
সভাপতি নে মন্ত্ৰী? দিল্লীত সৰ্বানন্দ
আমাৰ অসম, ১৯ জুনঃ কেন্দ্ৰীয় মন্ত্ৰী নে প্ৰদেশ বিজেপিৰ সভাপতি? এই দুটা পদবীৰ ভিতৰত কোনটো দায়িত্ব দিয়া হ’ব সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক? এই প্ৰশ্নই এতিয়া অসমৰ ৰাজনৈতিক মহলক জোকাৰি গৈছে৷ বিজেপিৰ এটা সূত্ৰই জনোৱা মতে, প্ৰদেশ বিজেপিৰ বৰ্তমানৰ সভাপতি ৰঞ্জিত দাস কেবিনেট মন্ত্ৰী হোৱাৰ সূত্ৰে তেওঁ সভাপতি পদ এৰিব লাগিব৷ মন্ত্ৰী হোৱাৰ পাছতে এই সন্দৰ্ভত
ৰঞ্জিত দাসক স্পষ্ট কৰি দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই৷ সেই সময়তে নড্ডাই তেওঁক কয় যে বিজেপিৰ সংবিধান মতে আৰু ছমাহলৈ তেওঁ প্ৰদেশ বিজেপিৰ সভাপতি হৈ থাকিব পাৰিব যদিও ছমাহৰ ভিতৰত সেই পদ এৰিব লাগিব৷ সেইসূত্ৰে সৰ্বানন্দ সোণোৱালক প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা সদৰী কৰিছে বিজেপিৰ নতুন দিল্লীস্থিত এটা সূত্ৰই৷ ইফালে, বিজেপিৰে আন এটা উচ্ছস্তৰীয় সূত্ৰৰ মতে নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱাল অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত হৈ পৰিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সৰ্বানন্দ সোণোৱালক বৃহস্পতিবাৰে ততাতৈয়াকৈ দিল্লীলৈ কেন্দ্ৰীয় নেতৃত্বই তলব কৰা কাৰ্যই ইয়াকে ইংগিত দিয়া বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে৷ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশৰ পাছতেই সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে দিনৰ ১২.৩০ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে দিল্লীলৈ ৰাওনা হয়৷ সন্ধিয়াকৈ সোণোৱালে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক দিল্লীত সাক্ষাৎ কৰা বুলিও জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে বৃহস্পতিবাৰে উত্তৰ-পূব ভ্ৰমণলৈ অহা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ৰাজভৱনত নৈশ আহাৰো গ্ৰহণ কৰিছিল সৰ্বানন্দ সোণোৱালে৷ ইয়াৰ পাছতেই কেন্দ্ৰীয় নেতৃত্বৰ জৰুৰী বাৰ্তা লাভ কৰিছিল সোণোৱালে৷ ২০২২ চনত গুজৰাট, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী মন্ত্ৰীসভাৰ সাল-সলনিৰ সিদ্ধান্ত লৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে আৰ এছ এছৰ নেতৃত্বই৷ অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে দ্বিতীয়বাৰলৈ ক্ষমতালৈ আহে যদিও শেষ মুহূৰ্তত কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিবলৈ বাধ্য হৈছিল সোণোৱালে৷ অৱশ্যে, হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসন এৰি দিয়াৰ পূৰ্বে সোণোৱালক দিল্লীলৈ তলব কৰি ৰাষ্ট্ৰীয় নেতৃত্বই মোদীৰ মন্ত্ৰীসভাত দ্বিতীয়বাৰলৈ তেওঁক স্থান দিব বুলিও আশ্বাস দিছিল৷ সেই আশ্বাস মৰ্মেই বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছত খালী হৈ থকা ৰাজ্যসভা আসনখনত সৰ্বানন্দ সোণোৱালক জয়ী কৰাই দিল্লীলৈ নিয়াৰ বাবে সাজু হৈছে কেন্দ্ৰীয় নেতৃত্বই৷ অৱশ্যে, সৰ্বানন্দ সোণোৱালক কি বিভাগৰ মন্ত্ৰিত্ব দিয়া হ’ব, সেয়া বৰ্তমানেও নিশ্চিত হোৱা নাই যদিও ইয়াক চূড়ান্ত কৰাৰ বাবেই দিল্লীলৈ জৰুৰী তলব কৰা বুলি জানিব পৰা গৈছে৷ বিজেপি সূত্ৰই প্ৰকাশ কৰা মতে প্ৰথমবাৰলৈ ৰদ-বদল হ’বলগীয়া নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত অসমৰ সৰ্বানন্দ সোণোৱালৰ উপৰি এবছৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়া, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল মোদী, উত্তৰ প্ৰদেশৰ বৰুণ গান্ধী আৰু অপনা পাৰ্টীৰ নেত্ৰী অনুপ্ৰিয়া পেটেল, পশ্চিমবংগৰ দীনেশ ত্ৰিবেদী, ৰাজস্থানৰ ভূপেন্দ্ৰ যাদৱ, ওড়িশাৰ প্ৰাক্তন আই এ এছ বিষয়া অশ্বিনী বৈষ্ণৱ, লগতে লাডাখৰ পৰাও এজন প্ৰতিনিধি অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱান আৰু সুৰেশ আংগাদিৰ মৃত্যু হোৱাত তেওঁলোকৰ মন্ত্ৰীৰ আসন খালী হৈ থকাৰ লগতে কেইবাজনো মন্ত্ৰীয়ে অতিৰিক্ত দপ্তৰৰ দায়িত্ব পালন কৰি আহিছে৷ ৰে’লমন্ত্ৰী পীয়ুষ গোৱেল আৰু কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰকে ধৰি কেইবাজনেও কেইবাটাও দপ্তৰৰ দায়িত্ব পালন কৰিব লগা হৈছে৷ পৰৱৰ্তী বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনক প্ৰাধান্য দি অচিৰেই মোদী মন্ত্ৰীসভাৰ সাল-সলনি কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় নেতৃত্ব৷