Logo
image

৩১ জুলাইত চিবিএছইৰ ফলাফল, ৰাজ্যই পৰীক্ষাৰ সিদ্ধান্তই ল’ব পৰা নাই

আমাৰ অসম, ১৮ জুনঃ ঘৰত মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থী থকা ৰাজ্যৰ লাখ লাখ অভিভাৱক উদ্বিগ্ন, অতীষ্ঠ৷ মানসিক চাপত থকা ছাত্ৰ-ছাত্ৰীসকলেও ভুগিছে দুঃচিন্তা-দুৰ্ভাৱনাত৷ অসহায় শিক্ষাগুৰু-শিক্ষানুৰাগী৷ জুলাই নে আগষ্ট, পজিটিভিটী এক শতাংশ নে দুই শতাংশ, বিষয় তিনিটা নে চাৰিটা, সংকুচিত বিষয়ত কম নম্বৰৰ পৰীক্ষা নে বস্তুনিষ্ঠ পৰীক্ষা, পৰীক্ষা হ’ব নে নহ’ব, যদি পৰীক্ষা নহয়, কি হ’ব বিকল্প মূল্যাংকণ ব্যৱস্থা– এনে এশ এবুৰি বিভ্ৰান্তি, খেলিমেলি আৰু চৰকাৰৰ বাল্যতাসুলভ ল’ৰা-ধেমালীত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক৷ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ কথাৰ মিল নাই৷ ইয়াৰ মাজতে ৰাজ্যিক কেবিনেটৰ বৈঠকে পৰীক্ষা অনুষ্ঠিত নকৰাৰ পক্ষে গ্ৰহণ কৰিছে সিদ্ধান্ত৷ অৱশ্যে চূড়ান্ত সিদ্ধান্ত ঠেলিলে শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ৷ লক্ষ্যণীয় যে মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা টুইট আৰু ৰাজ্যিক কেবিনেটৰ সম্পৰ্কীয় টুইটৰ মাজতো আছে পাৰ্থক্য, কনফিউজন৷ মুখ্যমন্ত্ৰীয়ে টুইটত উল্লেখ কৰিছে– ‘মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ১৮ জুনত শিক্ষা বিভাগে বিভিন্ন অংশীদাৰৰ লগত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷’ ইফালে, কেবিনেটৰ বৈঠক সম্পৰ্কীয় টুইটত তেওঁ লিখিছে– ‘বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযায়৷’ অৱশ্যে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এখন হাইভল্টেজ বৈঠক৷ এই বৈঠকতে কাইলৈ মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে৷ মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়াই বৃহস্পতিবাৰে এখন জাননী জাৰি কৰি কাইলৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা সম্পৰ্কীয় বৈঠকত কোনে কোনে অংশগ্ৰহণ কৰিব এই কথা স্থিৰ কৰি দিছে৷ সেই অনুসৰি শুকুৰবাৰৰ বৈঠকত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু প্ৰধান সচিব, সমাজকল্যাণ বিভাগৰ প্ৰধান সচিব, পৰিবহণ বিভাগৰ প্ৰধান সচিব, অসম সাহিত্য সভাৰ সভাপতি, বড়ো সাহিত্য সভাৰ সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি, মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী, চি বি এছ ইৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক, ছেবাৰ অধ্যক্ষ তথা বিষয়াবৰ্গ, উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ তথা বিষয়াবৰ্গ, কামৰূপ, কামৰূপ [মহানগৰ], নগাঁও, মৰিগাঁও জিলাৰ উপায়ুক্ত, মাধ্যমিক শিক্ষাৰ সঞ্চালক, বিভিন্ন জিলাৰ শিক্ষা বিষয়া তথা অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চকে ধৰি বিভিন্ন শিক্ষক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া এই হাইভল্টেজ বৈঠকৰ প্ৰাক্‌ক্ষণতো অব্যাহত আছে চৰম উৎকণ্ঠা– ‘পৰীক্ষা হ’বনে নহয় হ’লে কেতিয়া হ’ব, নহ’লে কি হ’ব৷’ ইয়াৰ মাজতে বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদ মেলত অনুষ্ঠিত কৰি চৰকাৰক পৰীক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে আছুৱে৷ আছুৱে অভিযোগ কৰে যে চৰকাৰৰ দোধোৰ-মোধোৰ স্থিতিয়ে শংকাত পেলাইছে ছাত্ৰ-ছাত্ৰীক৷ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাক কেন্দ্ৰ কৰি আজি পৰ্যন্ত অসম চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই৷ এনে দোধোৰ-মোধোৰ স্থিতিয়ে ছাত্ৰ-ছাত্ৰীক মানসিক চাপ আৰু উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিছে৷ পৰীক্ষা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাব পৰাকৈ শীঘ্ৰেই সিদ্ধান্ত ল’বলৈ চৰকাৰক দাবী জনাইছে আছুৱে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এনেদৰে কয়– ‘আছুৱে আৰম্ভণিৰ পৰাই দাবী জনাই আহিছোঁ যে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকি নহাকৈ পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগে৷ ছেবা, কাউন্সিল আৰু চৰকাৰৰ লগত হোৱা আলোচনাতো দেশৰ অন্যান্য বোৰ্ডৰ দৰে পৰীক্ষা নপতাকৈ মূল্যায়নৰ কিবা বিকল্প আছে নেকি ছাত্ৰ সন্থাই সেই সন্দৰ্ভত অধ্যয়নৰ পোষকতা কৰিছিলো৷ কিন্তু সেই সময়ত পৰীক্ষা অবিহনে মূল্যায়নৰ কোনো পদ্ধতিয়েই ছেবা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ ওচৰত নাই বুলি কোৱাত সংকুচিত বিষয়ৰে পৰীক্ষা পতাৰ কথা চলিছিল৷ এতিয়া পুনৰ স্বাস্থ্য বিভাগৰ পৰামৰ্শমতে পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাতাবৰণ সৃষ্টি হৈছে৷ পৰীক্ষা হ’ব, নহ’ব, কিদৰে হ’ব এই সন্দৰ্ভত সঘনাই হৈ থকা স্থিতিৰ পৰিৱৰ্তনে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাক মানসিক অশান্তি দিছে৷ তেওঁলোকে শংকাৰ মাজত দিন কটাইছে৷ চৰকাৰে আৰু পলম নকৰি সকলোৰে গ্ৰহণযোগ্য এটি সিদ্ধান্ত ঘোষণা কৰিব লাগে৷ পৰীক্ষা নপতাকৈ কিদৰে মূল্যায়ন কৰা হ’ব সেই সন্দৰ্ভত স্বচ্ছ আৰু স্পষ্ট নিৰ্দেশনাৱলী প্ৰকাশ কৰিব লাগে৷ তদুপৰি পূৰ্বতে পৰীক্ষাত বিফল হৈ পুনৰ পৰীক্ষাত বহা লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষা নপতাকৈ মূল্যায়নৰ কি ব্যৱস্থা কৰিব সেই সন্দৰ্ভতো চৰকাৰৰ স্পষ্ট নীতি থকাটো দৰকাৰ৷ এতিয়া ঘৰে ঘৰে গৈ প্ৰশ্নকাকত দিয়াৰ আৰ্হি এটাৰ কথাও চৰ্চালৈ আহিছে৷ এনে সোপাঢিলা পদ্ধতিৰে মেধাৰ মূল্যায়ন অসম্ভৱ৷ অসমৰ শিক্ষা বিভাগেও চি.বি.এচ.ই.ৰ দৰে পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়নৰ বিকল্প ব্যৱস্থাৰ সন্ধান কৰা হে উচিত৷’ উল্লেখ্য, মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ হোৱা বিভ্ৰান্তিয়ে কাৰ্যতঃ চৰম সীমা অতিক্ৰম কৰিছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ১-১৫ আগষ্টত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কৰা মন্তব্যৰ কেইঘণ্টামানৰ পাছতেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৫-২০ জুলাইতহে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি নতুন ঘোষণা দিছিল৷ শিক্ষামন্ত্ৰীয়ে ক’ভিড পজিটিভিটীৰ হাৰ ১ শতাংশ হ’লে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব বুলি কোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে পজিটিভিটীৰ হাৰ ২ শতাংশ বা তাৰ কম হ’লে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি প্ৰকাশ কৰিছে৷ শিক্ষামন্ত্ৰীয়ে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ছাত্ৰ সন্থা, এবছুৰ পৰামৰ্শ ল’বলৈ দায়িত্ব দিছিল ছেবা-সংসদক৷ পৰৱৰ্তী সময়ত ছাত্ৰ সন্থা-এবছুৰ পৰামৰ্শক কাৰ্যতঃ নস্যাৎ কৰি চাৰিটা বিষয়ত মেট্ৰিক আৰু তিনিটা বিষয়ত উচ্ছতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত কৰা হ’ল৷ আৰু শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ পৰামৰ্শ দিয়ে শিক্ষা বিভাগক৷ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত চূড়ান্ত কৰিবৰ বাবে ছাত্ৰ সন্থা, এবছু, অসম সাহিত্য সভাৰ সৈতে আলোচনা কৰিবলৈ কোৱা হ’ল শিক্ষা বিভাগক৷

