Logo
image

বগা সাৰৰ ক’লা বেপাৰ

আমাৰ অসম, ১৯ জুনঃ বগা সাৰৰ ক’লা ব্যৱসায় বন্ধ কৰিবৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কৃষি বিভাগে৷ একাংশ সাৰ ব্যৱসায়ীয়ে ইউৰিয়াকে ধৰি ৰাসায়নিক সাৰৰ কৃত্ৰিম নাটনি দেখুৱাই কৃষকৰ পৰা অত্যধিক মূল্য লৈ থকা বুলি উত্থাপিত অভিযোগক গুৰুত্ব দি সাৰৰ ক’লা বেহা ৰোধ কৰাৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক অভিযান৷ ৮ জুনৰ পৰা জিলা প্ৰশাসন আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে যৌথভাৱে সংশ্লিষ্ট জিলাসমূহৰ ৰাসায়নিক সাৰৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতাসকলৰ বিক্ৰী কেন্দ্ৰসমূহত এই অভিযান আৰম্ভ কৰিছে৷ অভিযানৰ ফল হিচাপে যোৱা জ্ঝটা দিনত ৰাসায়নিক সাৰ নিয়ন্ত্ৰণ আদেশ-১৯৮৫ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন-১৯৫৬ ভংগৰ অভিযোগত ৰাজ্যখনৰ ৩০টা খুচুৰা আৰু ৯টা পাইকাৰী সাৰ ব্যৱসায় প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে৷ অভিযানকাৰী দলসমূহে সাৰ বিক্ৰী কৰা সময়তে প’চ [Point of Sale] মেচিন ব্যৱহাৰ নকৰা, সাৰৰ মজুতকৰণৰ বিপৰীতে বিক্ৰীৰ পৰিমাণৰ ব্যাপক অমিল, বিক্ৰীৰ সময়ত কৃষকক উপযুক্ত ৰচিদ নিদিয়া আদি বিভিন্ন কাৰণত বৃহস্পতিবাৰলৈকে ৰাজ্যৰ ৩টা খুচুৰা আৰু এটা পাইকাৰী সাৰ বিক্ৰী প্ৰতিষ্ঠানৰ অনুজ্ঞা-পত্ৰ বাতিল কৰাৰ লগতে ১৬টা খুচুৰা আৰু এটা পাইকাৰী প্ৰতিষ্ঠানৰ বিক্ৰী কেন্দ্ৰ ছীল কৰিছে৷ উল্লেখ্য, ছীল কৰা এই ১৬টা খুচুৰা বিক্ৰী কেন্দ্ৰ বৰপেটা জিলাৰ৷ আইন অনুসৰি ৰাসায়নিক সাৰ বিক্ৰীৰ সময়ত প’চ মেচিন ব্যৱহাৰ কৰা আৰু এই যন্ত্ৰৰ পৰা ওলোৱা ৰচিদ কৃষক বা ক্ৰেতাক দিয়াটো বাধ্যতামূলক৷ খুচুৰা বা পাইকাৰী সাৰ বিক্ৰেতাৰ হাতত মজুত থকা সাৰৰ পৰিমাণ প’চ মেচিনে দেখুওৱা সাৰৰ পৰিমাণৰ সৈতে মিল থকাৰ লগতে পাইকাৰী সাৰ বিক্ৰেতাসকলে সাৰ ব্যৱসায়ৰ প্ৰতিটো পৰ্যায়ৰ লেনদেন কেন্দ্ৰীয় চৰকাৰৰ আই এফ এম এছ প’ৰ্টেলযোগে কৰাটো বাধ্যতামূলক৷ কিন্তু বেছিভাগ ক্ষেত্ৰতে সাৰ ব্যৱসায়ীসকলে সাৰ বিক্ৰীৰ সমগ্ৰ প্ৰক্ৰিয়াৰ নীতি-নিয়ম নমনাৰ লগতে কৃষকক অত্যধিক মূল্যত ইউৰিয়া সাৰ বিক্ৰী কৰাৰ অভিযোগ লাভ কৰাৰ লগে লগে বিষয় সম্পৰ্কে কৃষিমন্ত্ৰী অতুল বৰা তৎপৰ হৈ উঠে আৰু কোনো অসাধু সাৰ ব্যৱসায়ী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা ল’বলৈ জিলা প্ৰশাসন আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ক প্ৰয়োজনীয় নিৰ্দেশ দিবলৈ কৃষি সচিব তথা কৃষি সঞ্চালক বিনোদ চেছানক নিৰ্দেশ দিয়ে৷ উল্লেখ্য, বিগত বৰ্ষত অসমত প্ৰায় ৩.৫৫ লাখ মেট্ৰিকটন ইউৰিয়া, ৭১ হাজাৰ মেট্ৰিকটন ডি এ পি, ৭৫ হাজাৰ মেট্ৰিকটন এম অ’ পি আৰু প্ৰায় ১ লাখ মেট্ৰিকটন একক ছুপাৰ ফছফেট সাৰ ব্যৱহাৰ হৈছিল৷