
‘সংস্কাৰ’ৰ গইনা লৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ কাৰচাজি
আমাৰ অসম, ১৭ জুনঃ এমাহতে পাভলুটি মাৰিলে বিজেপিয়ে৷ ‘সংস্কাৰ’ৰ গইনা লৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ কৰচাজি কৰিছে চৰকাৰখনে৷– এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ৷ বুধবাৰে এখন সংবাদ মেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়– বিজেপিয়ে নিৰ্বাচনৰ সময়ত মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰি দিয়া হ’ব, ৩০ ইউনিটকৈ বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু লোকচানৰ সন্মুখীন হোৱা বুলি কৈ এতিয়া চৰকাৰখনে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ কাৰচাজি কৰিছে৷ ৩০ ইউনিটকৈ বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা চৰকাৰখনে এতিয়া কৈছে বিদ্যুৎখণ্ডত মাহেকত ৩০০ কোটি টকা লোকচান হৈছে৷ বহু মানুহে বিদ্যুৎ মাচুল নিয়মীয়াকৈ আদায় দিয়া নাই৷ এতিয়া বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিকল্প চৰকাৰৰ নাই৷ এনে কথাৰে চৰকাৰখনে ৰাইজৰ জনমতক বিশ্বাসঘাটকতা কৰিছে৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ মহিলাসকলে আৰু পৰিশোধ কৰিব নালাগে বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কেইবাখনো নিৰ্বাচনী সভাত ঘোষণা কৰিছিল৷ কিন্তু এতিয়া সহজ-সৰল মহিলাসকলক প্ৰৱঞ্চনা কৰি ঋণ ৰেহাইৰ ক্ষেত্ৰত এনে কেতবোৰ চৰ্ত আৰোপ কৰিছে যাতে মহিলাসকলে ঋণ পৰিশোধ কৰিবলৈ বাধ্য হয়৷ আজিৰ দিনত টিভি, ৰেফ্ৰিজৰেটৰ বিলাসী সামগ্ৰী হৈ থকা নাই৷ চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰখনে ইউটাৰ্ন মাৰিলে৷ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত প্ৰবঞ্চনা কৰিছে৷ চাহ শ্ৰমিকৰ মজুৰি দৈনিক ৩৫১ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে চাহ শ্ৰমিকক দিছে ২০৫ টকা মজুৰি৷ আমি দৈনিক ৩৬৫ টকা দিম বুলি কৈছিলোঁ৷ শ্ৰমিকসকলে ইয়াৰ ফলত ১৬০ টকাকৈ লোকচান ভৰিছে৷ বিজেপিক ভোট দিয়া বাবে এজন শ্ৰমিকে বছৰি প্ৰাপ্য ৫৭ হাজাৰ টকাৰ পৰা বঞ্চিত হৈছে৷
দলৰ শৃংখলা ভংগকাৰীসকলৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা