Logo
image

ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

◾ক’ভিড ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

◾ৰাজ্যত আৰম্ভ হ’ব 'বৰ্ধিত টীকাকৰণ অভিযান'।

◾সোমবাৰৰ পৰা দৈনিক তিনিলাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য।

◾শুকুৰবাৰে ৰাজ্যত ১ লাখ ১৬ হাজাৰ লোকক ভেকচিন প্ৰদান।

◾সোমবাৰৰ পৰা পৰ্যাপ্ত পৰিমাণে ক’ভিড ভেকচিন উপলব্ধ হ’ব ৰাজ্যত।

◾এমাহত প্ৰায় ৯০ লাখ লোকে লাভ কৰিব ক’ভিড ভেকচিন।

◾'বৰ্ধিত টীকাকৰণ অভিযান'ত ১৮ বছৰ উৰ্ধ্বৰ সকলোকে সামৰি লোৱা হ’ব।

◾সকলোকে ভেকচিন লবলৈ ওলাই অহাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ।

◾ভেকচিন দিয়া নাৰ্চসহ ব্যৱস্থাৰ লগত জড়িতসকলক বিশেষ সুবিধা।

◾দৈনিক ১০০ টকাকৈ যাতায়ত ভাৰ্তা প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

◾বহুলভাবে নিৰাপদে আৰম্ভ হ’ব এই 'বৰ্ধিত টীকাকৰণ অভিযান'।

◾প্ৰতিখন চাহ বাগিচাৰ চিকিৎসালয়ত থাকিব ভেকচিন চেণ্টাৰ।

◾প্ৰতিখন গাঁৱত হ’ব ভেকচিন চেণ্টাৰ, নগৰাঞ্চলত ৰাতি ৯ বজালৈকে ভেকচিনৰ সুবিধা।

◾নগৰ আৰু গ্ৰাম্যাঞ্চলত দুটা ছিফটত হ’ব এই টীকাকৰণ অভিযান।

◾অনলাইন পঞ্জীয়ন নকৰিলেও লাভ কৰিব ভেকচিন।

◾সকলো ভেকচিন কেন্দ্ৰতে পঞ্জীয়ন কৰাৰ সুবিধা থাকিব।

◾১ জুলাই পৰা ৰাজ্যত খোলাৰ হ’ব চৰকাৰী কাৰ্যালয়।

◾চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাবে ভেকচিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

◾প্ৰাইভেট প্ৰতিষ্ঠানসমূহো ১ জুলাই পৰা খোলাৰ পোষকতা চৰকাৰৰ।

◾১০০ শতাংশ কৰ্মচাৰীয়ে ভেকচিন ললে কাৰ্যালয় খোলাৰ অনুমতি দিব চৰকাৰে।

◾অভিভাৱক মন্ত্ৰ্ৰী আৰু সচিবসকলে আগন্তুক ৭ দিন থাকিব লাগিব নিৰ্ধাৰিত জিলাত।

◾'বৰ্ধিত টীকাকৰণ অভিযান'ৰ চোৱা-চিতা কৰিব আগন্তুক ৭ দিন।