৩১ জুলাইৰ ভিতৰত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

দ্বাদশ শ্ৰেণীৰ মূল্যায়ন সন্দৰ্ভত চি বি এছ ইয়ে বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰে৷ শীৰ্ষ আদালতখনক চি বি এছ ইয়ে জনোৱামতে দশম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল আৰু দ্বাদশ শ্ৰেণীৰ প্ৰি-ব’ৰ্ড বা মূল পৰীক্ষাৰ পূৰ্বৱৰ্তী পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতেই হ’ব মূল্যায়ণ৷ লগতে অহা ৩১ জুলাইৰ ভিতৰত ব’ৰ্ডে ফলাফল ঘোষণা কৰিব বুলি উচ্ছতম ন্যায়ালয়ক অৱগত কৰিছে৷ যোৱা ১৫ জুনত চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মূল্যায়ণৰ পদ্ধতি ঘোষণা কৰাৰ কথা আছিল৷ কিন্তু তাৰ দুদিন পিছত বৃহস্পতিবাৰে দেশৰ শীৰ্ষ আদালতখনত মূল্যায়ণ পদ্ধতি সন্দৰ্ভত ব’ৰ্ডে প্ৰতিবেদন দাখিল কৰে৷ উল্লেখ্য, কৰ’না পৰিস্থিতিৰ বাবে চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছিল চি বি এছ ইয়ে৷ এনে অৱস্থাত অন্য পদ্ধতিৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মূল্যায়ণৰ বাহিৰে ব’ৰ্ডৰ আন কোনো বিকল্প নাছিল৷ এনে অৱস্থাত মূল্যায়ণৰ পদ্ধতি কি হ’ব তাক লৈ হৈছিল বিভিন্ন চিন্তা-চৰ্চা৷ ইপিনে, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তত উচ্ছতম ন্যায়ালয় একমত হ’লেও ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ণৰ পদ্ধতি কি হ’ব সেয়া স্পষ্ট কৰিবলৈ চি বি এছ ইক দেশৰ শীৰ্ষ আদালতখনে নিৰ্দেশ দিয়ে৷ সেই অনুসৰি বৃহস্পতিবাৰে চি বি এছ ইয়ে আদালতত প্ৰতিবেদন দাখিল কৰে৷ প্ৰতিবেদনখনত চি বি এছ ইয়ে উল্লেখ কৰা মতে যি মূল্যায়ণ হ’ব তাৰ ৪০ শতাংশ নম্বৰ দিয়া হ’ব প্ৰি-ব’ৰ্ড পৰীক্ষাৰ ভিত্তিত৷ ইয়াত দ্বাদশ শ্ৰেণীৰ ইউনিট পৰীক্ষা, টাৰ্ম পৰীক্ষা আৰু প্ৰেক্টিকেল পৰীক্ষাত লাভ কৰা নম্বৰৰ গড় অন্তৰ্ভুক্ত হ’ব৷ তদুপৰি একাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত আটাইতকৈ বেছি নম্বৰ লাভ কৰা তিনিটা বিষয়ৰ ফলাফলৰ ভিত্তিত প্ৰদান কৰা হ’ব ৩০ শতাংশ নম্বৰ৷ দশম শ্ৰেণীৰ ক্ষেত্ৰতো সৰ্বাধিক নম্বৰ লাভ কৰা তিনিটা বিষয়ত প্ৰাপ্ত নম্বৰৰ ভিত্তিত ৩০ শতাংশ নম্বৰ দিয়া হ’ব৷ এই তিনিটা পৰীক্ষাৰ ফলাফল মিলাই প্ৰস্তুত কৰা হ’ব দ্বাদশ শ্ৰেণীৰ চূড়ান্ত ফলাফল৷

নিজৰ নম্বৰ বা গ্ৰেডেশ্বনক লৈ অসন্তুষ্ট হোৱা ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড পৰিস্থিতি স্বাভাৱিক হ’লে বা স্কুল কতৃৰ্পক্ষৰ নিৰ্ধাৰিত সময়ত স-শৰীৰে পৰীক্ষাত অৱতীৰ্ণ হৈ সেয়া শুধৰাই ল’ব পাৰিব৷