Logo
image

আজি গুৱাহাটী পাবহি স্পুটনিক

আমাৰ অসম, ১৯ জুনঃ যোৱা ১৪ মে’ত হায়দৰাবাদ ‘ছফ্‌ট লান্স’ হোৱা ৰাছিয়াৰ স্পুটনিক-৫ নামৰ ক’ভিডৰ প্ৰতিষেধক শনিবাৰে ৰাছিয়াৰ পৰা পোনপটীয়াকৈ অসমলৈ আহিব৷ এখন বিশেষ বিমানেৰে স্পুটনিক-৫ প্ৰতিষেধক কঢ়িয়াই আনিবলগীয়া বিমানখনে সন্ধিয়া গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিব৷ এটা উচ্ছস্তৰীয় সূত্ৰই এই তথ্য জনাইছে৷ সম্প্ৰতি ৰাজ্যখনত প্ৰতিষেধকৰ চৰম নাটনি ঘটিছে৷ এনে নাটনিৰ বাবে ইতিপূৰ্বে ক’ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা অসমত বন্ধ হৈ আছে আৰু সম্প্ৰতি দ্বিতীয় পালি প্ৰতিষেধকৰ বাবে অনেকেই হাহাকাৰ কৰিবলগীয়া হৈছে৷ এনে পৰিস্থিতিত অসমলৈ ৰাছিয়াৰ প্ৰতিষেধক স্পুটনিক-৫ বিশেষভাৱে অনাটো ৰাজ্যবাসীৰ বাবে আশাৰ বতৰা হিচাপে পৰিগণিত হৈছে৷ উল্লেখ্য, দেশত ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন– ক’ভিডৰ টিকাকৰণত ব্যৱহাৰ কৰি থকাৰ পাছত কেন্দ্ৰীয় চৰকাৰে তৃতীয়বিধ প্ৰতিষেধক হিচাপে স্পুটনিক-৫ আৰু চতুৰ্থবিধ প্ৰতিষেধক ন’ভাভক্স ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে৷ সোমবাৰৰ পৰা অসমত স্পুটনিক-৫ টিকাকৰণৰ ক্ষেত্ৰত ব্যৱহৃত হোৱাৰ সম্ভাৱনা আছে৷

শনিবাৰে দেশৰ মুঠতে ৯ খন চহৰত স্পুটনিক-৫ প্ৰতিষেধক প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব৷ দিল্লীৰ উপৰি বিশাখাপট্টনম, বেংগালুৰু, মুম্বাই, কলকাতা, বাড্ডি, চেন্নাই, মিৰয়াক্মাগুড়া আৰু কোলহাপুৰত শনিবাৰে স্পুটনিক-৫ প্ৰদান কৰা হ’ব৷ সেই প্ৰতিষেধক ডাঃ ৰেড্ডীজ লেবৰেটৰীজে যোগান ধৰিছে৷