড সংক্ৰমণ যথেষ্ট হ্ৰাস পোৱাৰ বাবে সান্ধ্য আইনৰ সময় সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ নিৰ্ধাৰণ কৰা হৈছে৷ এই ৮খন জিলাত দোকান-পোহাৰ বিয়লি ৪ বজাত বন্ধ কৰিব লাগিব৷ ইপিনে, কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, আৰু নগাঁও জিলাত ক’ভিড সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাই থকাৰ ফলত ২১ জুন পৰ্যন্ত স্বাস্থ্য বিভাগৰ চোকা নজৰত থাকিব এই ৫খন জিলা৷ এই সময়ছোৱাত জিলা ৫খনত ভেকচিন প্ৰদান দ্ৰুত কৰি তোলাৰ লগতে ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ তৎস্বত্বেও যদি ক’ভিড সংক্ৰমণ হ্ৰাস নাপাই তেনেহ’লে সম্পূৰ্ণ লকডাউনৰ দৰে কঠোৰ ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰিব বুলি মন্ত্ৰী মহন্তই প্ৰকাশ কৰে৷ আনহাতে, বাকী জিলাকেইখনত পূৰ্বৰ দৰেই দুপৰীয়া ৰ বজাৰ পৰা সান্ধ্য আইন ব্যৱস্থা বাহাল থাকিব৷ আনহাতে, চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ যিসকল কৰ্মচাৰীয়ে ক’ভিডৰ ভেক্‌চিনৰ দুয়োটা ড’জ লৈছে, সেইসকল কৰ্মচাৰী কাৰ্যালয়লৈ আহিব লাগিব৷ গৰ্ভৱতী মহিলা, পাঁচ বছৰীয়া সন্তান থকা মহিলা আৰু বিশেষভাৱে সক্ষম কৰ্মচাৰীৰ ক্ষেত্ৰত এই নীতি দুটা ডজ ল’লেও প্ৰযোগ্য নহ’ব৷ ধৰ্মীয় অনুষ্ঠানসমূহ পূৰ্বৰ দৰেই নতুন নিৰ্দেশনা নহালৈকে বন্ধ থাকিব৷ ৰেষ্টুৰেণ্ট, হোটেল আদিৰ ক্ষেত্ৰত পূৰ্বৰ ব্যৱস্থা বাহাল থাকিব৷ ফাৰ্মাচী, চিকিৎসালয়ৰ ক্ষেত্ৰতো পূৰ্বৰ নীতি বাহাল থাকিব৷ আন্তঃজিলা যাতায়ত ২২ জুনৰ পুৱা ৫ বজালৈকে বন্ধ থাকিব৷ পৰৱৰ্তী এসপ্তাহলৈ অসম চৰকাৰে এই নিৰ্দেশনা ঘোষণা কৰিছে বুলি মন্ত্ৰী মহন্তই প্ৰকাশ কৰে৷