Logo
image

হিমন্তবিশ্ব চৰকাৰৰ প্ৰথম পৰীক্ষা

আমাৰ অসম, ১৭ জুনঃ অধিক অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ২০২১ চনৰ হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা চূড়ান্ত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ বুধবাৰে জনতা ভৱনত অনুষ্ঠিত কেবিনেটে বৰ্তমানৰ পৰিস্থিতিত হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সাধাৰণ পৰীক্ষাৰ পদ্ধতিৰে অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি পৰামৰ্শ দিয়াৰ পাছতে উক্ত পৰীক্ষা অধিক অনিশ্চয়তাৰ মাজত সোমাই পৰে৷ মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বিভ্ৰান্তকৰ পৰিস্থিতি অব্যাহত থকাৰ সময়ত বুধবাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে সিদ্ধান্ত লয় যে প্ৰচলিত ব্যৱস্থা অনুসৰি আগন্তুক হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়৷ ১৮ জুনত শিক্ষা বিভাগে সকলো পক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সংক্ৰান্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সদৰি কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়– ‘মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ শিক্ষাৰ্থী আছে ৪ লাখ ৪০ হাজাৰ৷ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষাৰ্থী হৈছে ২ লাখ ৫০ হাজাৰ৷ সৰ্বমুঠ ৭ লাখ পৰীক্ষাৰ্থী৷ এই পৰীক্ষাৰ্থীসকলৰ লগত যদি পৰীক্ষা কেন্দ্ৰলৈ আৰু এজনকৈ অভিভাৱক আহে তেন্তে এই সংখ্যা হ’ব ১৪ লাখ৷ ইয়াৰ লগত থাকিব শিক্ষক-শিক্ষয়িত্ৰী, পৰিদৰ্শক আৰু যাতায়াত ব্যৱস্থাৰ লগত জড়িত আন লোক৷ এইখিনি মিলি সমাগম হ’ব ২০ লাখ লোক৷ এনে সমাগমৰ অনুমতি দিব নোৱাৰে স্বাস্থ্য বিভাগে সেয়ে এই মুহূৰ্তত প্ৰচলিত পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে পৰিৱেশ আৰু অধিক শোচনীয় হোৱাৰ সম্ভাৱনা আছে৷ তেওঁ লগতে ৰাজ্যৰ ০১ পৰা ১৮ বছৰ বয়সলৈকে ১৪.৮ শতাংশ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰি যদিহে পৰীক্ষা অনুষ্ঠিত হয় তেন্তে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব বুলি কয়৷ অৱশ্যে পৰীক্ষা বাতিল কৰাৰ কোনো সিদ্ধান্ত আজিৰ কেবিনেটে লোৱা নাই বুলি উল্লেখ কৰি চৰকাৰে ছেবা আৰু সংসদৰ লগত আলোচনা কৰাৰ লগতে অহা ১৮ জুনত দল-সংগঠন, বিশিষ্ট ব্যক্তিৰ সৈতে এক আলোচনাত মিলিত হৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনায়৷ উল্লেখ্য, আজিৰ কেবিনেটত স্বাস্থ্য বিভাগে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিছিল আৰু স্বাস্থ্য বিভাগৰ এই প্ৰতিবেদন অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰাটো অসম্ভৱ৷ চি বি এছ ইৰ লগতে দেশৰ বিভিন্ন ৰাজ্যই নিজৰ নিজৰ ব’ৰ্ড পৰীক্ষা বাতিল কৰাৰ পিছতো ৰাজ্য চৰকাৰে বিকল্প ব্যৱস্থা নথকাৰ অজুহাত দেখুৱাই অহা ১৫ জুলাইৰ পৰা বিশ জুলাইৰ ভিতৰত মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল৷ ইফালে পৰীক্ষা বাতিল কৰিবলৈ অনুৰোধ জনাই মঙলবাৰে ৰাজ্যৰ ৪,৫০০ৰো অধিক শিক্ষাৰ্থীয়ে দেশৰ মুখ্য ন্যায়াধীশক এখন পত্ৰ লিখিছিল৷ কেবিনেটৰ পিছত শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয়– মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত স্বাস্থ্য বিভাগক অধ্যয়ন কৰিবলৈ দায়িত্ব দিয়া হৈছিল৷ স্বাস্থ্য বিভাগে কেবিনেটত যি প্ৰতিবেদন দাঙি ধৰিলে সেইমতে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি৷ কিন্তু এই সিদ্ধান্ত চূড়ান্ত নহয়৷ পৰীক্ষা সন্দৰ্ভত আছু, এবছু, সাহিত্য সভা আদি অংশীদাৰী অনুষ্ঠানৰ সৈতে আলোচনা কৰিম৷ ১৮ জুনত উক্ত অনুষ্ঠানসমূহৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হ’ব৷ উক্ত বৈঠকত লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত৷ পৰীক্ষা অনুষ্ঠিত নহ’লে পিছৰ পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰিবলগীয়া আছে৷ কিছু জিলাত ক’ভিড পৰিস্থিতি উন্নত হৈছে যদিও কিছুসংখ্যক জিলাত ক’ভিড পৰিস্থিতি অতি শোচনীয় হৈ আছে৷