Logo
image

নগাঁও-কাছাৰ কাগজ কলৰ নিলাম বাতিল

আমাৰ অসম, ১৮ জুনঃ নগাঁও আৰু কাছাৰ কাগজ কল ১,১৩৯ কোটি টকাত ক্ৰয়ৰ বাবে নিলামত ভাগ ল’বলৈ আগবাঢ়ি নাহিল কোনো প্ৰতিষ্ঠান৷ নেশ্বনেল কোম্পানী ল’ ট্ৰিবিউনেলে নিয়োগ কৰা লিকুইডেটৰ কুলদীপ বাৰ্মাই জাৰি কৰা নিলামৰ নিৰ্দেশনা অনুসৰি ১৫ জুনৰ ভিতৰত কাগজ কল দুটা ক্ৰয়ৰ বাবে ইচ্ছুক প্ৰতিষ্ঠানে ইএমডি মূল্য ৫৫ কোটি টকা জমা দি নিবিদাত অংশ ল’ব লাগিছিল যদিও নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো প্ৰতিষ্ঠানেই আবেদন নজনালে৷ স্বাভাৱিকতেই এতিয়া লিকুইডেটৰে কাগজ কল দুটা এইবাৰ পানী দৰ নিৰ্ধাৰণ কৰি পুনৰবাৰ নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো কাগজ কল নিলামৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১২০০ কোটি টকা দি কাছাৰ আৰু নগাঁও কাগজ কল কোনে ক্ৰয় কৰিব বুলি ৰাজহুৱাভাৱে মন্তব্য কৰি ৬০০ মেট্ৰিকটন উৎপাদন ক্ষমতাসম্পন্ন কাগজকল দুটাৰ মূল্য নোহোৱা কৰা অভিযোগ উঠিছিল৷ তেনেস্থলত লিকুইডেটৰে এইবাৰ পানী দৰত কাগজ কল দুটা বিক্ৰী কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব৷ অৱশ্যে, কাগজ কল কৰ্মচাৰী ইউনিয়নৰ নেতা মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে নিলামত কোনো প্ৰতিষ্ঠান ভাগ নোলোৱাত অসম চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে সুযোগ লাভ কৰা বুলিহে প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত কৰ্মচাৰী সংগঠনৰ নেতাজনে কয়– ৰাজ্য চৰকাৰৰ সদিচ্ছা থাকিলে এতিয়া কেৰালা চৰকাৰৰ দৰে নিজাববীয়াকৈ উদ্যোগ লৈ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব পাৰিব৷ কিয়নো বিগত বৰ্ষত সোণোৱাল চৰকাৰে কল দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি ন্যায়ালয়ক শপতনামাযোগে প্ৰকাশ কৰিছিল৷ সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেই বিজেপি  চৰকাৰৰ সদিচ্ছাক বাস্তৱত কাৰ্যকৰী কৰক৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ দৰে কাগজকলৰ কৰ্মচাৰীসকলৰ প্ৰাপ্য দৰমহা-বকেয়া মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক৷ টকাৰ অভাৱত এতিয়ালৈ ৮৯ জন কৰ্মচাৰীৰ বিনা চিকিৎসাই তিল তিলকৈ মৃত্যু হৈছে৷ ৪ জনে আত্মহত্যা কৰিছে৷ এতিয়া বাকী থকা কৰ্মচাৰী সকলকো জীয়াই থাকিবলৈ দিয়ক মুখ্যমন্ত্ৰীয়ে৷ ইপিনে অসমৰ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ দাবীত বৃহস্পতিবাৰে আৰ টি আই কৰ্মী সন্থা, অসমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ আনহাতে, গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু হোৱা এটা গোচৰৰ শুনানিতো বৃহস্পতিবাৰে হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্বনে নিলামত কোনো প্ৰতিষ্ঠানে অংশ নোলোৱাৰ কথা স্বীকাৰ কৰিছিল৷